Logo
image

দেশে-বিদেশে ছবিৰ প্ৰচাৰ প্ৰিয়ংকাৰ, সংগী নিক

সম্প্ৰতি বিশ্বৰ অন্যতম ব্যস্ত তাৰকা তেওঁ৷ এখনৰ পাছত আন এক ছিৰিজত ব্যস্ত অভিনেত্ৰীগৰাকী৷ তাৰ মাজতো সংসাৰ চম্ভালিছে সুন্দৰকৈ৷ হয়, ‘দেশী গাৰ্ল’ খ্যাত প্ৰিয়ংকা চোপ্ৰাৰ কথাকে কোৱা হৈছে৷ বলীউডৰ পৰা হলীউডলৈ প্ৰিয়ংকাৰ অবিৰত যাত্ৰা৷ হলীউডৰ অন্যতম জনপ্ৰিয় ৱেব ছিৰিজতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন বিশ্ব সুন্দৰীয়ে৷ ‘চিটাডেল’ নামৰ বিখ্যাত ছিৰিজত প্ৰিয়ংকাই অভিনয় কৰিছে ‘মাৰ্ভেল’ খ্যাত অভিনেতা ৰুছো ব্ৰাদাৰ্ছৰ সৈতে৷ তদুপৰি বিশ্বখ্যাত ছিৰিজটোত অভিনয় কৰিছে ‘গেম অৱ থ্ৰোনাছ’ খ্যাত অভিনেতা ৰিচাৰ্ড মেডেনে৷ চলিত সপ্তাহতে মুক্তি লাভ কৰিছে ছিৰিজটো৷ সকলো মিলি জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছে প্ৰিয়ংকাই৷ প্ৰিয়ংকাৰ অভিনয়ত মুগ্ধ দৰ্শক অনুৰাগী৷ উল্লেখ্য, ডাঙৰ কথাটো হ’ল যে প্ৰিয়ংকাৰ আটাইতকৈ ডাঙৰ অনুৰাগী হ’ল স্বামী নিক জোনছ৷ শেহতীয়াকৈ এনে এক ইংগিত দিছে দেশী গাৰ্লে৷ মুম্বাই, লণ্ডন, ৰোমৰ পাছত লছ এঞ্জেলছত প্ৰিমিয়াৰ আছিল ৱেব ছিৰিজ চিটাডেলৰ৷ এই পৰ্যন্ত আটাইকেইটা প্ৰিমিয়াৰৰে ছাঁৰ দৰে দেখা গৈছে নিকক৷ ৰঙা কাৰ্পেটত আহি দুয়ো একেলগে ফটোৰ বাবে প’জ দিয়া পৰিলক্ষিত হ’ল৷ নিকৰ কাষত লাস্যময়ী প্ৰিয়ংকা দুয়ো দুয়োৰে বাবে অন্তৰংগ বন্ধু৷