Logo
image

মহানগৰীত পুনৰ গধূলিতে বাইক চুৰি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গাড়ী চুৰিৰ ঘটনা। গুৱাহাটীত পুনৰ গধূলিতে চোৰে বাইক লৈ উধাও হোৱা ঘটনা সংঘটিত হৈছে। ৰুক্মিণীগাঁৱৰ ১৯ নং ঘৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ সমগ্ৰ দৃশ্য ঘৰৰ চৌহদত থকা চি চি টিভি কেমেৰাত বন্দী হৈছে। ঘটনা সন্দৰ্ভত বাইকৰ গৰাকী ৰূপমজ্যোতি ভদ্বাজে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে চোৰৰ কোনো সম্ভেদ উলিয়াব পৰা নাই। চুৰি হোৱা গ্লেমাৰ বাইকখনৰ নম্বৰ এ এছ-০১ ই এইচ-৬৫৯৩। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।