Logo
image

উচ্ছতম ন্যায়ালয়ৰ মজিয়াত অসমৰ ভুৱা এনকাউণ্টাৰ প্ৰসংগ

আমাৰ অসম, ৩০ এপ্ৰিলঃ ভুৱা এনকাউণ্টাৰক লৈ পুনৰ বিপদত পৰিব পাৰে স্মাৰ্ট অসম আৰক্ষী! জিম্মাত থকা অভিযুক্তক নিশাৰ আন্ধাৰত এনকাউণ্টাৰ কৰি একেখন চিত্ৰনাট্যকে পাঠ কৰি বীৰত্ব প্ৰদৰ্শন কৰা স্মাৰ্ট অসম আৰক্ষীৰ বিৰুদ্ধে এইবাৰ উচ্ছতম ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ অসম আৰক্ষীয়ে সংঘটিত কৰা ভুৱা এনকাউণ্টাৰৰ চিবিআই বা আন ৰাজ্যৰ আৰক্ষীৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ আৰ্জিৰে এইবাৰ উচ্ছতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে আৰিফ জোৱাদ্দাৰ নামৰ অধিবক্তাজন৷ দিল্লীৰ অধিবক্তাজনে ইতিপূৰ্বে অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ ঘটনাক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়তো লেখ আবেদন দাখিল কৰিছিল৷ উক্ত গোচৰটোৰ শুনানিৰ সময়ত অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ২০২২ চনৰ আগষ্ট পৰ্যন্ত ১৭১টা এনকাউণ্টৰৰ ঘটনা সংঘটিত হোৱাৰ শপতনামা দাখিল কৰিছিল৷ এই এনকাউণ্টাৰত ৫৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪৫ জন লোক গুলীবিদ্ধ হোৱাৰ কথাও স্বীকাৰ কৰিছিল৷ 

অৱশ্যে গোচৰীয়া পক্ষৰ অধিবক্তাই প্ৰতিটো এনকাউণ্টাৰৰ ঘটনা পৃথক এজাহাৰৰ ভিত্তিত তদন্ত হোৱা নাই বুলি অভিযোগ কৰিছিল যদিও চৰকাৰী পক্ষই এনকাউণ্টাৰৰ ঘটনাৰ আইন অনুসৰি তদন্ত হোৱা বুলি দাবী কৰি শপতনামাত উল্লেখ কৰিছিল৷ অৱশ্যে গোচৰীয়া পক্ষই আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত পৰ্যাপ্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱৰা বুলি উল্লেখ কৰি শেষত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বিচাৰপীঠে গোচৰটো খাৰিজ কৰিছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা কোনো সঁহাৰি লাভ নকৰি এইবাৰ আবেদনকাৰী আৰিফ জোৱাদ্দাৰে অসম আৰক্ষীৰ ভুৱা এনকাউণ্টৰৰ নিৰপেক্ষ স্বতন্ত্ৰ তদন্তৰ আৰ্জিৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ উচ্ছতম ন্যায়ালয়ত গোচৰীয়া পক্ষৰ হৈ দেশৰ প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দাঙি ধৰিব৷ সৰ্বোচ্ছ ন্যায়ালয়ত আৰিফ জোৱাদ্দাৰে লগতে অসমৰ প্ৰতিখন জিলাতে একোখনকৈ মানৱ অধিকাৰ আয়োগৰ আদালত স্থাপন কৰাৰ বাবেও আৱেদন জনাইছে৷ লক্ষণীয়ভাৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈয়ে হত্যাকাৰী, বলাৎকাৰী, ড্ৰাগছ মাফিয়াক আঁঠুৰ তলত গুলীয়াবলৈ আৰক্ষীক উৎসাহিত কৰিছিল৷ মুখ্যমন্ত্ৰীৰ বক্তব্যত উৎসাহিত হৈ আৰক্ষীয়েই নহয়, বনকৰ্মীয়ে এনকাউণ্টাৰ সংঘটিত কৰিছিল৷ অৱশ্যে অসম আৰক্ষীৰ কেইবাটাও এনকাউণ্টৰ ইতিপূৰ্বে ভুৱা আছিল বুলি প্ৰমাণ হৈছে৷ আনকি ৰাজ্য চৰকাৰৰ তদন্তৰ লগতে ৰাজ্যিক মানৱ অধিকাৰ আয়োগেও কেইবাটাও এনকাউণ্টৰক ভুৱা অভিহিত ভুক্তভোগীৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিছে৷ আনকি অসম আৰক্ষীৰ এনকাউণ্টাৰে এনে পৰ্যায়য়ো পাইছে গৈ যে– দিনৰ পোহৰতে ডকাইত বুলি সাধাৰণ কৃষককে এনকাউণ্টাৰত হত্যা কৰাৰ উদাহৰণ আছে৷