Logo
image

মাথোঁ মাষ্টৰেই মাষ্টাৰমাইণ্ড নে

ডফলাকটা হাইস্কুলৰ কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ, ছেবাৰ অধ্যক্ষকো গ্ৰেপ্তাৰৰ দাবী

আমাৰ অসম, ১৮ মাৰ্চঃ মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাক ক্লীনশ্বীট দি মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিলেও ছেবাৰ বিৰুদ্ধে ৰাজ্যজুৰি আজিও প্ৰতিবাদ অব্যাহত আছে৷ লাখ লাখ পৰীক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত শুকুৰবাৰে ছেবা কাৰ্যালয় ঘেৰাও কৰে একাংশ মেট্ৰিক পৰীক্ষাৰ্থীয়ে৷ অৱশ্যে ছেবাৰ বিৰুদ্ধে এই আন্দোলন চলি থকাৰ মাজতে শুকুৰবাৰে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ লখিমপুৰ জিলাৰ লোহিত খাবলু হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ মুৰব্বী তথা প্ৰধান শিক্ষক প্ৰণৱ দত্তই প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে প্ৰণৱ দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱাৰ বাবেই প্ৰশ্নকাকত ফাদিলৰ কথা স্বীকাৰ কৰে৷ অৱশ্যে প্ৰশ্নকাকত ফাদিলৰ খবৰ ৰাজহুৱা হোৱাত অন্যতম মাষ্টাৰ মাইণ্ড কুমুদ ৰাজখোৱাই আত্মগোপন কৰিছিল যদিও আৰক্ষী সঞ্চালক প্ৰধানৰ সকীয়নিৰ পাছতেই শুকুৰবাৰে বিয়লি ভাগত লখিমপুৰ সদৰ থানাত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় কুমুদ ৰাজখোৱাই৷ কুমুদ ৰাজখোৱাক গ্ৰেপ্তাৰৰ পাছতেই প্ৰশ্নকাকত ফাদিল কাণ্ডৰ গোচৰত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পায়৷ বৃহস্পতিবাৰ পৰ্যন্ত ২৭ জনক গ্ৰেপ্তাৰ কৰিছিল যদিও শুকুৰবাৰে নতুনকৈ ৫ জনক গ্ৰেপ্তাৰ কৰে৷ শুকুৰবাৰৰ দিনটোত গ্ৰেপ্তাৰ কৰা সকলৰ অন্যতম হৈছে কুমুদ ৰাজখোৱা, প্ৰণৱ দত্ত আৰু প্ৰসন্ন দাস৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে পৰীক্ষা কেন্দ্ৰৰ মুৰব্বী প্ৰণৱ দত্তই ছেবাৰ পৰা লখিমপুৰৰ পানীগাঁও থানাত প্ৰশ্নকাকতৰ টোপোলা জমা দিয়াৰ দিনাই সুযোগ বুজি বিজ্ঞান আৰু অসমীয়া প্ৰশ্নকাকতৰ টোপোলা চুৰি কৰিছিল আৰু চুৰি প্ৰশ্নকাকতৰ টোপোলাৰ পৰা এখনকৈ প্ৰশ্নকাকত ডফলাকটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱাক ৫০০০ টকাত বিক্ৰী কৰিছিল৷ পৰৱৰ্তী সময়ত কুমুদৰ পৰাই ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত৷ অৱশ্যে চি আই ডিৰ ফালৰ পৰা প্ৰণৱ দত্ত আৰু কুমুদ ৰাজখোৱা নামৰ শিক্ষকদ্বয়কে মাষ্টাৰ মাইণ্ড বুলি অভিহিত কৰিব বিচাৰিছে যদিও প্ৰকৃততে এই দুই শিক্ষকৰ উপৰি প্ৰশ্নকাকত ফাদিলৰ আঁৰত ছেবাৰ কোনো বিষয়া আৰু আৰক্ষীয়ো জড়িত আছে নেকি তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো পৰীক্ষাৰ পূৰ্বে ছেবাই লোহিত খাবলু হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ নামত ২৯টা বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা সংশ্লিষ্ট পানীতোলা থানালৈ প্ৰেৰণ কৰিছিল৷ পানীতোলা থানাৰ অ’ চি পলাশ ৰঞ্জন দাসে চমজি লৈছিল ছীল-মোহৰ যুক্ত প্ৰশ্নকাকতৰ টোপোলা৷ প্ৰশ্নকাকতৰ টোপোলাসমূহ পৰৱৰ্তী সময়ত পৰীক্ষাকেন্দ্ৰটোৰ মুৰব্বী প্ৰণৱ দত্তই চমজি লৈ গণনাৰ অন্তত বিজ্ঞানৰ প্ৰশ্নকাকতৰ ২৯ টাৰ পৰিৱৰ্তে ২৮ টা টোপোলা লাভ কৰা বুলি পঞ্জীয়নবহীত লিপিবদ্ধ কৰে৷ অৰ্থাৎ বিজ্ঞানৰ প্ৰশ্নকাকতৰ এটা টোপোলাৰ থানাৰ অ’ চিৰ চকুৰ সন্মুখতে হৰলুকী কৰে পৰীক্ষা কেন্দ্ৰটোৰ মুৰব্বীজনে৷ নিয়ম অনুসৰি প্ৰশ্নকাকতৰ টোপোলাৰ সংখ্যা ছেবাই প্ৰেৰণ কৰা তালিকাত উল্লেখ থকাতকৈ কম-বেছি লাভ কৰিলে লগে লগে ছেবাক অভিযোগ কৰিব লাগে কেন্দ্ৰৰ মুৰব্বীজনে৷ কিন্তু প্ৰণৱ দত্তই ২৯টা টোপোলাৰ পৰিৱৰ্তে ২৮টা লাভ কৰা বুলি প্ৰাপ্তি স্বীকাৰ কৰাৰ পাছতো এই বিসংগতি ছেবাৰ চকুত নপৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ এই কাৰ্যত ছেবাৰ গাফিলতিও পোহৰলৈ অহাত ছেবাৰ ভিতৰৰ কোনো লোক ঘটনাত জড়িত থকাৰ সন্দেহ ঘণীভূত হৈ পৰিছে৷

