Logo
image

সৰুপথাৰত নামঘৰীয়াক হানি-খুঁচি হত্যা

ডিজিটেল সংবাদ, ধনশিৰিঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওজান আৰক্ষী চকীৰ ২ নং মৰাজানত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড৷ যোৱ ২২ এপ্ৰিলত নাওজান অঞ্চলৰ ২ নং মৰাজানৰ বিপিন শইকীয়া নামৰ এজন নামঘৰীয়াই সন্ধিয়া নামঘৰৰ পৰা চাকি জ্বলাই ঘৰলৈ আহি থকা অৱস্থাতে প্ৰশান্ত বৰাই দাৰে ঘপিয়াই, হানি-খুঁচি পেলাই থৈ যায়৷ নামঘৰীয়া বিপিন শইকীয়াই চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লোক আৰু চুবুৰীয়া দৌৰি আহি মাটিত ঢলি পৰি থকা বিপিন শইকীয়াক সৰুপথাৰ সমূহীয়া চিকিৎস্যালয়লৈ লৈ যায় ৷ 

আঘাত গুৰুতৰ হোৱাত সৰুপথাৰৰ চিকিৎসকে লগে লগে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎস্যালয়লৈ প্ৰেৰণ কৰে৷ গোলাঘাটতো চিকিৎসকে উন্নত চিকিৎস্যাৰ বাবে বিপিন শইকীয়াক যোৰহাটলৈ প্ৰেৰণ কৰে যদিও আদবাটতে তেওঁৰ মৃত্যু হয়৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও হত্যাকাৰী প্ৰশান্ত বৰাই মৃত বিপিন শইকীয়াৰ পুত্ৰক দাৰে আক্ৰমণ কৰাৰ অভিযোগত জে'লত থাকিব লগা হৈছিল ৷

ইতিমধ্যে প্ৰশান্ত বৰাই আৰক্ষীৰ আগত হত্যাৰ কথা স্বীকাৰ কৰিছে ৷ সৰুপথাৰ আৰক্ষীয়ে প্ৰশান্ত শইকীয়াৰ বিৰুদ্ধে ৩৫/২৩ নং ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৬০ৰ অধীনত ১২০ খ / ৩০২ , গোচৰ নং  ৩৫/২৩ অধীনত গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে৷ কি কাৰণত প্ৰশান্ত শইকীয়াই বিপিন শইকীয়াক হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।