Logo
image

পোছাকৰ শালীনতা

চলিত বৰ্ষৰ পৰা অসমত নতুন শিক্ষানীতি ২০২০ বাস্তৱায়িত কৰাৰ কথা৷ প্ৰাথমিক পৰ্যায়ৰ পৰা সৰ্বোচ্ছ স্তৰলৈ যিহেতু বিভিন্ন সাল-সলনিৰ কথা আহিব, সেয়েহে ই এক গহীন-গম্ভীৰ বিষয়, যথেষ্ট চিন্তা-চৰ্চা-পৰিকল্পনা-কাৰ্যসূচী গ্ৰহণ তথা ৰূপায়ণৰ বিষয়৷ ইতিমধ্যে, বিশ্ববিদ্যালয়পৰ্যন্ত পাঠ্যক্ৰম সাল-সলনিৰ কুচকাৱাজ আৰম্ভ হৈছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো পূৰ্বৰ দৰে নাথাকিবগৈ বুলি চৰ্চা হৈছে; আকৌ, উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদক ব’ৰ্ড অৱ ছেকেণ্ডাৰী এডুকেচন বা ছেবাৰ লগত চামিল কৰা হ’ব বুলিও প্ৰচাৰ চলিছে৷ কিন্তু, এই আটাইবোৰ কথা স্ফটিকৰ দৰে স্পষ্ট হৈ উঠা নাই৷ বৌদ্ধিকজগত, শিক্ষাজগত আৰু সৰ্বসাধাৰণৰ মাজত এই বিষয়ক লৈ জল্পনা-কল্পনা, চিন্তা-চৰ্চাৰ অন্ত নাই৷ অন্ত হোৱা নাই দ্বিধা-সংকোচ-সন্দেহৰো৷ এইবোৰ গধুৰ বিষয়ত পৰ্দা টানি যিটো বিষয় মঞ্চত প্ৰৱেশ কৰিছে, সেইটো হৈছে শিক্ষক-শিক্ষয়িত্ৰী, বিশেষকৈ শিক্ষয়িত্ৰীৰ সাজ-পোছাক৷ চৰকাৰে হঠাৎ উপলব্ধি কৰিছে যে শিক্ষক-শিক্ষয়িত্ৰীসকলে মৰ্যাদাপূৰ্ণ পোছাক পৰিধান কৰা নাই৷ অত বছৰে চৰকাৰী কতৃৰ্পক্ষই পোছাকৰ ওপৰত কিবা মাত মাতিব লাগে বুলি অনুভৱ কৰা নাছিল৷ এনে এক সন্ধিক্ষণত, যেতিয়া এক বিশাল পৰিৱৰ্তন বাস্তৱায়িত কৰাৰ নিচিনা গুৰুত্বপূৰ্ণ সময় উপস্থিত হৈছে, তেতিয়াই সাজ-পোছাকৰ নামত নীতি-নিয়ম পতাৰ হেঁপাহ চৰকাৰৰ জাগিছে৷ স্বাভাৱিকতেই এক মৃদু গুণ-গুণনিৰ আৰম্ভ হৈছেঃ চৰকাৰে পাৰে বুলি কৈছে যেতিয়া চেলোৱাৰ-কামিজ কিয় নিপিন্ধিব, ইমান যুগ ধৰি মেখেলা-চাদৰ, শাৰীয়ে এক ঐতিহ্য নিৰ্মাণ কৰিছে, তাক কিয় অৱমাননা কৰিবলৈ দিয়া হ’ব, আদি মত আৰু মন্তব্যৰ আদান-প্ৰদান চলিছে৷ মন কৰিবলগীয়া যে শিক্ষকসকলৰ পোছাকৰ ক্ষেত্ৰত বিশেষ তৰ্ক-বিতৰ্ক চলা নাই৷ হয়তো তেওঁলোকৰ পছন্দ কৰাৰ অধিকাৰক সন্মান দিয়া হৈছে৷ কেইবছৰমান পূৰ্বে অসম সচিবালয়কে ধৰি চৰকাৰী কাৰ্যালয়সমূহত পোছাক-পৰিধানৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছিল অসম চৰকাৰে৷ কিছুদিন সেইটোক লৈ বেছ সৰস আলোচনা-বিলোচনা চলিল৷ এতিয়া তেনে