Logo
image

বিবাদ শেষ? দিল্লীত অসম-অৰুণাচলৰ চুক্তি

আমাৰ অসম, ২১ এপ্ৰিলঃ যুগ যুগ ধৰি অসম আৰু অৰুণাচলৰ মাজত বিৰাজমান সীমাবিবাদৰ সম্পূৰ্ণৰূপে অন্ত পৰিল৷ ইয়াৰ বাবে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিলে এক ‘ঐতিহাসিক’ বুজাবুজি চুক্তি৷ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ জৰিয়তে ৮০৪কিলোমিটাৰব্যাপী দুই ৰাজ্যৰ মাজত থকা সীমাবিবাদৰ নিষ্পত্তি হোৱা বুলি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই দাবী কৰিছে৷ আনহাতে, চুক্তি স্বাক্ষৰকাৰী অনুষ্ঠানত প্ৰদান কৰা নিজৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ দিনটো অসম আৰু অৰুণাচলৰ বাবে ৰঙা আখৰেৰে লিখা থাকিব বুলি মন্তব্য কৰে৷ দুয়ো ৰাজ্যই সৌহাৰ্দ্যপূৰ্ণভাৱে যিদৰে সীমাবিবাদৰ নিষ্পত্তি কৰিবলৈ সক্ষম হ’ল সেয়া এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দুয়ো ৰাজ্যৰ মাজত হোৱা আজিৰ এই চুক্তিৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তি কঢ়িয়াই অনাৰ লগতে অঞ্চলটোৰ সাৰ্বিক উন্নয়নৰ বাটো প্ৰশস্ত কৰিব৷ শ্বাহে কয় যে স্বাধীনতাৰ ৭৫ বছৰ উদ্‌যাপনৰ কালছোৱাত সমগ্ৰ অসম-অৰুণাচল সীমান্তৰ মুঠ ১২৩খন বিবদমান গাঁৱৰ নিষ্পত্তি এক তাৎপৰ্যপূৰ্ণ বিষয়৷ 

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাক্ষৰিত বুজাবুজি চুক্তিখনক ঐতিহাসিক আখ্যা দি কয় যে এই চুক্তিয়ে দুয়ো ৰাজ্যৰ মাজত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব৷ তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ লগতে কেইবালানি আলোচনাৰ পাছত এই চুক্তি সম্ভৱপৰ হৈছে৷ তদুপৰি, বিবদমান এলেকাসমূহ পৰিদৰ্শনৰ বাবে এজনকৈ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত গঠন কৰা ১২টা আঞ্চলিক কমিটীকো ধন্যবাদ দিব লাগিব৷ কাৰণ দুই ৰাজ্যৰ মাজত যিমান বিবাদ আছিল এই চুক্তিৰ জৰিয়তে সকলো বিবাদৰ নিষ্পত্তি ঘটিল৷ পিছে দুই-এখন বিবদমান গাঁৱৰ সীমান্ত সু-নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰাৰ কাম আগন্তুক ছমাহৰ ভিতৰত ছাৰ্ভে অৱ ইণ্ডিয়াই সম্পন্ন কৰিব৷ আনহাতে, সীমাবিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা মান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে প্ৰথমতে আমি জনগোষ্ঠীয় লোকসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ৷ কোন গাঁৱত কোনখন ৰাজ্যৰ জনগোষ্ঠীয় লোকৰ সংখ্যা বেছি আছে৷ যিখন গাঁৱত যিখন ৰাজ্যৰ জনগোষ্ঠীয় লোকৰ সংখ্যা বেছি সেইখন গাঁও সেইখন ৰাজ্যক সমৰ্পণ কৰা হৈছে৷ দ্বিতীয়তে দেখা হৈছে এটা সুনিৰ্দিষ্ট বিবদমান গাঁৱৰ পৰা দুয়ো ৰাজ্যত থকা কোনখন জিলাৰ সদৰ কাৰ্যালয় নিকটত অৱস্থান কৰিছে৷ মুখ্যমন্ত্ৰীৰ ভাষাত— এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্সৰ লগতে এথনিক কনভেনিয়েন্সৰ কথা ভাবি চোৱা হৈছে৷ মানুহে কি বিচাৰে, মানুহৰ কি ইচ্ছা তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ তাৰ বাবে একাধিক ৰাজহুৱা শুনানীও গ্ৰহণ কৰা হৈছে৷ সম্পূৰ্ণ গণতান্ত্ৰিক উপায়েৰে দুয়ো ৰাজ্যৰ মাজত সীমাবিবাদৰ নিষ্পত্তি ঘটা বুলি মুখ্যমন্ত্ৰীয়ে মত ব্যক্ত কৰে৷ 

