Logo
image

শিৱসাগৰ শীৰ্ষত, গুৱাহাটী ফেইল

আমাৰ অসম,২৬ এপ্ৰিলঃ ব্যাপক উৎকণ্ঠাৰ ওৰ পেলাই ঘোষিত হ’ল গুণোৎসৱ-২০২৩ৰ ফলাফল৷ মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে গুণোৎসৱ-২০২৩ৰ ফলাফল৷ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়, চাহ বাগিছা কতৃৰ্পক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়, চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়,  আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু আবাসিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণী পৰ্যন্ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক সামৰি অনুষ্ঠিত হৈছিল গুণোৎসৱ৷ গুণোৎসৱত শিৱসাগৰ জিলাই প্ৰথম, চৰাইদেউ জিলাই দ্বিতীয় আৰু গোলাঘাট জিলাই তৃতীয় স্থান লাভ কৰে৷ গুণোৎসৱত কাৰ্যতঃ ফেইল কৰে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী৷ গুণোৎসৱত কামৰূপ মহানগৰ জিলাৰ স্থান অতি দুখলগা৷ মঙলবাৰে ঘোষিত গুণোৎসৱ ২০২৩ ফলাফল অনুসৰি এইবেলি গুণোৎসৱে ৰাজ্যৰ ৩১খন জিলাত ৪৪,৫৩১খন বিদ্যালয়ক সামৰি লয়৷ মুঠ ৪১,৩৫,১৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি অনুষ্ঠিত হয় গুণোৎসৱ৷ কেইবাজনো মন্ত্ৰী, বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব, জ্যেষ্ঠ আই এ এছ- আই পি এছ, আই এফ এছ বিষয়াসহ ১৮,০৯৭ জন বহিঃ নিৰীক্ষকে উক্ত গুণোৎসৱত ভাগ লৈছিল৷ গুণোৎসৱত ১১,৮৮৬খন বিদ্যালয়ে ‘এ+’, ১৯,১৭২খন বিদ্যালয়ে ‘এ’, ৭,৭১০খন বিদ্যালয়ে ‘বি’ গ্ৰেড লাভ কৰে৷ আনহাতে ৰাজ্যৰ ১,৯৭২খন বিদ্যালয়ে ‘চি’ গ্ৰেড আৰু ৭৬৭খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰে৷ শিৱসাগৰৰ ৪০০খন বিদ্যালয়ে ‘এ+’, ২৮৮খনে ‘এ’, ২০ খনে ‘বি’, তিনিখনে ‘চি’ আৰু দুখনে ‘ডি’ গ্ৰেড লাভ কৰে৷ চৰাইদেউৰ ৩৭৭খন বিদ্যালয়ে ‘এ+’, ২৭৬খনে ‘এ’, ৪৭খনে ‘বি’, ৭খনে ‘চি’ আৰু এখন বিদ্যালয়ে ‘ডি’, গ্ৰেড লাভ কৰে৷ তৃতীয় স্থানত থকা গোলাঘাট জিলাৰ ৬৭৭খন বিদ্যালয় ‘এ+, ৫৯২খনে ‘এ’, ৯০খনে ‘বি’, ১৪খনে ‘চি’ আৰু দুখন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰে৷ গুণোৎসৱত সৰ্বনিম্ন স্থানত আছে পশ্চিম কাৰ্বি আংলং জিলা৷ দ্বিতীয় সৰ্বনিম্ন স্থানত আছে চিৰাং আৰু তৃতীয় সৰ্বনিম্ন স্থানত আছে কাৰ্বি আংলং জিলা৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ৩৬খন বিদ্যালয়ে ‘এ+’, ২১৯ খনে ‘এ’, ২১৩খনে ‘বি’, ৯৪খনে ‘চি’ আৰু ৭৩খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰে৷ চিৰাঙৰ ৭৯খন বিদ্যালয়ে ‘এ+’, ৩২৯খনে ‘এ’, ২৫৪খনে ‘বি’, ৯২খনে ‘চি’ আৰু ৩৪খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰে৷ কাৰ্বি আংলং জিলাৰ ১৩৫খন বিদ্যালয়ে ‘এ+’, ৫০৭খনে ‘এ’, ৩৫৫খনে ‘বি’, ১০২খনে ‘চি’ আৰু ৬৬খন বিদ্যালয়ে ‘ডি’ গ্ৰেড লাভ কৰে৷ লক্ষণীয়ভাৱে জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ স্থান অতি দুখলগা৷ কামৰূপ মহানগৰ জিলাই গুণোৎসৱত ২৯সংখ্যক স্থানত সন্তুষ্ট হ’বলগীয়া হৈছে৷ গুণোৎসৱত পূৰ্বৰ তুলনাত এই ফলাফল আশাপ্ৰদ হৈছে৷ ২০২২ বৰ্ষত ডি গ্ৰেড লাভ কৰা ২১২খন বিদ্যালয়ে এইবেলি ‘এ+’ আৰু ৬৯২খনে ‘এ’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে ২০২৩ বৰ্ষৰ গুণোৎসৱত পূৰ্বতকৈ ১১.৫২ শতাংশ অধিক বিদ্যালয়ে ‘এ+’ গ্ৰেড লাভ কৰিছে৷ উল্লেখ্য, ১৮ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰী পৰ্যন্ত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল গুণোৎসৱ৷ গুণোৎসৱত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিও ৯৬.৬৯ শতাংশলৈ বৃদ্ধি পাইছে৷ পূৰ্বে অৰ্থাৎ ২০২২ চনত গুণোৎসৱত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আছিল ৯১.৭২ শতাংশ৷

একেৰাহে তৃতীয়বাৰ শ্ৰেষ্ঠ, শিৱসাগৰত আনন্দৰ জোৱাৰ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ একেৰাহে তৃতীয়বাৰৰ বাবে শিৱসাগৰ জিলাই গুণোৎসৱৰ ফলাফলত অভিলেখসংখ্যক প্ৰথম স্থান দখল কৰাৰ বতৰাই শিৱসাগৰৰ সচেতন মহলৰ লগতে বৌদ্ধিক মহলক উৎফুল্লিত কৰি তুলিছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি আজি ঘোষণা কৰা গুণোৎসৱৰ ফলাফলত শিৱসাগৰ জিলাৰ মুঠ ১২৬৬খন বিদ্যালয়ৰ ৭৩৫৩২গৰাকী বিদ্যাৰ্থীক লৈ শেহতীয়া এই গুণোৎসৱ অনুষ্ঠিত হৈছিল৷ উল্লেখ্য, গুণোৎসৱত কেৱল বিদ্যালয়ৰ শৈক্ষিক দিশটোক মূল্যায়ন কৰা নহয়৷ ইয়াৰ লগত বিদ্যালয়ৰ আন্তঃগাঁথনি, স্বচ্ছ পৰিৱেশ, ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকৰ দায়িত্ব, আন আন পাৰদৰ্শিতাসমূহো বিচাৰ কৰি চোৱা হয়৷ য’ত ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উৎকৰ্ষসাধন জড়িত হৈ থাকে৷ এনে পৰিস্থিতিত শিৱসাগৰ জিলাৰ সফলতাই সকলোকে আপ্লুত কৰিছে৷ শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে এয়া এক সামূহিক প্ৰচেষ্টাৰ ফল বুলি অভিহিত কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ শিক্ষক, অভিভাৱক, সচেতন, বৌদ্ধিক মহলৰ সামূহিক প্ৰচেষ্টাৰ ফচল বুলি আখ্যা দিয়া পৰিদৰ্শকজনে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অধিকাৰত অধিক মনোনিৱেশ কৰিব লাগিব বুলি মন্তব্য কৰে৷ গুণোৎসৱৰ ফলাফলৰ প্ৰভাৱ দেখা