Logo
image

নলবাৰীৰ বৰবৰী চ'কত অগ্নিকাণ্ডঃ কেইবাখনো বাহন ভস্মীভূত

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ বৰবৰী চ'কত বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা অগ্নিকাণ্ডত এটা স্কুটাৰ গেৰেজ সম্পূৰ্ণৰূপে জাহ যায়৷ উল্লেখ্য যে পুৱাই বৰবৰী চ'কৰ গণেশ স্কুটাৰ হাউছ নামৰ এটা গেৰেজত হঠাতেই দাউ-দাউকৈ জুই জ্বলি উঠে। অগ্নিকাণ্ডত গেৰেজটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে মেৰামতিৰ বাবে থকা সাতখনকৈ বাইক ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কিছু সময়ৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ক্ষয়-ক্ষতিৰ পৰিমাণ ছয় লক্ষাধিক হ'ব বুলি অনুমান কৰা হৈছে। এই অগ্নিকাণ্ডৰ পৰা বৰবৰী চ'কৰ প্ৰায় ত্ৰিশখন দোকান সৌভাগ্যক্ৰমে ৰক্ষা পৰে। উল্লেখ্য নিশা ধুমুহা-শিলাবৃষ্টিৰ বাবে বিদ্যুৎ যোগান বন্ধ হৈ আছিল।কিন্তু পুৱা বিদ্যুৎ পুনৰ সংযোগ হোৱাৰ পিছতেই গেৰেজটোত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শ্বৰ্ট-চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।