কথাবোৰৰ চিন-মোকাম নোহোৱা হ’ল৷ আন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, যেনে– সাংস্কৃতিক সঞ্চালকালয় (অৰ্থাৎ মিউজিয়াম), পৰ্যটন বিভাগ, আদি যিবোৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত, সেইবোৰৰ বিষয়ববীয়া, কৰ্মচাৰী পুৰুষ-মহিলাই জাতীয় সাজপাৰ পিন্ধিবনে নাই, সেইবোৰক লৈ জানো নীতি-নিৰ্দেশনা নাই৷ শংকৰদেৱ কলাক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয় আদিৰ প্ৰধানসকলকো (পুৰুষ বিষয়া) ডাঙৰ ডাঙৰ সাংস্কৃতিক অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে ৰাইজৰ আগত সম্বৰ্ধনা জনাওঁতেও জীন্‌ছ-টী ছাৰ্ট পৰিধান কৰাও দেখা যায়৷ এইটো উচিত জানো? দাঁতি-কাষৰীয়া ভূটানত জাতীয় সাজপাৰ নিপিন্ধিলে কোনো চৰকাৰী বিষয়া-কৰ্মচাৰী কাৰ্যালয়ত সোমাবই নোৱাৰে৷ তেনেদৰেই সৰু দেশখনৰ বস্ত্ৰ উদ্যোগটো জীয়াই আছে৷ আমাৰ অসমতহে কেৱল মহিলাসকলৰ মেখেলা-চাদৰযোৰত জাতীয় জীৱনৰ সন্মান নিহিত হৈ থাকে৷ স্কুল-কলেজেই হওক বা চৰকাৰী কাৰ্যালয়, সভা-সমিতিয়েই হওক, আনুষ্ঠানিকতা ৰক্ষা কৰাৰ অৰ্থে সকলোৱেই (অৰ্থাৎ পুৰুষ-মহিলা উভয়েই) আনুষ্ঠানিক কাপোৰ পিন্ধিব লাগে৷ টী ছাৰ্ট-জীনছ বা ‘ফৰ্মেল ড্ৰেছ’ বুলি কোৱা নাযায়৷ অথচ, আমাৰ সন্মানীয় মন্ত্ৰী-বিধায়কসকলৰো প্ৰায়েই চৰকাৰী সভা-সমিতিতো এনে কাপোৰ পিন্ধা দেখা যায়৷ এইক্ষেত্ৰত মহিলা মন্ত্ৰী-বিধায়কসকলে কিন্তু সদায়েই শালীন আৰু জাতীয় পোছাক পৰিধান কৰে৷ হাস্যকৰ বিষয় এইটোৱেই যে জাতিটোৰ মান-সন্মানৰ বৰ-টোপোলাটো বান্ধি থোৱা এই ‘মেখেলা-চাদৰ’যোৰক স্থানান্তৰত বৃহৎসংখ্যক লোকেই অমৰ্যাদাসূচক মন্তব্য দিয়াৰ বাবে ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে, কোনো পুৰুষক ‘নীচ’ বুলি সামাজিকভাৱে গৰিহণা দিবলৈ ‘এইটো কামকে কৰিব পৰা নাই, মেখেলা-চাদৰ এযোৰ পিন্ধি অহাই ভাল অথবা কাৰোবাক নিন্দা কৰিবলৈ ‘ডিঙিত মেখেলা আঁৰি দিয়া ভাল’ আদি আমাৰ মানুহে ৰাজহুৱাভাৱে দিয়া মন্তব্যৰ নমুনা৷ এনে ক্ষেত্ৰত মেখেলা-চাদৰ পৰিধান কৰোঁতাজন যদি ‘হীন’ বা নীচ হয়, ‘মেখেলা-চাদৰ’ পোছাকযোৰ মৰ্যাদাসূচক হ’বনে নহ’ব তেনে প্ৰশ্ন কৰাৰো থল থাকি যায়৷