Logo
image

প্ৰসংগঃ প্ৰাদেশীকৃত মহাবিদ্যালয় আৰু উচ্ছ শিক্ষা সঞ্চালকৰ কাৰ্যালয়

২০০৫ চনৰ পৰা ৰাজ্যত আৰম্ভ হোৱা প্ৰাদেশীকৃত প্ৰক্ৰিয়াই ইতিমধ্যে সামৰি লৈছে তিনিশৰো অধিক মহাবিদ্যালয়ক, আৰু অতীতত চলি থকা ঘাটি মঞ্জুৰিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ পৰিচালনাৰ সমুদায় দায়িত্ব নিজৰ অধীনলৈ আনিলে অসম চৰকাৰে৷ এসময়ত চৰকাৰৰ অনুদানেৰে দৰমহা দিয়া অসমৰ মহাবিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ পাছত দৰমহা নিয়মীয়া হ’ল শিক্ষক-কৰ্মচাৰীৰ৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত পঞ্জীভূত এই প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ হেতুকে ৰাষ্ট্ৰীয় উচ্ছতৰ শিক্ষা অভিযান ওৰফে ‘ৰুছা’ৰ দ্বাৰা প্ৰদান কৰা হৈছে অনুদান৷ অভিযানৰ অৰ্থ-সাহায্যত মহাবিদ্যালয়ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা, ছাত্ৰ-ছাত্ৰী নিবাস নিৰ্মাণ কৰা, সাধাৰণ শ্ৰেণীকোঠাক স্মাৰ্ট শ্ৰেণীকোঠালৈ ৰূপান্তৰ কৰা, গ্ৰন্থাগাৰৰ আধুনিকীকৰণ, খেলৰ সামগ্ৰী ক্ৰয় কৰা, শিক্ষকৰ বাবে জিৰণী কোঠা নিৰ্মাণ কৰা, ছাত্ৰ-ছাত্ৰীৰ জিৰণী কোঠা নিৰ্মাণ কৰা আদি অনেক কামৰ দ্বাৰা প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন হৈছে বুলি ক’ব পাৰি৷ ৰাজ্যৰ উচ্ছশিক্ষা খণ্ডৰ নিয়ন্ত্ৰকৰ ভূমিকাত থকা উচ্ছ শিক্ষা সঞ্চালকৰ গুৱাহাটীৰ কাহিলীপাৰাস্থিত কাৰ্যালয়টোৰো অনুৰূপ উন্নয়ন সাধন কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ দিয়া নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মহাবিদ্যালয়সমূহত বহু বছৰ ধৰি খালী হৈ থকা শিক্ষক আৰু অনাশিক্ষক পদবোৰত ইতিমধ্যে নিযুক্তি লাভ কৰিছে শিক্ষিত যুৱক-যুৱতীয়ে৷ সুখৰ কথা যে কিছু বছৰ পূৰ্বলৈকে উচ্ছ শিক্ষা সঞ্চালয়কৰ কাৰ্যালয়ত নিযুক্তি, পদোন্নতি আদিৰ বাবে ফাইলৰ পাছত শাৰী পতা শিক্ষকক বৰ্তমান দেখা নাযায় কাৰ্যালয়টোৰ বাৰাণ্ডাত৷ ই-ফাইলিং ব্যৱস্থাৰ ৰূপায়ণে কিছু পৰিমাণে সকাহ দিব মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীক৷ একালত প্ৰতিটো কামৰ বাবে টেবুলে টেবুলে ঘোচ দিব লগা হোৱা শিক্ষক-কৰ্মচাৰীসকলে বৰ্তমান তেনে অসুবিধাৰ পৰা মুক্তি পাইছে বুলি অনুমান কৰিব পাৰি৷

২০২৩ বৰ্ষৰ পৰা অসম চৰকাৰে ৰূপায়ণ কৰা নতুন শিক্ষানীতিয়ে কামৰ বোজা বঢ়াব মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ৷ উচ্ছহাৰত দৰমহা লৈ দিনে এটা বা দুটা শ্ৰেণীত পাঠদান সমাপ্ত কৰি দিনটোলৈ আজৰি পোৱা বুলি থকা বদনামৰ পৰা মুক্তি পাইছে বৰ্তমানৰ অধ্যাপকসকলে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে– নতুন শিক্ষানীতিৰ নিৰ্দেশাৱলীমৰ্মে বিশ্ববিদ্যালয়সমূহে প্ৰস্তুত কৰা নতুন নতুন বিষয়ৰ পাঠ্যক্ৰমে বিবুধিত পেলাইছে বহুতো অধ্যাপকক৷ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত নতুন পাঠ্যক্ৰমৰ পাঠদান কৰিবলৈ পুনৰ অধ্যয়নত ব্যস্ত হ’ব লগাত পৰিছে অধ্যাপকসকল৷ মুঠতে বৰ্তমান অসমৰ প্ৰতিখন প্ৰাদেশীকৃত মহাবিদ্যালয়ত দেখা গৈছে অধ্যয়নৰ এক নতুন পৰিৱেশ৷ অসমৰ মহাবিদ্যালয়সমূহত বিগত দুটা দশকৰ ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল অনেক অধ্যয়ন কেন্দ্ৰ৷ উদাহৰণস্বৰূপে– মহাত্মা গান্ধী অধ্যয়ন কেন্দ্ৰ, বিবেকানন্দ অধ্যয়ন কেন্দ্ৰ, আম্বেদকাৰ অধ্যয়ন কেন্দ্ৰ আদি৷ মহাবিদ্যালয়ৰ চৌহদত স্থাপন কৰা এনেবোৰ অধ্যয়ন কেন্দ্ৰই আয়োজন কৰা আলোচনা-চক্ৰই উপকৃত কৰে ছাত্ৰ-ছাত্ৰীক৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহত কাচিৎহে দেখা যায় অসমৰ থলুৱা বিষয়বস্তু সন্দৰ্ভত স্থাপন হোৱা অধ্যয়ন কেন্দ্ৰ৷ পাহাৰ-ভৈয়াম, নদ-নদী, হস্তী, গঁড়,বন্যপ্ৰাণী, বৰ্ষা অভয়াৰণ্য, বনাঞ্চল, পক্ষী, পখিলা, বনৌষধি, বৃক্ষ, থলুৱা খাদ্য, থলুৱা পোছাক, কলা-সংস্কৃতি আদি বিষয়ত অধ্যয়ন কেন্দ্ৰ স্থাপনৰ কথা চিন্তা কৰিব পাৰে মহাবিদ্যালয়সমূহে৷ এনে অধ্যয়ন কেন্দ্ৰত নিৰ্দিষ্ট বিষয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত আলোচনা-চক্ৰ অনুষ্ঠিত কৰা, তেনে বিষয়ত ইতিমধ্যে প্ৰকাশিত গ্ৰন্থ সংৰক্ষণ কৰা, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা বা কৰ্মশালা অনুষ্ঠিত কৰা আদি কৰ্মৰ দিশেৰে আগবাঢ়িলে ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব৷

কিছুদিন পূৰ্বে উচ্ছ শিক্ষা সঞ্চালকৰ দায়িত্ব ন্যস্ত কৰা হৈছে অসম অসামৰিক বিষয়া পমি বৰুৱাৰ ওপৰত৷ ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগত সেৱা আগবঢ়াই অহা বিষয়াগৰাকীৰ নতুন কৰ্মস্থান প্ৰত্যাহ্বানমূলক হ’ব বুলি ক’ব পাৰি৷ ৰাজ্যৰ তিনিশৰো অধিক প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ নিৰীক্ষণ কৰা, অধ্যাপকৰ স্থবিৰ হৈ থকা পদোন্নতিৰ ফাইলবোৰলৈ গতিশীলতা অনা, খালী হৈ থকা শিক্ষক-অনাশিক্ষকৰ পদবোৰ পূৰণৰ ব্যৱস্থা কৰা, নতুন পেন্সন আঁচনিৰ বিৰুদ্ধে আন্দোলন কৰি থকা অধ্যাপকসকলৰ স্বাৰ্থত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, ৰাজ্যত নতুনকৈ স্থাপন কৰিব লগা প্ৰস্তাৱিত ছয়খন বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কৰ্ম আৰম্ভ কৰা, মহাবিদ্যালয়ৰ অধ্যাপক-কৰ্মচাৰীৰ সমাধান নোহোৱাকৈ ফাইলৰ মাজত আবদ্ধ থকা আৱেদন-অভিযোগবোৰৰ খৰতকীয়া সমাধান কৰা আদি অনেক কৰ্মত ব্ৰতী হ’ব লাগিব নৱনিযুক্ত সঞ্চালকগৰাকী৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশত ৰূপায়ণ কৰা নতুন শিক্ষানীতিক কেনেদৰে মহাবিদ্যালয়সমূহে মোকাবিলা কৰিছে, তাৰ বিশ্লেষণৰো দায়বদ্ধতা আছে সঞ্চালকৰ৷ মহাবিদ্যালয়ত কৰ্মৰত ১২,৯৭২জন অধ্যাপকৰ বিপৰীতে মাত্ৰ এজন হিচাপ পৰীক্ষক নিযুক্ত হৈ থকা উচ্ছ শিক্ষা সঞ্চালকৰ কাৰ্যালয়টোৰ হিচাপ পৰীক্ষা শাখাটোৰ উন্নয়নৰ প্ৰয়োজনীয়তা আছে৷ ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ পৰা চৰকাৰী কামত কাৰ্যালয়টোলৈ অহা অধ্যক্ষ আৰু অধ্যাপকসকলৰ বহাৰ সুবিধাৰ্থে এটা জিৰণী কোঠা স্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে৷ কিছুদিন পূৰ্বলৈকে সঞ্চালকৰ সাক্ষাৎ বিচাৰি ঘণ্টাৰ পাছত ঘণ্টা কাৰ্যালয়ৰ বাৰাণ্ডাত অপেক্ষা কৰি থকা অধ্যক্ষ আৰু অধ্যাপকৰ তিক্ততাৰ পৰিৱেশৰ অৱসান হোৱা উচিত৷