Logo
image

লোকসেৱা আয়োগৰ কাণ্ড

আমাৰ অসম, ৩০ এপ্ৰিলঃ অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধন কৰা বুলি  চৰকাৰে দাবী কৰি অহাৰ সময়তে এপিএছচি কতৃৰ্পক্ষই নিজৰ পৰীক্ষাসূচীক নিজেই ভৰিৰে মোহাৰি পেলোৱাৰ অভিযোগ উঠিছে৷ এপিএছচিৰ অধ্যক্ষই চূড়ান্ত মইমতালীৰে পূৰ্ব ঘোষিত সম্ভাব্য পৰীক্ষা সূচীতকৈ এমাহ আগুৱাই ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ‘মূল’ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে৷ চলিত বৰ্ষৰ আগষ্ট ছেপ্টেম্বৰত ‘মূল’ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ইতিপূৰ্বে এপিএছচিয়ে সাম্ভাব্য পৰীক্ষাৰ দিনপঞ্জী ৰাজহুৱা কৰিছিল৷ সেই অনুসৰি পৰীক্ষাৰ্থীসকলে প্ৰস্তুতি চলাইছিল৷ কিন্তু উক্ত পৰীক্ষা সূচীক নস্যাৎ কৰি হঠাতে ‘মূল’ পৰীক্ষা আগুৱাই আনি ৮ জুলাইৰ পৰা মূল পৰীক্ষা অনুষ্ঠিত কৰিব বুলি শনিবাৰে আনুষ্ঠানিকভাৱে পৰীক্ষাসূচী প্ৰকাশ কৰে৷ 

স্বাভাৱিকতেই আয়োগৰ এই সিদ্ধান্তক লৈ পৰীক্ষাৰ্থীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ দেখা গৈছে৷ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুটা মাহৰ ব্যৱধানতে ‘মূল’ পৰীক্ষাৰ অনুষ্ঠিত কৰাত একাংশ মেধাবী প্ৰাৰ্থীয়ে আয়োগে প্ৰস্তুতিৰ বাবে সময় নিদিয়াৰ অভিযোগ কৰিছে৷ আনকি আয়োগৰ এনে সিদ্ধান্তৰ ফলত কেৱল বিগত বৰ্ষৰ পৰীক্ষাত অনুত্তীৰ্ণ তথা ‘মূল’ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সক্ষম হোৱা প্ৰাৰ্থীসকলহে উপকৃত হ’ব বুলিও অসন্তুষ্টি ব্যক্তি কৰিছে৷ উল্লেখ্য, এপিএছচিয়ে বিগত ১২ এপ্ৰিলত প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই জুন মাহত ‘মূল’ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জাননী জাৰি কৰিছিল৷ আয়োগৰ সম্ভাব্য পৰীক্ষাৰ সূচীতকৈ ২মাহ সময় আগুৰাই আনি ‘মূল’ পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰিছিল ফাইট এগেইষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংস্থাটোৱে৷ শেহতীয়াকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ো এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই জুনত বিশ্ববিদ্যালয়সমূহত স্নাতকোত্তৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে এপিএছচিক ‘মূল’ পৰীক্ষা পিছুৱাবলৈ আহ্বান জনাইছিল৷

অৱশ্যে শনিবাৰে অসম লোকসেৱা আয়োগে একাংশ সংগঠনৰ প্ৰতিবাদৰ বাবে পৰীক্ষা পিছুওৱাৰ নাটক কৰি ৪ জুলাইৰ পৰা ১০জুলাইলৈ ‘মূল’ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সূচী জাৰি কৰে৷ অৰ্থাৎ এপিএছচিয়ে জুনৰ পৰিৱৰ্তে জুলাইৰ প্ৰথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত কৰিব যদিও পূৰ্বে প্ৰকাশ কৰা সম্ভাব্য পৰীক্ষাৰ সময়সূচীতকৈ এমাহ আগতীয়াকৈহে মূল পৰীক্ষা অনুষ্ঠিত কৰিব৷ লক্ষণীয়ভাৱে এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাত একাংশই কাট অৱ মাৰ্কতকৈ অধিক নম্বৰ পোৱা বুলি দাবী কৰি আয়োগক অভিযোগ দাখিল কৰিছিল যদিও আজিলৈকে আয়োগে সেইসকল ভুক্তভোগী প্ৰাৰ্থীৰ সন্দৰ্ভত কোন তথ্যই ৰাজহুৱা নকৰিলে৷