Logo
image

লণ্ডনলৈ যোৱাৰ পথত আটক অমৃতপালৰ পত্নী

ডিজিটেল সংবাদ, ২১ এপ্ৰিলঃ অমৃতপাল সিঙক বিচাৰি দেশজুৰি অভিযান অব্যাহত থকাৰ মাজতে পঞ্জাৱ আৰক্ষীৰ হাতত নাটকীয়ভাৱে আটক হৈছে খালিস্তানী নেতাজনৰ পত্নী কিৰণদ্বীপ কৌৰ৷ বৃহস্পতিবাৰে লণ্ডনলৈ উৰা মাৰিবলৈ লোৱাৰ প্ৰাকমুহূৰ্তত অমৃতসৰ বিমানবন্দৰৰ পৰা আৰক্ষীয়ে আটক কৰে কিৰণদ্বীপক৷ প্ৰাপ্ত বাতৰি মতে কিৰণদ্বীপ কৌৰে পঞ্জাৱ এৰি লণ্ডনলৈ পলায়ন কৰিবলৈ লোৱা পৰিকল্পনাৰ বিষয়ে আগতীয়াকৈ তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ সেই অনুসৰি বৃহস্পতিবাৰে পুৱাৰে পৰা আৰক্ষীৰ বৃহৎ দল এটাই অমৃতসৰ বিমানবন্দৰত খাপপিটি থাকে৷ লগতে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী সকলকো এই বিষয়ে পঞ্জাৱ আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে৷ এটা সময়ত কিৰণদ্বীপ বিমানবন্দৰটোত উপস্থিত হোৱাৰ লগে লগে তেওঁক আৰক্ষীয়ে ঘেৰি লৈ আটক কৰি নিয়ে৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পঞ্জাৱত  নতুনকৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ 

জানিব পৰা মতে কিৰণদ্বীপ কৌৰ প্ৰকৃততে এগৰাকী ব্ৰিটিছ নাগৰিক৷ তদুপৰি বাবৰ খালছা ইণ্টাৰনেশ্যনেল নামৰ সংগঠনটোৰ সৈতেও তেওঁ জড়িত আছিল৷ আৰক্ষীৰ সন্দেহ অমৃতপাল সিঙৰ সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ক কিৰণদ্বীপ আৰু বাবৰ খালছা নামৰ সংগঠনটোৱে আৰ্থিকভাৱে সহায় আগবঢ়াই আহিছে৷ ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে কিৰণদ্বীপৰ বেংক একাউণ্টো পৰীক্ষা কৰিছে৷  ব্ৰিটেইনৰ চৰকাৰে যিসমূহ সংগঠনক নিষিদ্ধ কৰিছে তাৰ ভিতৰত বাবৰ খালছা ইণ্টাৰনেশ্যনেলো আছে৷ ২০২০ চনত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপত জড়িত থকা বাবৰ খালছাৰ বাবে অৰ্থ সংগ্ৰহ কৰাৰ অভিযোগত কিৰণদ্বীপ গ্ৰেপ্তাৰো হ’বলগা হৈছে৷ তদুপৰি খালিস্তানৰ সমৰ্থক পৰমজিৎ সিং পম্মাৰ সৈতেও অতি ঘনিষ্ঠৰূপে পৰিচিত কিৰণদ্বীপ৷ এটা সূত্ৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানসমূহে পৰিৱেশন কৰা বাতৰি মতে যোৱা ফেব্ৰুৱাৰীত অমৃতপাল সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কিৰণদ্বীপ৷ বিবাহসম্পন্ন হৈছিল অমৃতপালৰ পৈত্ৰিক গাঁও অমৃতসৰৰ জুল্লুপুৰ খেৰাত৷ 

