Logo
image

ৰহস্যজনক পথেৰে বহু বিৰল প্ৰাণী গুজৰাটস্থিত আম্বানিৰ চিৰিয়াখানালৈ

আমাৰ অসম, ২৩ এপ্ৰিলঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সৰবৰাহ কৰা দুষ্প্ৰাপ্য জীৱ-জন্তুৱে ভৰিছে আম্বানিৰ চিৰিয়াখানা৷ শনিবাৰে অসমৰ মাজেৰে গুজৰাটৰ জামনগৰৰ ৰিলায়েন্সৰ চিৰিয়াখানালৈ অৰুণাচলৰ নামচাইৰ পৰা উলিয়াই নিয়া হ’ল ২০টা হাতী৷ এছক’ৰ্ট পাইলট দি ৪৯খন বাহনৰ বিশাল কনভয়ৰ মাজত চিৰদিনৰ বাবে আম্বানিৰ চিৰিয়াখানালৈ উত্তৰ-পূবৰ পৰা লৈ যোৱা হ’ল হাতীকেইটা৷ ইতিমধ্যে অৰুণাচলৰ পৰা জামনগৰলৈ প্ৰায় ডেৰ শতাধিক হাতী নিয়া হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিৰ মালিকানাধীন জামনগৰস্থিত ২৮০ একৰ ভূমিৰ চিৰিয়াখানাখনলৈ অসম বিখ্যাত কাজিৰঙাৰ এশিঙীয়া গঁড়কো গোপনে চালান দিয়া হৈছিল৷ প্ৰজনন কৰি বংশ বৃদ্ধিৰ উদ্দেশ্যে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা গোপনে এশিঙীয়া গঁড় আৰু ব্লেক পেন্থা চালান দিয়াক কেন্দ্ৰ কৰি অসমত ব্যাপক প্ৰতিবাদো সাব্যস্ত কৰিছিল পশুপ্ৰেমীয়ে৷ কিন্তু এই প্ৰতিবাদৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে এটাৰ পাছত এটাকৈ দুষ্প্ৰাপ্য বন্যজন্তু আম্বানিৰ চিৰিয়াখানালৈ চালান অব্যাহত ৰাখিছে৷ অসমৰ পৰা আম্বানি চিৰিয়াখানালৈ চোৰাং বন্যজন্তু সৰবৰাহৰো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ আফ্ৰিকা, লেটিন আমেৰিকা, ইণ্ডোনেছিয়া মাদাগাস্কাৰ আৰু কলম্বিয়াৰ দৰে ৰাষ্ট্ৰৰ পৰা চোৰাং সৰবৰাহ কৰা বিৰল প্ৰজাতিৰ বন্যজন্তুক অসম ৰাজ্যিক চিৰিয়াখানাত আইনী বৈধতা প্ৰদান কৰি আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণৰ ভয়ংকৰ তথ্য উন্মোচন হৈছে৷ বিশেষকৈ বিদেশী ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ জীৱ-জন্তুৰ আনিবলৈ হ’লে বিভিন্ন আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে বৃহৎ পুঁজি বিনিয়োগ কৰিব লাগে৷ যাৰ বাবে আফ্ৰিকা, কলম্বিয়া আদি ৰাষ্ট্ৰৰ পৰা অসমক কৰিড’ৰ হিচাপে লৈ দীৰ্ঘদিনৰে পৰা এটা চক্ৰই দুষ্প্ৰাপ্য বন্যজন্তুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে৷ ৰহস্যজনক পথেৰে ম্যানমাৰ হৈ ভাৰতলৈ সৰবৰাহ কৰা এই চোৰাংকৈ অনা দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহ আকস্মিকভাৱে অসমত শিলচৰ, ৰঙিয়া, কামৰূপ আদি জিলাত আৰক্ষী বা বন বিভাগৰ হাতত ধৰা পৰে৷ চোৰাংভাৱে সৰবৰাহ কৰা জব্দকৃত বন্যপ্ৰাণীসমূহ লগে লগে বন বিভাগে চিকিৎসা তথা আশ্ৰয়ৰ বাবে ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে৷ ৰাজ্যিক চিৰিয়াখানাত দুষ্প্ৰাপ্য জন্তুসমূহৰ কিছুদিন নিয়মমাফিক স্বাস্থ্যৰ যতন লোৱাৰ পাছতেই ৰাজ্যিক চিৰিয়াখানাত পিঞ্জৰা অভৱা, আন্তঃগাঁথনিৰ সমস্যা তথা অন্যান্য অজুহাতত চেণ্ট্ৰেল জু অথৰিটীৰ অনুমোদন সাপেক্ষে গুজৰাটৰ জামনগৰৰ আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰে৷ অৰ্থাৎ বন্য জন্তুসমূহ চোৰাংভাৱে অসমলৈ অনা হয় যদিও অসমত বন বিভাগে আইনী স্বীকৃতি দি আনুষ্ঠানিকভাৱে ৰিলায়েঞ্চৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰে৷ বিদেশী ৰাষ্ট˜ৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা জন্তুসমূহক প্ৰত্যক্ষভাৱে ৰিলায়েন্সৰ চিৰিয়াখানাত ৰখাত আইনী জটিলতা থকাৰ বাবেই সম্পূৰ্ণ পৰিকল্পিতভাৱে অসমত আইনী ছীল মোহৰৰ আনুষ্ঠানিকতা সম্পন্ন কৰি উক্ত জন্তুসমূহ আম্বানি চিৰিয়াখানাই চমজি লয়৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২০ চনৰ পৰাই অসমৰ কৰিড’ৰক ব্যৱহাৰ কৰি আন্তৰ্জাতিক এটা চক্ৰই এই দুষ্কাৰ্য সংঘটিত কৰি আহিছে৷ আনকি এই চক্ৰটোত ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যু’ৰ তথা বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰো শীৰ্ষ বিষয়া জড়িত আছে৷ তথ্য অনুসৰি ২০২০ চনত প্ৰথমবাৰলৈ শিলচৰত চোৰাংভাৱে সৰবৰাহ কৰা অষ্ট্ৰেলিয়ান কেংগেৰু জব্দ হৈছিল৷ আনকি বিগত বৰ্ষৰ এপ্ৰিলত বৰাকৰ অসম-মিজোৰাম সীমান্ত ২টা পামানা, জ্জটা স্পাইডাৰ মাংকী বন বিভাগে জব্দ কৰিছিল৷ এই দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰসমূহৰ বিচৰণ স্থলী হৈছে বিশেষকৈ দক্ষিণ আমেৰিকা৷ তদুপৰি কলম্বিয়াৰ লেংগুৰো জব্দ কৰিছিল৷ আনকি জব্দকৃত বন্যপ্ৰাণী কেইটাক বিশেষ এম্বুলেঞ্চেৰে গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছিল৷ আনহাতে বিগত বৰ্ষৰ ২৭ এপ্ৰিলত কামৰূপৰ দামপুৰত জব্দ হৈছিল দুষ্প্ৰাপ্য কেংগেৰু আৰু বিভিন্ন প্ৰজাতিৰ বান্দৰ৷ উক্ত বৰ্ষৰ চেপ্টেম্বৰত কামৰূপ আৰক্ষীয়ে ৰঙিয়াৰ পৰা পুনৰ কেংগাৰু, চিম্পাঞ্জী আৰু দুষ্প্ৰাপ্য কাছ, পক্ষী উদ্ধাৰ কৰিছিল৷ অৱশ্যে সেই সফল অভিযানৰ বাবে ৰঙিয়া থানাৰ তদানীন্তন অ’ চি ভাস্কৰ মল্ল পাটোৱাৰীক পুৰষ্কৃত কৰিছিল যদিও আ(ৰ্যজনকভাৱে আৰক্ষী বিষয়াজনে বা বন বিভাগে উক্ত দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহক ক’ৰ পৰা কোনো আৰু ক’ত বিক্ৰী কৰাৰ বাবে আনিছিল তাৰ কোনো তদন্তই নকৰিলে৷ ইফালে, ২০২১ চনতো বৰাকত জব্দ কৰা কেংগেৰু আৰু মাকাওকে ধৰি কেইবাবিধো জন্তু জিম্মাত বিচাৰি মণিপুৰৰ নবৰাম তুকাৰাম দাইগৰ নামৰ এটা চোৰাং সৰবৰাহকাৰীয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ পাছতো আৰক্ষীয়ে ৰহস্যজনক কাৰণত তদন্তৰ পৰা বিৰত থাকে৷ শেহতীয়াকৈ বিগত ১০ এপ্ৰিলত শিলচৰত  আফ্ৰিকান ব্লেক এণ্ড হোৱাইট ক’ল’বি নামৰ দুষ্প্ৰাপ্য কেইবাটাও বান্দৰ উদ্ধাৰ কৰি ৰাজ্যিক চিৰিয়াখানালৈ হস্তান্তৰ কৰিছিল বন বিভাগে৷ কিন্তু এতিয়া এইকেইটা বন্যপ্ৰাণীকো একে পন্থাই ৰিলায়েন্সৰ চিৰিয়াখানালৈ প্ৰেৰণৰ বাবে চেণ্ট্ৰল জু অৰ্থৰিটীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যিক চিৰিয়াখানা কতৃৰ্পক্ষই৷