যায় সামাজিক মাধ্যমত৷ গুণোৎসৱত শিৱসাগৰ জিলাৰ সফলতাত সামাজিক মাধ্যমত বিভিন্নজনে সন্তোষ প্ৰকাশ কৰি শিৱসাগৰৰ সমগ্ৰ বিদ্যায়তনিক মহলটোক ধন্যবাদ দিয়া দেখা যায়৷ উল্লেখ্য, এই সফলতাৰ আঁৰত আছে অৱসৰপ্ৰাপ্ত দুজন শিক্ষা বিষয়া আব্দুল জেলিল আৰু কমল জ্যোতি গগৈ৷ তেওঁলোকে গঢ় দিয়াৰ পৰিণতিত আজিৰ এই সফলতা বুলি বহুতেই উল্লেখ কৰিছে৷ এই ফলাফলক কেন্দ্ৰ কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে জিলাখনৰ শিক্ষা ব্যৱস্থাটোৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি কয় যে এয়া শিৱসাগৰৰ গৌৰৱ৷ আমি গুণগত শিক্ষা যে দিব পাৰিছোঁ তাৰ প্ৰমাণ এই ফলাফল৷ এতিয়া আমাৰ দায়িত্ব আছে ভাল ফলাফল দেখুৱাব পৰা বিদ্যালয়সমূহক চেণ্টাৰ অৱ এক্সিলেঞ্চলৈ উত্তৰণ কৰিব লাগে৷ কেৱল শিৱসাগৰ বিধানসভা সমষ্টিৰ ১৪৫খন বিদ্যালয়ত পানী পৰে৷ মই ব্যক্তিগতভাৱে যিমান পাৰোঁ সহায় কৰিছোঁ৷ চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত পুঁজি মুকলি কৰক৷ প্ৰকৃত আন্তঃগাঁথনি অবিহনে উন্নত শিক্ষা প্ৰদান কৰিব নোৱাৰি বুলি তেওঁ মন্তব্য কৰে৷ আজিৰ ফলাফল সন্দৰ্ভত গড়গাঁও কলেজৰ অধ্যক্ষ, তথা ৰাজ্যৰ বিশিষ্ট নিৱন্ধকাৰ ড॰ সব্যসাচী মহন্তই গুণোৎসৱৰ এই ধাৰাবাহিক সফলতাক চৰকাৰ, শিক্ষা বিভাগ, শিক্ষক, অভিভাৱকৰ সন্মিলিত প্ৰচেষ্টাৰ বাবেই এই সম্ভৱ হৈছে বুলি মন্তব্য কৰাৰ লগতে সম্প্ৰতি শিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যখনত গুণগত মান বৃদ্ধি হোৱাৰ এইয়া শুভ ইংগিত বুলি অভিহিত কৰে৷ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ ড॰  সৌমাৰজ্যোতি মহন্তই এই ফলাফলক এক শুভবাৰ্তাৰূপে আখ্যা দিয়ে৷ তেওঁ কয় যে শিৱসাগৰ জিলা তৃতীয়বাৰৰ বাবে প্ৰথম হৈছে, এয়া গুৰুত্বপূৰ্ণ দিশ৷ শিক্ষাৰ দিশত শিৱসাগৰ জিলাৰ এক ঐতিহ্যমণ্ডিত ধাৰা আছে৷ এতিয়া এনে ফলাফলৰ জৰিয়তে শিৱসাগৰৰ প্ৰকৃত শিক্ষাৰ উত্তৰণ ত্বৰান্বিত কৰিব লাগিব৷ শিক্ষা হওক প্ৰকৃত উন্নতিৰ মাধ্যম বুলি তেওঁ মন্তব্য কৰে৷ সেইদৰে, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনে গুণোৎসৱৰ ফলাফল সন্দৰ্ভত এইদৰে কয় এই ফলাফলে জিলাখনৰ বাবে আশাপ্ৰদ বতৰা কঢ়িয়াই আনিছে৷ এই সফলতাই চৰকাৰীখণ্ডৰ তথা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহক নতুন দিগন্তৰ সন্ধান দিব৷ জিলাখনৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ জয়যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনেৰে যুগসাপেক্ষ পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰক বুলি ছাত্ৰ নেতাজনে মন্তব্য কৰে৷