আৰক্ষীয়ে দাবী কৰা মতে ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ পাঁচজন সদস্যৰ বেংক একাউণ্টত ২০১৬ চনৰ পৰা ৪০ কোটিৰো অধিক টকাৰ লেনদেন হয়৷ তদুপৰি অমৃতপালে দিল্লীৰ কৃষক আন্দোলনত মৃত্যু হোৱাসকলৰ পৰিয়ালৰ নামত ধন সংগ্ৰহ কৰি সেই ধন সংগঠনৰ কামত ব্যৱহাৰ কৰাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি পঞ্জাৱ আৰক্ষীয়ে ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙৰ সন্ধানত বিভিন্ন প্ৰান্তত অভিযান চলাই আহিছে যদিও খালিস্তানী নেতাজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ আৰক্ষীৰ চকুত ধূলি দি বাৰে বাৰে পলাই ফুৰিবলৈ সক্ষম হৈছে অমৃতপালে৷ ইয়াৰ মাজতে তেওঁৰ কেইবাজনো ঘনিষ্ঠ সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষী সূত্ৰই সদৰি কৰা মতে ব্ৰিটেইনৰ বাৰ্মিহামলৈ পলায়ন কৰিবলৈ লৈছিল কিৰণদ্বীপে৷ পঞ্জাৱ আৰক্ষীয়ে কিৰণদ্বীপৰ পৰা অমৃতপাল সিঙৰ অৱস্থিতি সম্পৰ্কে তথ্য লাভ কৰিব বুলি আশা কৰিছে৷ 

ইপিনে ‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকে প্ৰেৰণ কৰা বাতৰি মতে ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ এজন ঘনিষ্ঠ সহযোগী দলজিৎ সিং কালছীক বৃহস্পতিবাৰে পৰিয়ালৰ লোকে সাক্ষাৎ কৰে৷ ১৯ মাৰ্চৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা খালিস্তানপন্থী নেতাজনক সাক্ষাৎ কৰিবলৈ পুৱাই তেওঁৰ পত্নী নাৰিন্দৰ কৌৰ ওৰফে নিৰু কালছী আৰু পুত্ৰ আহি উপস্থিত হয় কেন্দ্ৰীয় কাৰাগাৰত৷ কাৰাগাৰখনত পত্নী আৰু পুত্ৰই প্ৰায় এঘণ্টা সময় দলজিৎ সিং কালছীৰ সৈতে সাক্ষাৎ কৰে৷ এই সময়ছোৱাত পত্নী-পুত্ৰই দলজিতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আন  বিভিন্ন সমস্যাসমূহৰ খবৰ লয়৷ দলজিতক সাক্ষাৎ কৰাৰ পাছত নাৰিন্দৰ কৌৰে পুত্ৰক লৈ সংবাদ মাধ্যমৰ সন্মুখীন হয়৷ নাৰিন্দৰে সংবাদ মাধ্যমক জনায় যে তেওঁৰ স্বামীৰ বিৰুদ্ধে চৰকাৰে কেতবোৰ ভিত্তিহীন অভিযোগ আনিছে৷ কেৱল দলজিতেই নহয় অমৃতপাল সিঙৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহো তেওঁ ভিত্তিহীন বুলি অভিহিত কৰে৷ স্মৰ্তব্য যে দলজিৎ সিং কালছীকে লৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ খালিস্তানপন্থী সংগঠনটোৰ আঠজন সদস্য কাৰাবন্দী হৈ আছে৷ তেওঁলোক হৈছে– বছান্ত সিং, গুৰমিৎ সিং, ভূষণৱালা, হৰজিৎ সিং, কুলৱন্ত সিং ধালিয়াল আৰু গুৰিন্দৰপাল সিং৷ ইয়াৰে হৰজিৎ সিং হৈছে অমৃতপাল সিঙৰ খুড়াক৷ এই আটাইকেইজন খালিস্তানীপন্থী বিদ্ৰোহী নেতাৰ বাবে কেন্দ্ৰীয় কাৰাগাৰখনত সম্প্ৰতি নিশ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ জানিব পৰা মতে এতিয়ালৈকে পঞ্জাৱ আৰক্ষীয়ে ডেৰ শতাধিক খালিস্তানপন্থী বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰাধীন আটাইবোৰ  খালিস্তানপন্থী বিদ্ৰোহীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন৷ ইপিনে বুধবাৰে  ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা খালিস্তানপন্থী বিদ্ৰোহী কেইজনক ‘নিয়া’ৰ এটা বিশেষ দলে দীৰ্ঘসময় জেৰা কৰে৷ জেৰাকালত কাৰাবন্দী খালিস্তানী কেইজনৰ পৰা নিয়াৰ দলটোৱে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ বিভিন্ন তথ্য উদ্‌ঘাটন কৰাৰ চেষ্টা চলায়৷ একেদৰে পলাতক হৈ থকা অমৃতপাল সিং সম্পৰ্কেও তথ্য আহৰণৰ চেষ্টা চলায় নিয়াৰ দলটোৱে৷