Logo
image

ক’ভিডক লৈ অভয় দিলে স্বাস্থ্যমন্ত্ৰীয়ে

আমাৰ অসম,২২ এপ্ৰিলঃ দেশত পুনৰ ক’ভিডে সন্ত্ৰাস আৰম্ভ কৰিছে৷ দেশৰ আঠখন ৰাজ্যত ক’ভিড ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য মন্ত্ৰণালয়কো চিন্তিত কৰি তুলিছে৷ বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১১ হাজাৰ ৬৯২ জন লোক৷ আগন্তুক ১০-১২ দিনলৈ ক’ভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ সতৰ্ক কৰি দিছে বিশেষজ্ঞ মহলে৷ ক’ভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে ইতিপূৰ্বে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলকতা চহৰত মাস্ক পৰিধান বাধ্যতামূলক  কৰিছে৷ শেহতীয়াকৈ অসমতো এজন-দুজনকৈ  লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাও দিনচোৰক পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ প্ৰতিখন ৰাজ্যকে সতৰ্ক কৰি দিয়াত সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে৷ ক’ভিডক প্ৰতিৰোধৰ বাবে অসম চৰকাৰ সম্পূৰ্ণ সাজু বুলিও স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ শুকুৰবাৰে বোকাখাতত স্বাস্থ্যমন্ত্ৰী মহন্তই ক’ভিডক ৰুধিবলৈ স্বাস্থ্য বিভাগে সকলো প্ৰকাৰে সষ্টম হৈ থকা বুলি জানিবলৈ দিয়ে৷ ৰাইজক চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীজনে ক’ভিডৰ উপসৰ্গই দেখা দিলে ওচৰৰ স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈও আহ৩ান জনাইছে৷ জি এম চি এইচত ক’ভিড হাস্পতাল সাজু হৈ থকাৰ লগতে অক্সিজেনৰো কোনো অভাৱ নাই বুলি কেশৱ মহন্তই স্পষ্ট কৰি দিয়ে৷