Logo
image

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে স্নায়ুৰোগ-হৃদৰোগ, উদ্বিগ্ন চিকিৎসক মহল

আমাৰ অসম, ৯ মে’: ক’ভিড বিধবস্ত অসমত ব্যাপক হাৰত বৃদ্ধি পাব ধৰিছে হৃদৰোগ আৰু স্নায়ুজনিত ৰোগীৰ সংখ্যা৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ চমুকৈ চিএন চেণ্টাৰৰ সমীক্ষাত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও জিএমচিএইচৰ চিএন চেণ্টাৰত বিগত এবছৰত হৃদ আৰু স্নায়ুজনিত সমস্যাত ভোগা ১,২৩,৬৫০জন ৰোগীক চিকিৎসা সেৱা আগবঢ়াইছে৷ পূৰ্বৰ তুলনাত বিগত এটা বৰ্ষত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰটোত বহিঃবিভাগৰ ৰোগীৰ সংখ্যা ১০০ শতাংশ বৃদ্ধি পাইছে৷ তদুপৰি অত্যাধুনিক চিকিৎসাকেন্দ্ৰটোত আন্তঃবিভাগীয় ৰোগীৰ সংখ্যা ১১৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে মগজুৰ লগতে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা ৰোগীৰ সংখ্যাও ২৬১ শতাংশ বৃদ্ধি পাইছে৷ বিগত বৰ্ষৰ ৯ অক্টোবৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰা জিএমচিএইচৰ হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ কাইলৈ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰিছে৷ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকমুহূৰ্তত চিএন চেণ্টাৰে এই তথ্য ৰাজহুৱা কৰিছে৷ চিকিৎসা কেন্দ্ৰটোৰ সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যই সদৰী কৰা অনুসৰি বিগত এটা বৰ্ষত চিএন   চেণ্টাৰৰ মুঠ ৪টা বিভাগত ১,১৬,৮৪৩জন বহিঃবিভাগৰ ৰোগীক সেৱা আগবঢ়োৱা হৈছে৷ তদুপৰি আন্তঃবিভাগত ৬,৪০৭জন ৰোগীয়ে সেৱা গ্ৰহণ কৰিছে৷ লক্ষণীয়ভাৱে চিকিৎসা কেন্দ্ৰটোত ১,৬১০টা গুৰুতৰ আৰু ২,২৩৫টা সূক্ষ্ম অস্ত্ৰোপচাৰ সম্পন্ন হৈছে৷ তদুপৰি কাৰ্ডিক কেথলেব ১,২২৮টা, পেচমেকাৰ সংৰোপন ৫৯৩টা আৰু নিউৰ’ ইণ্টাৰভেঞ্চনৰ ১০০টা সফল অস্ত্ৰোপচাৰ কৰা হৈছে৷ লক্ষণীয়ভাৱে হৃদ তথা স্নায়ুজনিত সমস্যাত ভোগা বহিঃবিভাগৰ ৰোগীৰ ৬৩.৪৫ শতাংশই পুৰুষ আৰু ৩৬.৫৫ শতাংশহে মহিলা ৰোগী৷ একেদৰে ক্লিনিকেল ছাৰ্জাৰিৰ হাৰ ২০৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে স্পাইনেল ছাৰ্জাৰিৰ হাৰ ২৬১ শতাংশ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে উত্তৰ-পূবৰ চিকিৎসা বিজ্ঞানৰ ইতিহাসত প্ৰথমবাৰলৈ চি এন চেণ্টাৰত এজন ৰোগীক সংজ্ঞাহীন নকৰাকৈ ব্ৰেইন টিউমাৰৰ অস্ত্ৰোপচাৰৰ লগতে আন এটি ১১ বছৰীয়া কিশোৰৰ মগজুৰ পিছ অংশত থকা টিউমাৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল৷ ইফালে, হৃদ তথা স্নায়ু ৰোগ আৰু ব্ৰেইন টিউমাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ বাখ্যা কৰি সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যই কয়– হৃদৰোগ তথা স্নায়ুজনিত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তাজনক৷ বিশেষকৈ ক’ভিডৰ পাছতেই এনে ৰোগীৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে বৃদ্ধি পোৱা দেখা  গৈছে ব্ৰেইন টিউমাৰত ভোগা ৰোগীৰ সংখ্যাও৷ এনে ৰোগী বৃদ্ধি পোৱাৰ একক স্পষ্ট কাৰণ নাই যদিও বহু সময়ত বংশগত, প্ৰদূষণ আদি কাৰকৰ বাবেও ৰোগত আক্ৰান্ত হ’ব পাৰে৷ বৰ্তমান চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ বাবেই পৰীক্ষা-নিৰীক্ষা সুলভ হৈ পৰিছে৷ যাৰ ফলত ৰোগ চিনাক্তকৰণৰ হাৰ বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে উত্তৰ-পূবৰ উন্নত অত্যাধুনিক চিকিৎসালয় হিচাপে চিএন চেণ্টাৰলৈ ৰোগী ঢপলিয়াই আহিছে৷ চিএন চেণ্টাৰত দেশৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰাও চিকিৎসা সেৱা আগবঢ়োৱা হৈছে৷