Logo
image

ডিব্ৰুগড়-শিলচৰলৈ নতুন উৰণ, মাজুলীত হেলিকপ্টাৰ সেৱা

আমাৰ অসম, ২ মে': এইবাৰ গুৱাহাটী-ডিব্ৰুগড়ৰ আকাশী পথক সামৰি ল’লে ফ্লাই বিগে৷  গুৱাহাটী-ডিব্ৰুগড়ৰ আকাশী পথেই নহয়, গুৱাহাটী-শিলচৰৰ আকাশী পথতো সেৱা আগবঢ়াব দেশৰ আগশাৰী বিমান পৰিবহণ সংস্থা ফ্লাই বিগে৷ বিমান সংস্থা ফ্লাই বিগে দৈনিক গুৱাহাটী-ডিব্ৰুগড় আৰু ডিব্ৰুগড়-গুৱাহাটীৰ পুৱা-সন্ধিয়া পোনপটীয়াকৈ বিমান সেৱা আৰম্ভ কৰিছে৷ সোমবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই নতুন বিমানসেৱাৰ ফ্লেগ অফ কৰে অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ উল্লেখ্য, গুৱাহাটী-ডিব্ৰুগড়ৰ মাজত বিমানখন দৈনিক পুৱা ০৯: ৩৫ বজাত ডিব্ৰুগড়লৈ চলিব আৰু বিয়লি ৩.১০ বজাত গুৱাহাটীলৈ উভতি আহিব এই বিমানখন৷ ইফালে, ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী বিমানখনৰ ফ্লেগ অফ কৰে অসম পৰ্যটন উন্নযন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ বিমান সেৱাৰ মুকলি কৰি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ উড়ান প্ৰকল্পটো পূৰ্ণাংগ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সেৱাই ঢুকি নোপোৱা অঞ্চলসমূহক বিমান সংযোগৰ যোগেদি সংযোগ কৰিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ ফ্লাই বিগে ১৫ মে’ৰ পৰা গুৱাহাটী-শিলচৰ আৰু গুৱাহাটী সেৱাও আৰম্ভ কৰিব৷ অসমৰ বাবে অসম পৰ্যটন নিগমৰ দ্বাৰা আঞ্চলিক বিমান সংযোগৰ প্ৰসাৰৰ বাবে নিজস্থ পুঁজিৰ অধীনত চলাচল কৰিব এই বিমান দুখন৷ অনুষ্ঠানত এটিডিচিৰ সঞ্চালক পদ্মপানী বৰাই কয়–গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আৰু আকৌ গুৱাহাটীলৈ অহা এই নতুন প্ৰত্যক্ষ বিমানখন আৰম্ভ কৰি আমি ৰোমাঞ্চিত হৈছো৷ এই পথটো অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু ইয়াক পূৰণ কৰিবলৈ সক্ষম হোৱাত আমি গৌৰৱাম্বিত৷ ইফালে এই নতুন দৈনিক বিমান সেৱাই অসমৰ দুখন ডাঙৰ চহৰ ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজতো সংযোগ বৃদ্ধি কৰিব৷ ই কেৱল পৰ্যটককে নহয়, ব্যৱসায়িক ভ্ৰমণকাৰী, ছাত্ৰ-ছাত্ৰী আৰু এই দুখন চহৰৰ মাজত অহা-যোৱা কৰিবলগীয়া স্থানীয় লোকসকলকো উপকৃত কৰিব বুলি মন্তব্য কৰে পদ্মপাণি বৰাই৷ আনফালে, ডিব্ৰুগড়ৰ পৰা ফ্লেগ অফ অনুষ্ঠানত ভাষণ দি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কয়, ‘‘ফ্লাই বিগক তেওঁলোকৰ নতুন সেৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু আমাৰ ৰাজ্যৰ সংযোগ উন্নত কৰাৰ বাবে তেওঁলোকৰ দায়বদ্ধতাৰ বাবে ধন্যবাদ জনাইছো৷ মই নিশ্চিত যে এই নতুন বিমান সেৱাই পৰ্যটনক প্ৰসাৰিত কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব৷ ইফালে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়া অনুসৰি ফ্লাই বিগৰ যাত্ৰীৰ ভাৰা ৪,৫০০ টকাতকৈ অধিক নহ’ব৷ অৱশ্যে, দৈনিক চলাচল কৰিবলগীয়া বিমানখনত নূ্যনতম ৪০ জনতকৈ কম যাত্ৰী হ’লে নিৰ্দিষ্ট আসনৰ বিপৰীতে ফ্লাই বিগক ভাৰা পৰিশোধ কৰিব লাগিব পৰ্যটন বিভাগে৷ অৱশ্যে সোমবাৰৰ উদ্বোধনী যাত্ৰাত ৭২ খন আসন থকা বিমানখনত ৬৪ জন যাত্ৰীয়ে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰে৷ পৰ্যটনমন্ত্ৰীজনে লগতে মাজুলী, কাৰ্বি আংলং, ডিমাহাচাও আদিলৈ পৱনহংস হেলিকপ্তাৰ সেৱা আৰম্ভ কৰাৰ বাবে হেলিপেড নিৰ্মাণৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে৷