Logo
image

সমুদ্ৰৰ স্বাস্থ্য

বৰ্তমান জলবায়ু উষ্ণতা আৰু প্লাষ্টিকৰ আগ্ৰাসনৰ কবলত পৰি অসুখীয়া হৈ পৰা বিশ্বত সমুদ্ৰৰ জলৰাশি আৰু জীৱকুলো বিপদত পৰিছে৷ বিশ্বৰ বিভিন্ন সমুদ্ৰ তটত প্লাষ্টিক ভক্ষণ কৰি অসংখ্য আপুৰুগীয়া জীৱ, উদ্ভিদ সমস্যাৰ সন্মুখীন হোৱাৰ উপৰি ইয়াৰ উপকূলৰ পৰিৱেশো ক্ষয়িষ্ণু হৈছে৷ ইয়াৰ বিপৰীতে উৰিষ্যাৰ উপকূললৈ এতিয়াও লক্ষাধিক দুৰ্লভ কাছ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এইবাৰো প্ৰব্ৰজনৰ বাবে আহিছে আৰু স্থানীয় লোকে সুৰক্ষা দি সময়ত আলহীক ওভটায়ো পঠিয়াইছে৷ যোৱা মাহত হঠাতে পুৰীৰ উপকূলত ঢৌৱে সৰু মাছৰ মেলা এখনৰ সৃষ্টি কৰি থৈ গ’ল৷ এইবোৰ স্বাস্থ্যৱান সমুদ্ৰৰ লক্ষণ৷ পশ্চিমবংগ আৰু চেন্নাইৰ সমুদ্ৰ-তটৰ পৰিস্থিতি-তন্ত্ৰও এতিয়ালৈকে অটুট আছে৷
প্ৰতিবছৰে বিশ্বত ৮ জুনত  সমুদ্ৰ দিৱস পালন কৰা হয় আৰু ইয়াৰ দ্বাৰা আমাৰ পাৰিৱেশিক আৰু আৰ্থিক দিশত সমুদ্ৰৰ অসীম অৱদানৰ বিষয়ে সকলোকে সোঁৱৰাই দিয়া হয়৷ পৃথিৱীৰ গোলাৰ্ধৰ ৭০ শতাংশ আগুৰি থকা সমুদ্ৰই স্বাভাৱিকতে আমাৰ পৰিৱেশ সুস্থ কৰি ৰখাত বিশেষ অৰিহণা যোগায়৷ মানৱ প্ৰজাতিৰ বাবে অক্সিজেন যোগান ধৰাৰ উপৰি মৌচুমী বায়ুৰ লেখীয়া শতাধিক স্থায়ী বায়ু প্ৰবাহে সমুদ্ৰৰ পৰাই জলীয় বাষ্প সংগ্ৰহ কৰি কৃষিভূমিক বৰষুণৰ ৰূপত সঞ্জীৱিত কৰে৷ ইয়াৰ সমান্তৰালভাৱে বিশালসংখ্যক জীৱৰ বাসস্থান আৰু বিচৰণভূমিও এই সমুদ্ৰ যাৰ ওপৰত উপকূলীয় অঞ্চলৰ লক্ষাধিক লোক আৰ্থিকভাৱে নিৰ্ভৰশীল৷ বৰ্তমান খাদ্য বিজ্ঞানীসকলে সামুদ্ৰিক মাছ আৰু আন প্ৰাণী প্ৰটিন আৰু ভালেমান খাদ্যপ্ৰাণৰ উত্তম উৎস বুলি ঘোষণা কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত মানৱ সমাজে পৰিৱেশৰ স্বাস্থ্য আৰু নিজৰ স্বাস্থ্যৰ স্বাৰ্থতে সমুদ্ৰৰ স্বাস্থ্য সুৰক্ষিত ৰখা উচিত৷
