Logo
image

চিবিএছইৰ পূৰ্বেই মেট্ৰিকৰ ফলাফল

আমাৰ অসম,২৫ এপ্ৰিলঃ ‘চি বি এছ ইৰ ফলাফলৰ পূৰ্বেই ঘোষিত হ’ব চলিত বৰ্ষৰ মেট্ৰিকৰ ফলাফল৷ তাৰিখটো মই আজিয়েই কব নোৱাৰিম৷ কিন্তু খুব সোনকালে ঘোষিত হ’ব মেট্ৰিকৰ ফলাফল৷’–এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ সোমবাৰে কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই ঘোষণা কৰে৷ উল্লেখ্য যে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুখনকৈ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে দুটাকৈ পৰীক্ষাৰ সূচী সলনি কৰিবলগীয়া হৈছিল৷ আন ব্যাপক বিসংগতিৰে অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা৷  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মেট্ৰিকৰ প্ৰশ্নকাককত ফাদিলৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁৰ  কৰ্মদক্ষতাকলৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল৷ চলিত বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাটো ছেবাই স্বীকাৰ কৰি ল’লে যদিও সমান্তৰালভাৱে ইংৰাজী, গণিত আৰু সমাজবিজ্ঞানৰো প্ৰশ্নকাকত ফাদিল হোৱা বুলি এগৰাকী বহি মূল্যায়কে অনা গুৰুতৰ অভিযোগৰ কোনো তদন্তও নকৰিলে চৰকাৰে৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ চি আই ডিৰ তদন্তও আধৰুৱা হৈ ৰ’ল৷