Logo
image

হিমন্তবিশ্ব চৰকাৰৰ দ্বিবৰ্ষপূৰ্তিৰ চমক টাটাৰ প্ৰকল্প

আমাৰ অসম,১ মে': টাটা গ্ৰুপে অসমৰ উদ্যোগিক ক্ষেত্ৰত বৃহৎ বিনিয়োগ কৰিব নেকি? ৯ মে’ত অসম চৰকাৰ আৰু টাটা গ্ৰুপৰ মাজত বৃহৎ অংকৰ পুঁজি বিনিয়োগৰ চুক্তিৰ স্বাক্ষৰিত হ’ব নেকি? মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ইয়াৰে ইংগিত দিলে নেকি? ইতিমধ্যে অসমৰ ৩৪খন পলিটেকনিক আৰু ৪৩খন আই টি আইক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত টাটা গ্ৰুপে অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে৷ টাটা গ্ৰুপে ইয়াৰ বাবে ২৭৫৬ কোটি টকা বিনিয়োগ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি কয় যে ৯ মে’ত অসমত প্ৰায় ১০ হাজাৰ কোটি টকা বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব৷ অসমত নতুন বিনিয়োগ হ’ব৷ ১০ মে’ত বিহপুৰীয়াত মাধবদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰা হ’ব৷ ১০ মে’ৰ গধূলি ৰেচন কাৰ্ড থকা সকলো লোকলৈ বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা আঁচনি ‘মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম’ আৰম্ভ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ আঁত ধৰি ৰাজ্য চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৯ মে’ত টাটা গ্ৰুপৰ লগত অসম চৰকাৰৰ পুনৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বেও টাটা গ্ৰুপে অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ সূত্ৰটোৰ মতে টাটা গ্ৰুপে অসমত শীঘ্ৰে এটা বৃহৎ উদ্যোগিক গোট স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰ আৰু টাটা গ্ৰুপৰ মাজত কেবালানি আলোচনা হৈ গৈছে৷ যদি সকলো ঠিকে থাকে  তেন্তে টাটা গ্ৰুপ অসমত আই ফোন প্ৰস্তুতৰ উদ্যোগ স্থাপন কৰিব৷

ইতিমধ্যে উইছটৰ্নৰ পৰা আইফোন প্ৰস্তুতৰ কাৰখানা ক্ৰয় কৰিছে টাটাই৷ বাংগালুৰুত থকা এই কাৰখানা ক্ৰয় কৰাৰ পিছত ইয়াক প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে টাটা গ্ৰুপে৷ ইয়াৰ ফলত ভাৰতত ঘৰুৱাভাৱে উৎপাদিত হ’ব আইফোন৷ বেংগালুৰুৰ এই কাৰখানা উইছটাৰ্ন আইফোন ১২ আৰু আইফোন ১৪ প্ৰস্তুত কৰি আছিল৷ টাটাই আই ফোন ১৫ নতুনকৈ প্ৰস্তুতৰ পৰিকল্পনা কৰিছে৷ বাংগালুৰুত উইছটৰ্নৰ ২.২ মিলিয়ন বৰ্গফুটৰ এটা কাৰখানা আছে য’ত আইফোন প্ৰস্তুত কৰা হয়৷ উল্লেখ্য যে ১৯ এপ্ৰিলত অনুষ্ঠিত কেবিনেট বৈঠকে অসমত ৮টা মেগা প্ৰকল্পৰ বিপৰীতে ৮,২২৯ কোটি টকা বিনিয়োগৰ প্ৰস্তাবত অনুমোদন দিছিলে৷ এই বিনিয়োগৰ ফলত প্ৰায় ৬ হাজাৰ যুৱক-যুৱতীয়ে প্ৰত্যক্ষভাৱে নিয়োগৰ সুযোগ লাভ কৰিব৷ এই বুজাবুজিৰ চুক্তিসমূহ ৯ মে’ত স্বাক্ষৰ হ’ব৷ যদি টাটা গ্ৰুপে অসমত আই ফোন প্ৰস্তুতৰ কাৰখানা স্থাপন কৰে তেন্তে ৰাজ্যখনৰ উদ্যোগিকৰণৰ ক্ষেত্ৰত এক যুগন্তকাৰী পদক্ষেপ হ’ব৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ দ্বিবৰ্ষপূৰ্তি উপলক্ষে টাটাৰ সৈতে ব্যৱসায়ৰ বৃহৎ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি হয়তো সমগ্ৰ দেশকে চমক দিব বিচাৰিছে৷