সমুদ্ৰৰ সমস্যা বৰ্ধিত হাৰত হোৱাৰ সমান্তৰালভাৱে কিছু পলমকৈ হ’লেও সজাগতা জাগিছে আৰু বিভিন্ন অঞ্চলত প্ৰকৃতিপ্ৰেমী আৰু বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান সক্ৰিয়ভাৱে আগবাঢ়ি আহিছে৷ এইক্ষেত্ৰত বিশ্ববিখ্যাত ফৰাচী জীৱ বিজ্ঞানী ড॰মিট্‌চেল বেটিছেৰ নামত ইউনেস্ক’ৰ দ্বাৰা বায়’স্ফেয়াৰ ৰিজাৰ্ভ মেনেজমেণ্টৰ বাবে দুবছৰৰ অন্তৰত বাৰ হাজাৰ ডলাৰ মূল্যৰ বঁটা দিয়া হয়৷ বিশ্বৰ সন্মানীয় এই বঁটা ২০২৩ চনত ভাৰতীয় পৰিৱেশ বিজ্ঞানী জগদীষ এছ বাকান, ডিৰেক্টৰ, জি এমএমএনপিয়ে লাভ কৰে৷ গাল্ফ অৱ মেনাৰ মেৰাইন নেচনেল পাৰ্কৰ লগত জড়িত ড॰ জগদীশে ৭০ হেক্টৰ জলজ উদ্ভিদ আৰু ৬০০ বৰ্গমিটাৰ প্ৰবাল শিৰা সংৰক্ষিত কৰে আৰু ১৮৫ হেক্টৰ অঞ্চলৰ পৰা ক্ষতিকাৰক তৃণ-বৃক্ষ অপসাৰিত কৰে৷ তেওঁ ছটা স্থানীয় লোকৰ দ্বাৰা পৰিচালিত প্ৰকল্প প্ৰতিষ্ঠা কৰিছে, যাৰ দ্বাৰা ইক’-ট্যুৰিজ্‌ম আৰু প্লাষ্টিক চেকপ’ষ্টছ স্থাপন কৰা হৈছে৷ এই কামত ২,৫৫০টা স্বয়ংসেৱী অনুষ্ঠানৰ ৩৬,০০০ সদস্য জড়িত হৈ আছে৷ প্ৰায় আঠ হাজাৰ সেউজ সংস্থাপনৰ সৃষ্টি কৰি তেওঁ প্ৰায় সাত হাজাৰ মহিলাক আৰ্থিকভাৱে প্ৰতিষ্ঠা কৰিছে৷ পশ্চিমবংগৰ সুন্দৰ বন মোহনাতো প্ৰায় একেধৰণে মেনগ্ৰ’ভ প্লেণ্টেচন, বান নিয়ন্ত্ৰণ, সমুদ্ৰ-তটৰ ভূমি কৃষিৰ উপযোগীকৈ সুৰক্ষিত কৰা, মথাউৰি নিৰ্মাণ আদি কামৰ প্ৰকল্প চলি আছে, য’ত স্থানীয় সেউজকৰ্মীৰ দলে নিজৰ স্বাৰ্থতে আন্তৰিকতাৰে কাম কৰি পৰিৱেশ আৰু আৰ্থিক ব্যৱস্থা সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছে৷ আমাৰ ৰাজ্যৰ বেদখলৰ কবলত থকা পাহাৰ, জলাশয়, অভয়াৰণ্য আৰু নৈৰ দাঁতিৰ বানপীড়িত অঞ্চলৰ সুৰক্ষাৰ বাবেও শিক্ষিত যুৱসমাজে প্ৰকল্প হাতত লৈ কাম কৰিবলৈ আগুৱাই আহিব পাৰে৷ ইয়াৰ বাবে বিদেশী পুঁজিও পোৱা যায়৷ একালত মাজুলীত সঞ্জয় ঘোষে এনে প্ৰকল্পৰে বানপীড়িত ৰাইজৰ হিতৰ বাবে কাম কৰিবলৈ আহিছিল৷
সমুদ্ৰৰ স্বাস্থ্য কেৱল উপকূলীয় অঞ্চলৰ বাবেই নহয়, আন দেশসমূহৰ বাবেও গুৰুত্বপূৰ্ণ৷ কাৰণ সামুদ্ৰিক জীৱ আৰু মাছ বিশ্বৰ বিভিন্ন দেশৰ জনসাধাৰণৰ বাবে বিশেষভাৱে পুষ্টিকৰ তেল আৰু খাদ্যৰ উৎস৷ এইবোৰ সংৰক্ষণ কৰি এবছৰ-দুবছৰলৈকে পৰ্যটক, ভ্ৰমণকাৰী, পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰে৷ ক’ভিড অতিমাৰীৰ সময়ত অনেকে এনে মাছৰ ওপৰত নিৰ্ভৰশীল আছিল৷ বিশেষজ্ঞসকলৰ মতে, নতুনকৈ আৱিষ্কৃত নেন’ প্লাষ্টিক (অতি ক্ষুদ্ৰ প্লাষ্টিকৰ কণিকা) অতি সহজে পানীত মিশ্ৰিত হৈ সামুদ্ৰিক জীৱ-প্ৰাণী প্ৰদূষিত কৰে, যিবোৰে পৰোক্ষভাৱে চৰাই, আন সামুদ্ৰিক জীৱ ভক্ষণকাৰী আৰু মানৱ স্বাস্থ্যলৈ বিপদ কঢ়িয়াই আনে৷ এনে প্ৰদূষণে আন্দামানৰ বহুমূলীয়া প্ৰবাল দ্বীপৰ যথেষ্ট ক্ষতি কৰিছে৷ আমাৰ দেশৰ সুদীৰ্ঘ উপকূলীয় অঞ্চলৰ লক্ষাধিক মাছমৰীয়া সামুদ্ৰিক জীৱ, মাছ আদিৰ ওপৰত আৰ্থিকভাৱে নিৰ্ভৰশীল৷ এই প্ৰাণী আৰু জীৱসমূহৰ উপৰি মোহনা অঞ্চলৰ, দ্বীপ আৰু দ্বীপপুঞ্জৰ দাঁতি-কাষৰীয়া অঞ্চলৰ পৰিস্থিতি-তন্ত্ৰৰ সুস্বাস্থ্য সমুদ্ৰৰ পানীৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল৷ সমগ্ৰ বিশ্বৰে কোটিসংখ্যক লোকক খাদ্যৰ যোগান ধৰা আৰু প্ৰায় ৫০ নিযুত লোকক সংস্থাপনৰ যোগান ধৰা এই সমুদ্ৰক আমি আৱৰ্জনাৰ আধাৰ কৰি পেলাইছোঁ, সামুদ্ৰিক জীৱ আৰু উদ্ভিদক নিঃচিহ্ন কৰিছোঁ আৰু অসংখ্যক প্লাষ্টিকৰ আৱৰ্জনাৰে বিপদত পেলাইছোঁ৷ আমাৰ দেশৰো সমুদ্ৰ-তট ইয়াৰ ব্যতিক্ৰম নহয়৷ যোৱা তিনি বছৰে তামিলনাডুত প্ৰায় ৮০০ মাছমৰীয়া সমাজৰ যুৱকে প্ৰায় ছয় হাজাৰ টন প্লাষ্টিকৰ আৱৰ্জনা সমুদ্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰিছে৷ দুবছৰ আগতে বাৰিষা এদিন সমুদ্ৰই মুম্বাইৰ ইণ্ডিয়া গেটত হাজাৰ টন আৱৰ্জনা পেলাই থৈ গৈছিল৷ প্ৰকৃতিয়ে যেনেকৈ অৱদানেৰে আমাক উপচাই দিয়ে, তেনেকৈ শিক্ষা দিবলৈও কুণ্ঠাবোধ নকৰে৷