Logo
image

কৃষি ব্যৱস্থাত যান্ত্ৰিকীকৰণঃ খানাপাৰাত এছএমএএম সন্দৰ্ভত আয়োজন কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

ডিজিটেল সংবাদ, গুৱাহাটীঃ কৃষি পদ্ধতিত ন ন প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰে উৎপাদনশীলতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তদুপৰি আধুনিক কৃষি ব্যৱস্থাই কৃষকক বিভিন্ন ক্ষেত্ৰত সকাহ প্ৰদান কৰাৰ লগতে কম সময়তে বহু কাম সম্ভৱপৰ কৰি তোলে। গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী ভেটি গঢ়িবলৈ কৃষি পদ্ধতিৰ আধুনিকীকৰণৰ বিষয়ত চৰকাৰেও গুৰুত্ব প্ৰদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আঁচনি 'কৃষি যান্ত্ৰিকীকৰণৰ উপ আচঁনি (চাব মিছন অন এগ্ৰিকালছাৰ মেকানাইজেশ্যন- এছ এম এ এম)ৰ agrimachinery.nic.in (ডিবিটি) প'ৰ্টেলৰ বিভিন্ন দিশ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় তথা কৃষি আৰু কৃষক কল্যাণ বিভাগ (এম এণ্ড টি ডিভিজন)ৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী ৩‍১ অক্টোবৰ আৰু ১ নৱেম্বৰত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰপৰা প্ৰায় ১২৫গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত যোগদান কৰি নিৰ্ধাৰিত বিষয় সন্দৰ্ভত আলোচনা কৰে।

এই প্ৰশিক্ষণ কাৰ্যসূচীত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ এনআইচিৰ প্ৰ'গ্ৰামাৰ শ্ৰী সঞ্জিত কুমাৰ, NERFMTTI, বিশ্বনাথ চাৰিআলিৰ সঞ্চালক ড° পি পি ৰাওৰ লগতে অন্যান্যসকল উপস্থিত থাকে।