ড॰ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, চুক্তি স্বাক্ষৰ কৰাৰ আগতে অসম চৰকাৰৰ তৰফত অৰুণাচল চৰকাৰক এটা বিশেষ আবেদন জনোৱা হৈছিল৷ সেয়া হৈছে যোৰহাট চহৰত অৰুণাচল চৰকাৰৰ কিছু মাটি আছে৷ অসম চৰকাৰে অনুৰোধ জনাইছিল যে যোৰহাট চহৰৰ উক্ত মাটিখিনি অসমক এৰি দিয়া হওক৷ অৰুণাচল চৰকাৰে অসম চৰকাৰৰ এই আবেদনক সঁহাৰি জনাই মাটিখিনি অসমক এৰি দিয়া বুলি মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে৷ আনহাতে, নাগালেণ্ড চৰকাৰৰ সৈতেও দুয়ো ৰাজ্যৰ মাজত থকা সীমাবিবাদক লৈ আলোচনা হ’ব বুলি প্ৰকাশ কৰি ড॰ শৰ্মাই কয় যে, অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত তৈল আহৰণৰ কাম এতিয়া বন্ধ হৈ আছে৷ প্ৰথমতে দুয়ো ৰাজ্যৰ মাজত বুজাবুজিৰে বিবদমান এলেকাত তৈল আহৰণৰ কাম পুনৰ আৰম্ভ কৰিব লাগিব আৰু তাৰ পাছত ৰাজনৈতিক পৰ্যায়ত সীমাবিবাদ নিষ্পত্তিৰ বিষয়টো আগবঢ়াই নিয়া হ’ব৷ তদুপৰি, অসম-নাগালেণ্ড সীমাবিবাদৰ বিষয়টো উচ্ছতম ন্যায়ালয়তো বিবেচনাধীন হৈ থকা বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে৷ মিজোৰামৰ লগতো সীমাবিবাদৰ নিষ্পত্তিৰ বাবে কিছু আলোচনা আগবঢ়া বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম-মেঘালয়ৰ মাজত এতিয়াও ৪০ শতাংশ সীমাবিবাদ নিষ্পত্তিৰ কাম বাকী আছে৷ আগন্তুক দুই-তিনিমাহৰ ভিতৰত এই নিষ্পত্তিৰ কাম সম্পন্ন কৰা হ’ব বুলি ড॰ শৰ্মাই প্ৰকাশ কৰে৷ তেওঁ কয় যে কংগ্ৰেছৰ দিনতো সীমাবিবাদ নিষ্পত্তিৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা হোৱা নাছিল৷ কেৱল ষ্টেটাছ কিউ বৰ্তাই ৰখাৰ কথা কোৱা হৈছিল৷ কোনোধৰণৰ প্ৰয়াসে কৰা হোৱা নাছিল৷ পিছে মই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে যেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিলোঁ সিদিনাই তেওঁ মোক জনাইছিল যে সীমাবিবাদৰ নিষ্পত্তি হ’ব লাগে৷ কাৰণ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃতকালৰ সময়ত ৰাজ্য ৰাজ্যৰ মাজত কাজিয়া ভাল নেদেখুৱায়৷ সিদিনাৰ পৰাই সীমাবিবাদৰ নিষ্পত্তিৰ বাবে মই লাগি পৰিছিলোঁ বুলি মুখ্যমন্ত্ৰীজনে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে অৱশেষত আজি লক্ষ্যত উপনীত হ’ব পৰিলোঁ৷ 

ইপিনে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও আজিৰ চুক্তিখনক অতি গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক আখ্যা দি কয় যে এই চুক্তিৰ জৰিয়তে দুয়ো ৰাজ্যত শান্তি উভতি অহাৰ লগতে উন্নয়নমূলক খণ্ডতো সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব৷ উল্লেখ্য, ৮০৪ কিলোমিটাৰ সীমান্তব্যাপী দুই ৰাজ্যৰ মাজত ১২৩খন বিবদমান গাঁও আছিল৷ যোৱা বছৰ জুলাই মাহত দুয়ো ৰাজ্যৰ মাজত স্বাক্ষৰিত ‘নামছাই’ ঘোষণা-পত্ৰত বিবদমান গাঁৱৰ সংখ্যা ১২৩ৰ পৰা ৮৬লৈ হ্ৰাস কৰা হৈছিল৷ বুজাবুজি চুক্তিত এই ৮৬খন গাঁৱকলৈ থকা বিবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত হৈছে৷ ৭১খন গাঁৱৰ বিবাদ সম্পূৰ্ণৰূপে নিষ্পত্তি হৈছে৷ ইয়াৰে অসমে ১১খন পোৱাৰ বিপৰীতে অৰুণাচলে পালে ৬০খন গাঁও৷ লক্ষ্যণীয়ভাৱে দুই ৰাজ্যৰ মাজত হোৱা আজিৰ বুজাবুজি চুক্তি সম্পাদন কৰা অনুষ্ঠানত কেন্দ্ৰীয় আইনমন্ত্ৰী তথা অৰুণাচলৰ জনপ্ৰতিনিধি হিচাপে কিৰেণ ৰিজিজুও উপস্থিত থাকে৷ আনহাতে, ৰাজ্যৰ মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, বিমল বৰা, সঞ্জয় কিষান, ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷ মন কৰিবলগীয়া যে স্বাক্ষৰিত চুক্তিখনৰ এটা খচৰা ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদনমৰ্মেই বুধবাৰে দিছপুৰত চুক্তি সম্পাদিত কৰাৰ বাবে আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