Logo
image

নলবাৰীত জঘন্য ঘটনাঃ মঞ্চতে কণ্ঠশিল্পী হিয়া মেধিক কাপোৰ খুলি দিয়াৰ ভাবুকি

ডিজিটেল সংবাদ, চামতাৰ প্ৰতিবেদকঃ পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত দেওবাৰে নিশা দুৰ্বৃত্তই কণ্ঠশিল্পী হিয়া মেধিক শালীনতা হানি কৰাৰ ভাবুকি দিয়াৰ লগতে কণ্ঠশিল্পীৰ দলটোক অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে পশ্চিম নলবাৰীৰ সাহপুৰৰ ৰাজঘাটত ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজৰ সহযোগত সাহপুৰ ৰাজঘাট ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছিল ৷ পুৱাৰে পৰা সন্ধিয়ালৈ বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ নিশাৰ বিশেষ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছিল কণ্ঠশিল্পী হিয়া মেধি আৰু পল আকাশক ৷ সেই মৰ্মে  নিশা বিহুৰ মঞ্চত সংগীত পৰিৱেশন কৰিছিল হিয়া মেধিয়ে ৷ অনুষ্ঠান চলি থকাৰ মাজতে কণ্ঠশিল্পীগৰাকীক ভাবুকি দিয়াতে ক্ষান্ত নাথাকি সুৰাসক্ত যুৱক এজনে হিয়া মেধিৰ দলটোৰ স'তে যোৱা কেমেৰামেনকে ধৰি  কেইবাজনো বাদ্যযন্ত্ৰীক শাৰিৰীকভাৱে অপদস্ত কৰে৷
 
অভিযোগ অনুসৰি বিহু সন্মিলনৰ ওচৰৰ পশ্চিম সাহপুৰৰ জয়ন্ত বৰ্মন ওৰফে বগা নামৰ যুৱকজনে তেওঁৰ অন্য কেবাজনো বন্ধুৰ সহযোগত অনুষ্ঠান চলি থকাৰ মাজতে কণ্ঠশিল্পী হিয়া মেধিৰ ব্যক্তিগত ফটোগ্ৰাফাগৰাকীক তেওঁলোকৰ ফটো তুলবলৈ দাবী কৰে ৷ ফটোগ্ৰাফাৰজনে তেওঁলোকৰ ফটো তুলিবলৈ ৰাজি নোহোৱাত জয়ন্ত বৰ্মনে মঞ্চতে বহু শিল্পীৰ কাপোৰ খুলি দিয়াৰ ৰেকৰ্ড আছে বুলি কোৱাৰ লগতে আজিও কাপোৰ খুলি দিব পাৰোঁ বুলি হিয়া মেধিক ভাবুকি দিয়ে৷ ইয়াৰ পিছতে হিয়া মেধিয়ে তেওঁৰ অনুষ্ঠান শেষ কৰি মঞ্চৰ পৰা নামি আহে৷ এনেতে জয়ন্ত বৰ্মন নামৰ সুৰাসক্ত যুৱকজনে ফটো নুঠোৱাৰ বাবে  ফটোগ্ৰাফাৰজনৰ লগতে আন তিনিজন সংগীত শিল্পীকো আক্ৰমণ কৰে। 

এই ঘটনাৰ পিছত নিশাৰ ভাগতে শিল্পী হিয়া মেধি সহিতে দলটোৱে চামতা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে শিল্পী দলক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ঘটনাৰ মূল অভিযুক্ত জয়ন্ত বৰ্মনক বাতৰি লিখা পৰলৈ আটক কৰিব পৰা নাই।