Logo
image

কণ্ঠশিল্পী জুবলীলৈ ‘ভিতালী দাস সোঁৱৰণী বঁটা’

আমাৰ অসম,২২ এপ্ৰিলঃ ‘জোনবাই এ বেজী এটি দিয়া’, তই নাগিনী নে নগাচাঙৰ, ‘নদী বাঢ়িলে ঐ’, ‘ফুল ফুলিছে বসন্তৰ’, ‘মই নজনাকে’, ‘মৰমত মাতিছো তোমাক জানমণি আদি বিহুগীত বুলিলে যেন সকলোৰে মনলৈ আহে ভিতালী দাসৰ নাম৷ কেৱল বিহুগীতেই নহয় অসংখ্য গীতৰ মাজেৰে শ্ৰোতাৰ হৃদয় জয় কৰা শিল্পী ভিতালী দাসৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী শুকুৰবাৰে গুৱাহাটী  প্ৰেছ ক্লাৱত পালন কৰা হয়৷ ক’ভিডত আক্ৰান্ত হৈ ২০২১ চনৰ ২১ এপ্ৰিলত অকালতে জীৱন নাট সামৰিছিল ভিতালী দাসে৷ জানমণি, অঞ্জনা, ৰাংঢালি, বগীতৰা, আইমণি, মইনাজান, গামোচা, তগৰ, চেংকলি, গাগৰিৰ দৰে জনপ্ৰিয় শ্ৰব্য সফুঁৰাকে ধৰি চাৰি সহস্ৰাধিক গীতত কণ্ঠদান কৰা ভিতালী দাসক গুণমুগ্ধসকলে মৃত্যু বাৰ্ষিকীত স্মৰণ কৰে৷ শুকুৰবাৰে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ দিন উপলক্ষে বিভিন্ন সংগঠন, অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ ভিতালী দাসৰ স্মৃতি যুগমীয়া কৰিবলৈ শিল্পীগৰাকীৰ জন্মস্থান উত্তৰ গুৱাহাটীৰ সংবাদ গোষ্ঠী ‘উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই উদ্যোগ গ্ৰহণ কৰি আহিছে৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট চিকিৎসক, শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয় আৰু উপস্থিত বিশিষ্ট ব্যক্তি সকলে ভিতালী দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে৷ অনুষ্ঠানৰ আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যাত উত্তৰ গুৱাহাটীত সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে কয়-ভিতালী দাসৰ কায়িকভাৱে মৃত্যু হৈছে৷ তেওঁৰ গীতসমূহ আমাৰ মাজত সজীৱ হৈ আছে৷ তেওঁৰ গীতসমূহ নৱ প্ৰজন্মক শুদ্ধ ৰূপত শিকোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত ভিতালী দাসৰ গীতৰ কৰ্মশালাৰ আয়োজন কৰিম৷ আমি শিল্পীগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী তেওঁৰ স্মৃতিত এটা বঁটা প্ৰদান কৰিছিলো৷ প্ৰথম বছৰ ভিতালী দাস সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হৈছিল যশস্বী কণ্ঠশিল্পী তৰালি শৰ্মাক৷ এইবেলি ‘ভিতালী দাস সোঁৱৰণী শিল্পী বঁটা কণ্ঠশিল্পী জুবলী বৰুৱাক প্ৰদান কৰা হয়৷ শিল্পী ভিতালী দাসৰ দ্বিতীয় মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক অনুষ্ঠানত কণ্ঠশিল্পী জুবলী বৰুৱাক প্ৰদান কৰা ভিতালী দাস সোঁৱৰণী বঁটাত আছে এখন ফুলাম গামোচা, এটা ফুলাম জাপি, এখন ৰিহা, এখন শৰাই আৰু এখন স্মাৰকপত্ৰ৷ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ বিষয় ববীয়া সকলে এই বঁটা প্ৰদান কৰে৷ স্মাৰকপত্ৰখন পাঠ কৰে শিক্ষাবিদ তাৰিণী কান্ত হালৈয়ে৷ বঁটা গ্ৰহণ কৰি কণ্ঠশিল্পী জুবলি বৰুৱাই আবেগিক হৈ পৰে৷ কণ্ঠশিল্পী জুবলি বৰুৱাই কয়– মোক এই বঁটাৰ বাবে যোগ্য বুলি ভবা বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম৷ ভিতালী দাসৰ সৈতে মোৰ সম্পৰ্ক অতি পুৰণি৷ তেওঁক শিল্পী হিচাপে কিমান সন্মান কৰোঁ সেয়া ভাষাৰে বুজাব নোৱাৰো৷ তেওঁ কিমান কষ্টৰে আগবাঢ়ি গৈছিল সেয়া মই দেখিছিলো৷ তেওঁ অতি সহজ সৰল আছিল আৰু নিষ্ঠাৰে কাম কৰিছিল৷ তেওঁৰ এখন আলোকচিত্ৰ গুৱাহাটী প্ৰেছ ক্লাবত ৰখা উচিত৷ মই আজিলৈ যিমান বঁটা লাভ কৰিছোঁ তাৰ ভিতৰত এই বঁটাৰ মূল্য অধিক৷ ‘ তেওঁ লগতে ‘জোনবাইৰ দেশতে’ বিহুগীতটোৰ এটি কলি পৰিবেশন কৰে৷ অনুষ্ঠানত প্ৰয়াত শিল্পী ভিতালী দাসৰ স্বামী ভূপেন দাস, একমাত্ৰ কন্যা কমলিকা কাশ্যপ উপস্থিত থাকে৷ প্ৰয়াত শিল্পী ভিতালী দাসৰ একমাত্ৰ কন্যা কমলিকা কাশ্যপে মাতৃৰ সোৱাঁৰণত এটি গীত পৰিবেশন কৰে৷ এই অনুষ্ঠানত পঞ্চম বৰ্ষত ভৰি দিয়া সন্থাৰ তিনিমহীয়া আলোচনী ‘কলম’ৰ ৰঙালী বিহু সংখ্যা বিশিষ্ট কবি, আৰক্ষী বিষয়া ড॰ নন্দ সিং বৰকলা আৰু উপস্থিত বিশিষ্ট ব্যক্তি সকলে উন্মোচন কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক, শিল্পী ডাঃ অঞ্জনজোতি চৌধুৰীয়ে কয়- ভিতালী দাস এগৰাকী হাঁহিমুখীয়া শিল্পী আছিল৷ তেওঁ সদায় আমাক উৎসাহ দিছিল৷ তেওঁ গীতৰ মাজেৰে সদায় আমাৰ মাজত জীয়াই থাকিব৷ তেওঁ লগতে ভাৰতৰত্ন প্ৰয়াত ড॰ ভূপেন হাজৰিকাৰ এটি গীত পৰিবেশন কৰে৷ অনুষ্ঠানত তেওঁক উদ্যোক্তা সকলে বিশেষভাৱে সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়াই কয়-মৃত্যুৰ পাছতো মানুহৰ এটা জীৱন থাকে৷ তাৰ প্ৰমাণ আজিৰ এই অনুষ্ঠান৷ ভিতালীৰ মৃত্যু হিমালয়তকৈও গধুৰ৷ আজিও প্ৰতিখন বিহু মঞ্চত ভিতালী দাসৰ গীত বাজি থাকে৷ আজি শিল্পী সমাজে এই অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল৷ কিন্তু উত্তৰ গুৱাহাটীৰ সাংবাদিক সকলেহে শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে৷ শিল্পী ভিতালী দাস গীতৰ মাজেৰে চিৰদিন জীয়াই থাকিব৷ ক’ভিড পৰিস্থিতিৰ বাবে প্ৰয়াত সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি আৰু শিল্পী ভিতালী দাসৰ শেষ যাত্ৰাৰ বহুতে সংগী হ’ব নোৱাৰিলে৷ সেয়া আক্ষেপ বহুতৰে থাকিব যাব৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বেদব্ৰত মিশ্ৰই কয়–ভিতালী দাস চিৰদিন মানুহৰ মাজত জীয়াই থাকিব৷ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই ‘কলম’ আলোচনীৰ পৰা লাভ কৰা অৰ্থৰে বিভিন্ন সামাজিক কাম কৰি আহিছে৷ অনুষ্ঠানত বিশিষ্ট কবি, আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয়–আপোন হৃদয়ে শিল্পী সত্ত্বাক জীয়াই ৰাখিব লাগিব৷ শিল্পীৰ সংজ্ঞা বিশাল৷ আমি অতি চহকী সংস্কৃতিৰ জাতি৷ সংগীতে মানুহক জীৱন্ত কৰি ৰাখিব পাৰে৷ মাটিৰ ৰসত থাকে সংগীত৷ সকলোৱে মাতৃ ভাষা সুন্দৰকৈ শিকক৷ সেইকাম ভিতালী দাসে কৰি গৈছে৷ সেই কাম কমলিকাই কৰিব লাগিব৷ তেওঁ লগতে বিহুৰ পৰম্পৰাৰ বিষয়ে বহলাই কয়৷ তেওঁ লগতে ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ কলি পৰিবেশন কৰে৷ লগতে উদ্যোক্তা সকলে এনেদৰে উৎসাহিত কৰা যোগাত্মক চিন্তাৰ শলাগ লৈছোঁ বুলি কয়৷ সাংবাদিক উৎপল ৰঞ্জন মেধিয়ে আঁত ধৰা অনুষ্ঠানত কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসুধন মেধি, প্ৰয়াত ভিতালী দাসৰ জ্যেষ্ঠ ভগ্নী ৰীতা ওজা, কনিষ্ঠ ভাতৃ ভাস্কৰ দাসৰ লগতে পৰিয়াল অন্যান্য সদস্যসকল উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ শিল্পী সকলে সমবেত সংগীত পৰিবেশন কৰে৷ সন্থাৰ সম্পাদক ৰূপক ডেকাই শলাগৰ শৰাই আগবঢ়ায়৷