দ্বিতীয়তে এই হৰলুকী আঁৰত আৰক্ষীৰ ভূমিকাও সন্দেহৰ ওপৰত নহয়৷ কিয়নো প্ৰশ্নকাকত ফাদিলৰ পাছতেই চি আই ডিৰ ফালৰ পৰা সকলো থানাকে প্ৰশ্নকাকতৰ টোপোলা হৰলুকি হৈছে নেকি তাক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু পানীগাঁও থানাৰ লকৰাত থকা প্ৰশ্নকাকতৰ টোপোলাও চি আই ডিৰ নিৰ্দেশনাৰ পাছতেই পৰীক্ষা কৰা হৈছিল যদিও ২৯টা প্ৰশ্নকাকতৰ টোপোলা প্ৰেৰণ কৰাৰ পাছত ২৮টা প্ৰাপ্তি স্বীকাৰ কৰা সন্দেহজনক বিষয়টো কিয় আৰক্ষীৰ দৃষ্টি গোচৰ নহ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ কিয়নো লকাৰ নিৰীক্ষণৰ চাৰিদিনৰ পাছত ভাইৰেল প্ৰশ্নকাকতৰ হোৱাটছএপ লিংকৰ ভিত্তিতহে পানীগাঁও থানাৰ পৰা প্ৰশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ আনে চি আই ডিয়ে৷ আনহাতে এখন থানাৰ অ’ চিকে ধৰি আন আৰক্ষীৰ চকুত ধূলি দি কেনেকৈ পৰীক্ষা কেন্দ্ৰৰ মূৰব্বীয়ে প্ৰশ্নকাকতৰ টোপোলা চুৰি কৰিব পাৰে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ অৱশ্যে এই তদন্তৰ বাবে চি আই ডিয়ে গুৱাহাটীলৈ তলব কৰিছে পানীগাঁও থানাৰ অ’ চি পলাশ  ৰঞ্জন দাসক৷ অৱশ্যে অ’ চিক তলব কৰিছে যদিও প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক প্ৰাথমিক সোধাপোচা কৰিবলৈও সাহস কৰা নাই তদন্তকাৰী চি আই ডিয়ে৷ প্ৰশ্নকাকত ফাদিলৰ দৰে ভয়ংকৰ কাৰ্য সংঘটিত হোৱাৰ পাছতো পৰীক্ষা পৰিচালনা কৰা মূল ব্যক্তিজনক এবাৰো জেৰা নকৰা বিষয়টোৱে সন্দেহৰ সৃষ্টি কৰিছে৷ চি আই ডিয়ে অস্বীকাৰ কৰিলেও ইতিমধ্যে প্ৰতিটো বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাটো প্ৰায় নিশ্চিত হৈ পৰাৰ পাছতো ব্যৰ্থ ছেবাই অহা ৪ আৰু ৯ এপ্ৰিলত অসম আৰক্ষীৰ বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে৷ যিটো সংস্থাই সাধাৰণ মেট্ৰিক পৰীক্ষা এটাকে নিয়াৰিকৈ পৰিচালনা কৰিব নোৱাৰে, তেনেস্থলত আৰক্ষী নিযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাটো কেনেকৈ পাতিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ধৃত পৰীক্ষা কেন্দ্ৰৰ মুৰব্বী প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱাৰ দৰে ব্যক্তিৰ তত্বাৱধানতে ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ পদৰ পৰীক্ষা ছেবাকৈ কিমান নিয়াৰিকৈ অনুষ্ঠিত কৰিছিল তাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷

