Logo
image

দলৰ নেতাৰ বিৰুদ্ধে অংকিতাৰ গোচৰ সহায়ৰ ইংগিত বিজেপিৰ

আমাৰ অসম,২০ এপ্ৰিলঃ  প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ মাজত অব্যাহত থকা ৰাজনৈতিক যুঁজে বুধবাৰে নিশা এক নতুন দিশত গতি লাভ কৰিলে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনাকো উলংঘা কৰি বুধবাৰে নিশা শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দাখিল কৰে অংকিতা দত্তই৷ গৃহ বিভাগৰো দায়িত্বত থকা      মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দুপৰীয়া ঘোষণা কৰিছিল যে যেতিয়া বিষয়টো মোৰ ওচৰলৈ আহিব তেতিয়া মই চাম৷ মুখ্যমন্ত্ৰীৰ এই স্পষ্ট ঘোষণাৰ পাছতে অংকিতা দত্তৰ গোচৰ ৰুজুৰ ঘটনাই ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য, অংকিতা দত্তই আক্ৰমণৰ লক্ষ্য কৰি লোৱা শ্ৰীনিবাস মূলতঃ কৰ্ণাটকৰ বাসিন্দা৷ কৰ্ণাটক কংগ্ৰেছৰ যথেষ্ট জনপ্ৰিয় আৰু প্ৰভাৱশালী নেতা হিচাপে পৰিচিত শ্ৰীনিবাস৷ এজন ক্ৰিকেট খেলুৱৈ হিচাপে সুনাম থকা শ্ৰীনিবাসে ক’ভিডকালিন সময়ত নতুন দিল্লীত আৰ্তজনৰ প্ৰতি আগবঢ়োৱা সহায় সকলোৰে দৃষ্টি আকৰ্ষণকৰিছিল৷ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰব্ৰজিত শ্ৰমিকৰ কাৰণে বিশেষভাৱে সহায়ৰ হাত আগবঢ়াইছিল শ্ৰীনিবাসে৷ ঔষধ আৰু অক্সিজেন যোগানৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাইছিল কংগ্ৰেছ নেতাজনে৷ ক’ভিডকালত আৰ্তজনৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে দিল্লী আৰক্ষীৰ জেৰাৰো সন্মুখীন হৈছিল শ্ৰীনিবাস৷ এতিয়া সন্মুখত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন৷ ৰাজ্যখনত অভাৱনীয় বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে বিজেপি দল৷ আনহাতে, এই নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা দলৰ ষ্টাৰ কেম্পেইনাৰ৷ ইতিমধ্যে তেওঁ বহুবাৰ কৰ্ণাটক ভ্ৰমণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ যাৰ পৰিপ্ৰেক্ষিতত অংকিতা দত্ত আৰু শ্ৰীনিবাসৰ মাজৰ যুঁজখন বিজেপিৰ বাবে হৈ পৰিছে ট্ৰাম্প কাৰ্ড৷ এই যুজৰ ৰাজনৈতিকভাৱে সুবিধা ল’বলৈ উঠিপৰি লাগিছে বিজেপি দল৷ আনহাতে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই দলৰ হাইকামাণ্ডৰ বিৰুদ্ধে ঘোষণা কৰা বিসম্বাদ আৰু বিদ্ৰোহে জোকাৰি গৈছে ৰাজীৱ ভৱন৷ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে একাধিক টুইট কৰিছিল অংকিতা দত্তই৷ নিজৰ টুইটত শ্ৰীনিবাসৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰে অংকিতা দত্তই৷ ইয়াৰ পাছতে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ আইনী কোষৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰূপেশ সিং ভাদুৰীয়াই অংকিতা দত্তলৈ আইনী জাননী প্ৰেৰণ কৰে৷ জাননীখনত কোৱা হয়– শ্ৰীনিবাসৰ বিৰুদ্ধে অংকিতা দত্তই অসাংবিধানিক, মৰ্যাদাহানিকৰ, সন্মানহানিকৰ আৰু বিদ্বেষপৰায়ণ শব্দ ব্যৱহাৰ কৰি ধাৰাবাহিক টুইট কৰিছে৷ মৰ্যাদাহানিৰ বাবে অংকিতা দত্তক সামাজিক মাধ্যমক শ্ৰীনিবাসৰ ওচৰত ক্ষমা বিচাৰিবলৈও কোৱা হয়৷ আইনী জাননীখনত অভিযোগ কৰা হয় যে অংকিতা দত্তৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সঘন যোগাযোগ আছে৷ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে অংকিতা দত্তই এটা পৰিৱেশৰ সৃষ্টি কৰি থকা বুলিও জাননীখনত অভিযোগ কৰা হয়৷ অংকিতা দত্তৰ বিৰুদ্ধে থকা সাৰদা চিট ফাণ্ড গোচৰৰ পৰা মুক্তি পাবলৈয়ে তেখেত বিজেপিমুখী হোৱা বুলি জাননীখনত কোৱা হয়৷ অংকিতা দত্তৰ ধাৰাবাহিক টুইট আৰু শ্ৰীনিবাসৰ আইনী জাননী প্ৰেৰণৰ মাজতে সোমবাৰে নিশা অংকিতা দত্তক তলৱ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ অংকিতা দত্তৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয়৷ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– অংকিতা দত্তৰ অলপ খং আছে৷ বয়স হিচাপেও কেতিয়াবা খং উঠে৷ অংকিতা যুৱ নেত্ৰী৷ তেখেত বংশগতভাৱে কংগ্ৰেছী৷ তেখেতে খঙত কিবা এটা কৈছে৷ তেখেতক মই বুজাইছোঁ৷ লগতে এটা নিৰ্দেশো দিছো দলৰ সভাপতি হিচাপে৷ বয়সৰ কাৰণে কিছুমান কথা বেলেগ হয়৷ মই বয়সত ডাঙৰ৷ অংকিতাৰ নেতা৷ গতিকে ময়ো তেখেতক টানকৈ ক’ব পাৰোঁ৷ তেতিয়া তেখেতে ভাবিব পাৰে যে ময়ো তেখেতক নিৰ্যাতন চলাইছোঁ৷ সেইখিনি কথাক লৈ ৰৌজাল-বৌজাল হ’ব নালাগে৷ ইমানতে বিষয়টো শাম কাটিব লাগে৷ সময়, বয়স, অভিজ্ঞতা, আচৰণ আদি বহু কথা আছে৷ অংকিতা দত্ত যুঁজাৰু৷ আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– অংকিতা দত্ত যথেষ্ট সৰু ছোৱালী৷ কিন্তু শিক্ষা-দীক্ষা আৰু ৰাজনৈতিক দিশত তেখেত যথেষ্ট পৰিপক্ক৷ এনে বিতৰ্কৰ মাজতে নিজৰ স্থিতি সন্দৰ্ভত অংকিতা দত্তই সংবাদ মাধ্যমৰ আগত কয়– এগৰাকী মহিলাৰ ওচৰত চলোৱা অত্যাচাৰৰ ওপৰত মই তদন্ত বিচাৰিছিলোঁ৷ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিকো মই শীঘ্ৰে আইনী জাননী প্ৰেৰণ কৰিম৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত মই বিশেষভাৱে কথাখিনি পাতিলোঁ৷ তেওঁক সবিশেষ জনালোঁ৷ প্ৰায় ৬ মাহ ধৰি মোক শ্ৰীনিবাসে মানসিক নিৰ্যাতন চলাই আছে৷ মই এ আই চি চিৰ নেতৃত্বক কৈছিলোঁ কথাটো৷’ অংকিতা দত্তই নিজৰ দলৰে নেতৃত্বৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰাৰ পাছতে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিজেপি দলে৷ বিজেপি দলৰ অধিকাংশ নেতাই অংকিতা দত্তৰ মুকলি সমৰ্থনত নামি পৰিছে৷ সামাজিক মাধ্যমত অংকিতা দত্তক সমৰ্থন কৰি বিভিন্ন ধৰণৰ মন্তব্য দি আছে বিজেপিৰ নেতাসকলে৷ সহায়ৰো প্ৰতিশ্ৰুতি দিছে অংকিতাক৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়– অসমীয়া জীয়ৰী এগৰাকীৰ পৰা অভিযোগ আহিছে৷ কিন্তু অভিযোগটো তেওঁলোকৰ দলৰ ভিতৰচ’ৰাত আছে৷ তেখেতে অভিযোগ ৰাহুল গান্ধীক দিছে৷ মোক দিয়া নাই৷ মই কিবা কৰিলে ক’ব যে আমাৰ দলৰ ভিতৰত কিয় সোমালে৷ যেতিয়ালৈকে তেখেতে আমাক অভিযোগ নিদিয়ে আমি তাত সোমাব নোৱাৰোঁ৷ কংগ্ৰেছৰ সভাপতি বা শীৰ্ষ নেতৃত্বই বিষয়টোত হস্তক্ষেপ কৰিছে৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই নিশ্চিয় অসমীয়া জীয়ৰী এগৰাকীৰ সন্মান ৰক্ষা কৰিব৷ যেতিয়া বিষয়টো মোৰ ওচৰলৈ আহিব তেতিয়া মই চাম৷ এইটো যিহেতু কংগ্ৰেছৰ আভ্যন্তৰীন বিষয় সেয়ে মই মতামত দিব বিচৰা নাই৷ আনহাতে, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– অংকিতা দত্ত এগৰাকী নাৰী৷ অসমীয়া জীয়ৰী৷ যি ৰাজনৈতিক আদৰ্শৰে নহওঁক কিয় তেখেতৰ প্ৰতি অপমান আৰু অত্যাচাৰ অক্ষমণীয়৷ অংকিতা দত্ত সন্দৰ্ভত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থৰ মন্তব্য– অংকিতা সৰু ছোৱালী৷ ৰাজনৈতিকভাৱে পৰিপক্ক হোৱা নাই৷ ব্যক্তিগত লাভালাভৰ কাৰণে, নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে, বা নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে যদি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে তেন্তে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বিষয়টো চাব লাগে৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অসম তৃণমূলৰ সভাপতি ৰিপুণ বৰাৰ মতে বিসম্বাদৰ কাৰণে কংগ্ৰেছৰ বিপৰ্যয় হৈছে৷ ফলত ৰাইজৰ আস্থা হেৰুৱাই পেলাইছে৷ বিসম্বাদ কংগ্ৰেছৰ এটা পুৰণি সংস্কৃতি৷ সেয়ে ৪০ বছৰ নিষ্ঠাৰে দলৰ কাম কৰাৰ পাছতো মই কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হ’লোঁ৷