Logo
image

দলগাঁৱত ডাম্পাৰ-ট্ৰেক্টৰৰ দৌৰাত্ম্যঃ দুদিনত প্ৰাণ কাঢ়িলে দুজনৰ

ডিজিটেল সংবাদ, খাৰুপেটীয়াঃ ঈদৰ প্ৰাকক্ষণত বিগত দুদিনত দলগাঁৱত শিল-বালি কঢ়িওৱা ডাম্পাৰে দুজনকৈ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিয়ে। ডাম্পাৰৰ এনে দৌৰাত্ম্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে খাৰুপেটীয়া পৰিদৰ্শন বাংলোত এক সংবাদ মেলৰ আয়োজন কৰে আমছুৰ দৰং জিলা সমিতিয়ে। সংবাদ মেলত আমছুৱে দৰং জিলাৰ দলগাঁৱত শিল-বালি কঢ়িওৱা ডাম্পাৰে দুদিনত দুজনকৈ লোকৰৰ প্ৰাণ কাঢ়ি নিয়া সন্দৰ্ভত গভীৰ ‌উদ্বেগ প্রকাশ কৰে। জনসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত অনিয়ন্ত্ৰিত শিল-বালি কঢ়িওৱা গাড়ী, ট্রেক্টৰ, ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে জিলা প্ৰশাসনক দাবী জনায় আমছুৱে ।