Logo
image

মূল্যবৃদ্ধি আৰু নিয়ন্ত্ৰণহীন বজাৰ

অসমত হৈ যোৱা প্ৰথমটো বানৰ পাছত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যত তাৰ প্ৰভাৱ পৰিছে৷ বানৰ অচিলা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে শাক-পাচলিৰ লগতে আন কেতবোৰ অপৰিহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ নাগৰিকৰ মূৰত ৰাম টাঙোন শোধাইছে৷ বয়-বস্তুৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাটো চৰকাৰৰ কৰ্তব্য যদিও শেহতীয়াভাৱে ৰাজ্যখনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত হোৱাত একাংশ মন্ত্ৰী আৰু জনপ্ৰতিনিধিৰ উদ্ভট মন্তব্যত সৰ্বসাধাৰণ জাঙুৰ খাই উঠাও দেখা গৈছে৷ কঠিন পৰিস্থিতিত সৰ্বসাধাৰণক কাষত থাকি তেওঁলোকৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰাৰ পৰিৱৰ্তে জনপ্ৰতিনিধিসকলৰ কেতবোৰ অবিবেচক মন্তব্যই বহু সময়ত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাও দেখা যায়৷ মূল্যবৃদ্ধিৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে৷ বিভিন্ন ঠাইত বিৰোধী দলৰ লগতে সৰ্বসাধাৰণ লোক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা দেখা গৈছে৷

অসমত শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে সাধাৰণ ৰাইজে মূলতঃ খাদ্য আৰু অসামৰিক যোগান বিভাগকে জগৰীয়া কৰে যদিও এই বিষয়টো উল্লেখিত বিভাগটোৰ নিয়ন্ত্ৰণত নাথাকে৷ তথাপি বিভাগটোৱে শেহতীয়াকৈ গুৱাহাটীৰ বিভিন্ন শাক-পাচলিৰ বজাৰ পৰিদৰ্শন কৰি খুচুৰা ব্যৱসায়ীসকলে পাইকাৰি হাৰতকৈ ৩০-৩৫ শতাংশপৰ্যন্ত অধিক হাৰত সামগ্ৰী বিক্ৰী কৰাটো নিশ্চিত কৰিছে৷ পাইকাৰি মূল্য আৰু খুচুৰা বজাৰত বিক্ৰী হোৱা সামগ্ৰীৰ মূল্যৰ মাজত পাৰ্থক্য থকাটো স্বাভাৱিক৷ কিন্তু পাইকাৰি মূল্যততৈ খুচুৰা বজাৰৰ সামগ্ৰীৰ মূল্যৰ মাজত ইমান বেছি প্ৰভেদ গ্ৰহণযোগ্য নহয় আৰু চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা লোৱা উচিত৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অথবা বান আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সুুবিধা লৈ এচাম ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাটো পূৰ্বৰ পৰাই চলি আহিছে৷ কোৱা হৈছে যে প্ৰবল বৃষ্টিপাত আৰু বানৰ ফলত ৰাজ্যখনত পাচলি উৎপাদনত প্ৰভাৱ পৰিছে৷ ৰাজধানী গুৱাহাটীৰ গ্ৰাহকৰ চাহিদা পূৰোৱাৰ বাবে মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পৰা পাচলি আনিবলগীয়া হৈছে৷ সেইবাবে মূল্য কিছু বৃদ্ধি পাইছে৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে, এবিধ সামগ্ৰীক একেখন ঠাইতে ভিন্ন মূল্যত বিক্ৰী কৰা হৈছে৷ এইক্ষেত্ৰত ব্যৱসায়ীসকলৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ থকা উচিত৷ গুৱাহাটীত শেহতীয়াভাৱে প্ৰতি কিলোগ্ৰামত ৭০-৮০ টকা মূল্যৰ তলত কোনো পাচলি পোৱা নাযায়৷ বিলাহী, গাজৰ, কেঁচা জলকীয়া আদিৰ মূল্য ঠাই বিশেষে প্ৰতি কিলোগ্ৰামত ১২০ টকাপৰ্যন্ত হৈছে৷ কামৰূপ মেট্ৰ’পলিটান  জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা মতে, গুৱাহাটীৰ পামহিত থকা পাচলিৰ পাইকাৰি বজাৰখন হৈছে ৰাজ্যৰ কৃষি আৰু বিপণন ব’ৰ্ডৰ অনুমোদিত একমাত্ৰ বজাৰ৷ সেই বজাৰখনৰ উপৰি ফাঁচী বজাৰ, বেলতলা, গণেশগুৰি আদিতো আছে পাচলিৰ পাইকাৰি বজাৰ৷ এই বজাৰৰ সামগ্ৰী আৰু পাইকাৰি বজাৰৰ সামগ্ৰীৰ মূল্যত দেখা যায় বৃহৎ প্ৰভেদ৷ এইবোৰ নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ দায়িত্ব যদিও এতিয়ালৈকে সংশ্লিষ্ট বিভাগৰ পৰা তেনে কোনো পদক্ষেপ দেখিবলৈ পোৱা নাই৷ চৰকাৰী বিষয়া-আমোলাৰ ছত্ৰছায়াত থাকি অসাধু ব্যৱসায়ীসকলে এনেদৰে সাধাৰণ লোকক হায়ৰান কৰাৰ সাহস কৰিছে নেকি?– এইবোৰ দেখি-শুনি সৰ্বসাধাৰণৰ মনত এনেধৰণৰপ্ৰশ্নৰ উদয় হোৱাটো তেনেই স্বাভাৱিক৷ মূল্যবৃদ্ধিক মূল ইছ্যু হিচাপে লৈ কংগ্ৰেছক শাসনৰ পৰা ওফৰোৱা বিজেপিৰ লগতে  বিজেপি আৰু মিত্ৰদলৰ সদস্যসকল বৰ্তমানৰ এই সমস্যাটোক লৈ চিন্তিত নোহোৱাৰ বিষয়টোৱে এতিয়া সকলোকে সন্দিহান কৰি তুলিছে৷ অহা বছৰ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু সহযোগী দলে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে৷ সকলো সময়তে ‘সবকা সাথ, সবকা বিশ্বাস’ শ্লোগান আওৰাই থকা বৰ্তমানৰ চৰকাৰখনে মূল্যবৃদ্ধিৰ পৰা সাধাৰণ শ্ৰেণীক সকাহ দিয়াৰ ব্যৱস্থা ল’বনে? সাধাৰণ জনতাৰ মনত এয়াও এটা ডাঙৰ প্ৰশ্ন৷