Logo
image

মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰকমুহূৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ব্যৰ্থ মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী জনাইছে আপ অসমে। দেওবাৰে আপ অসমৰ গুৱাহাটীৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ দিপাংকৰ কলিতাই কয় যে যিসময়ত অসম চৰকাৰে প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীক ধন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে, সেই সময়তে মাহৰ পিছত মাহ নিজৰ প্ৰাপ্য দৰমহা বা মাননিৰ পৰা বঞ্চিত হৈ আছে অসম চৰকাৰৰ একাংশ কৰ্মচাৰী তথা ২০ সহস্রাধিক পঞ্চায়ত প্রতিনিধি। অথচ ৰাজ্য চৰকাৰে অসমৰ প্ৰায় প্ৰতিটো অঞ্চলত মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বিশাল বিশাল হর্ডিং লগাই মাহৰ ১০ তাৰিখে সকলো দেনা-পাওনা আদায় দিয়াৰ ঢাক-ঢোল বজাই আছে। চৰকাৰখনৰ এজন অন্যতম অকর্মণ্য মন্ত্ৰী ৰঞ্জিত দাসে সদস্তে ঘোষণা কৰিছিল যে প্রতিমাহৰ ১০ তাৰিখে ৰাজ্যৰ দুই সহস্রাধিক পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিয়ে নিজৰ বেংক একাউন্টত প্রাপ্য পাৰিতোষিক লাভ কৰিব। এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰাজ্যত প্ৰায় ২১ সহস্রাধিক নির্বাচিত পঞ্চায়তৰ প্ৰতিনিধি আছে আৰু ৰাজ্য চৰকাৰে ইয়াৰে জিলা পৰিষদৰ সদস্যসকলৰ বাবে ৫ হাজাৰ টকা, পঞ্চায়তৰ সভাপতিৰ বাবে ৫ হাজাৰ টকা, আঞ্চলিক সদস্যৰ বাবে ৩ হাজাৰ টকা আৰু গাঁও পঞ্চায়ত সদস্যৰ বাবে ২ হাজাৰ টকা পাৰিতোষিক নিৰ্ধাৰণ কৰি দিছিল। পূৰ্বৰ চৰকাৰসমূহৰ দিনত পঞ্চায়ত প্রতিনিধিসকলৰ বাবে নিৰ্ধাৰিত পাৰিতোষিক প্রদান নকৰাত জীৱিকাৰ তাড়নাত এইসকল প্রতিনিধি ব্যাপক অনিয়মত নিমজ্জিত হৈছিল যাৰ ফলত গোটেই পঞ্চায়তীৰাজ ব্যৱস্থাটো দুৰ্নীতিৰ অভিকেন্দ্ৰত পৰিণত হৈছিল। ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই সকলো বিভাগ দুর্নীতিমুক্ত কৰাৰ লগতে সকলো দেনা-পাওনা মাহৰ ১০ তাৰিখে সম্পূৰ্ণ কৰাৰ নিশ্চিতি দিছিল। ২০২১-২২ বৰ্ষতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ২১৯ গৰাকী সহকাৰী অভিযস্তাক নিযুক্তি দিছিল। কিন্তু আজিকোপতি তেওঁলোকে স্থায়ীভাৱে দৰমহা লাভ কৰা নাই। প্রথম ছমাহ কিছু পাৰিতোষিক লাভ কৰিছিল যদিও পাছত সেয়াও বন্ধ কৰি দিয়া হল। ফলত ইয়াৰে ১১৯ গৰাকী নিযুক্তিপ্রাপ্তই চাকৰি বাদ দি অইন চাকৰিত যোগদান কৰিলে আৰু এতিয়া বাকী থকা সকলেও চাকৰি এৰিবলৈ সাজু হৈছে।

আনহাতে এম জি এনৰেগাকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ সৈতে জড়িত কেন্দ্ৰীয় আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে ২০২১ চনতেই অসম চৰকাৰক এক সুকীয়া আভিযান্ত্রিক কোষ গঠন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল। কিন্তু বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে নিজৰ সান্দহ খোৱা বালি তল যাব বুলিয়েই তেনে কোষ গঠন নকৰিল। মন্ত্ৰী দাসে নিজৰ বিভাগীয় অভিযন্তাসকলক কাৰিকৰী কামসমূহৰ পৰা আঁতৰাই ৰাখি তেওঁলোকক নিয়োজিত কৰিছে অৰুণোদয়, বৃদ্ধ পেঞ্চন আদিৰ কামত আৰু কেন্দ্ৰীয় গাইডলাইন সম্পূৰ্ণৰূপে উলংঘা কৰি বিডিঅ'সকলৰ সৈতে লগ লাগি পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিসমূহৰ ধন উদৰস্থ কৰাৰ ফন্দি ৰচনা কৰিছে। এই কাম-কাজসমূহে ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰাক মুহূৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ চূড়ান্ত ব্যর্থতাকে প্রতিপন্ন কৰিছে। সেয়েহে আম আদমি পার্টী, অসমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক ব্যর্থতা স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছে। দেশৰ ভিতৰতে অন্যতম পাৰদৰ্শী বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে এজন ব্যর্থ মন্ত্ৰীক অতি শীঘ্ৰে মন্ত্রীসভাৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে আম আদমি পার্টীয়ে। সংবাদমেলত  মুখপাত্র ভাস্কৰজ্যোতি লেখাৰু, আমিৰ হুছেইন, বল্লভ পাত্ৰ আৰু মনিৰত্নম ডেকাও উপস্থিত থাকে।