Logo
image

মৃত ৭জন, মুখ্যমন্ত্ৰীৰ সমষ্টিত মহামাৰীৰ ত্ৰাস

আমাৰ অসম, ২১ এপ্ৰিলঃ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত এতিয়া কালৰূপ ধাৰণ কৰিছে মহামাৰী জণ্ডিচে৷ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত অপৰিষ্কাৰ পানী সেৱনৰ এজনৰ পাছত এজনকৈ লোক জণ্ডিচত আক্ৰান্ত হৈছে৷ বৃহত্তৰ অঞ্চলটোত জণ্ডিচে কাল ৰূপ লোৱাত বৰ্তমানলৈ শিশুকে ধৰি ৭জন লোকৰ মৃত্যু হৈছে৷ বৃহস্পতিবাৰে জণ্ডিচত আক্ৰান্ত আনন্দ দাস নামৰ অঞ্চলটোৰ আন এজন লোকৰ জি এম চি এইচত মৃত্যু হয়৷ মুখ্যমন্ত্ৰীৰ নিজ সমষ্টিৰ উক্ত অঞ্চলটো বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা নথকাৰ বাবেই জণ্ডিচে সংহাৰ ৰূপ লোৱা বুলিও স্থানীয় লোকে অভিযোগ কৰিছে৷ বৰ্তমানেও আন প্ৰায় ৬১জন লোক জণ্ডিচত আক্ৰান্ত হৈ আছে৷ ইয়াৰে কেইবাজনেও জীৱন-মৃত্যুৰে যুঁজ দি চিকিৎসাধীন হৈ আছে৷


জণ্ডিচে কালৰূপ ধাৰণৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই বৃহস্পতিবাৰে আমিনগাঁৱত গৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীয়ে অঞ্চলটো পৰিভ্ৰমণ কৰি জণ্ডিচত আক্ৰান্ত কেইবাজনো লোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মৃত লোককেইজনৰ পৰিয়ালকো সাক্ষাৎ কৰে৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে অঞ্চলটোৰ পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ দি ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও যাৱতীয় নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে অঞ্চলটোৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে শুকুৰবাৰে জি এম চি এইচৰ চিকিৎসক-বিশেষজ্ঞৰ দল আমিনগাঁৱলৈ প্ৰেৰণ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে৷ তদুপৰি অঞ্চলটোৰ ৰাইজৰ বাবে বিশুদ্ধ খোৱাপানীৰ তিনিখন আঁচনি ৰূপায়ণৰ কথাও ঘোষণা কৰে৷ ইফালে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ কিছু সময়ৰ পাছতেই জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আমিনগাঁৱৰ মৰিয়াপট্টিৰ আনন্দ দাস নামৰ জণ্ডিচত আক্ৰান্ত ৰোগীজনৰ মৃত্যু হোৱাত অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে৷ ৪৮ বছৰীয়া ৰোগীজন প্ৰথমে জি এন আৰ চিত চিকিৎসাধীন হৈ আছিল যদিও পাছত উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ স্থানান্তৰ কৰা হৈছিল৷ অৱশ্যে বিগত এপষেকতে জণ্ডিচত মৃত ৰোগীৰ সংখ্যা ৫জনলৈ বৃদ্ধি পায়৷

চিকিৎসাধীনৰ কাষত মুখ্যমন্ত্ৰী, আহিব জিএমচিৰ চিকিৎসক

কামৰূপ জিলা সদৰ আমিনগাঁৱত ক্ৰমাৎ মহামাৰী ৰূপ ধাৰণ কৰাৰ উপক্ৰম হৈছে জণ্ডিচ ৰোগে৷ জণ্ডিচ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হৈছে৷ বৰ্তমানো চিকিৎসাধীন হৈ আছে অঞ্চলটোৰ ৬২জন লোক৷ আমিনগাঁৱত বিগত কেইটামান দিনত জণ্ডিচ ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে অৰ্ধশতাধিক লোক চিকিৎসাধীন হোৱা খবৰে চিন্তিত কৰি তুলিছে জালুকবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ বৃহস্পতিবাৰে পুৱা ৯মান বজাত আমিনগাঁৱৰ জণ্ডিচ ৰোগ অধ্যুষিত অঞ্চলত পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়৷ জণ্ডিচজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়ালৰ খবৰ লোৱাৰ লগতে পহিলা ব’হাগৰ দিনা মৃত্যু হোৱা কিশোৰ-কিশোৰী তিনিওজনৰ পৰিয়ালৰ খবৰ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পৰিস্থিতিৰ বুজ লৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে৷ আনহাতে, চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ চিকিৎসাৰ সা-সুবিধা কৰি দিয়াৰ আশ্বাস দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে আগন্তুক ১০ দিনৰ ভিতৰত ৰে’লৱে আৰু জনস্বাস্থ্য বিভাগৰ সহযোগত বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসকৰ এটা বৃহৎ দল আমিনগাঁৱলৈ আহিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