আনহাতে, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰ মাইণ্ড কুমুদ ৰাজখোৱাই বিশেষ  ব্যক্তিক প্ৰশ্নকাকত বিক্ৰী কৰাৰ সন্দেহ কৰাত ফাদিল চক্ৰটোৰ আঁৰত কোনো বে-চৰকাৰী বিদ্যালয়ৰ কতৃৰ্পক্ষ জড়িত আছে নেকি তাক লৈও প্ৰশ্ন উঠিছে৷ কিয়নো ভাল ফলাফলৰ লক্ষ্যৰে ব্যৱসায়ীক লাভলাভৰ আশাত ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে প্ৰণৱ দত্ত-কুমুদ ৰাজখোৱাৰ দৰে শিক্ষকক ধনৰ  বিনিময়ত ক্ৰয় কৰাৰো সন্দেহ নুই কৰা নাই তদন্তকাৰী আৰক্ষীয়ে৷ ইফালে প্ৰশ্নকাকত ফাদিলৰ অগ্ৰগতিৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি কয়– ‘প্ৰশ্নকাকত ফাদিলৰ অভিযোগ লাভ কৰাৰ পাছতেই ১২ মাৰ্চৰ নিশাৰ পৰা চি আই ডিয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছিল৷ তদন্তৰ প্ৰথম ২৪ ঘণ্টাতেই ফাদিল হোৱা প্ৰশ্নকাকতখন ১৪ জন লোকে লাভ কৰাৰ তথ্য পাইছিলো৷ সেই লোকসকলৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, শদিয়াৰ লিংক পাইছিলো৷ সেই বাবে প্ৰশ্নকাকত লাভ কৰা লোকসকলৰ এডাল চেইন অৰ্থাৎ শৃংখল সজোৱাৰ চেষ্টা কৰিছিলো যাতে প্ৰশ্নকাকত ফাদিল কৰা মূল উৎসটোক চিনাক্ত কৰিব পাৰো৷ ইয়াৰ পাছতেই প্ৰশ্নকাকত হোৱাটছএপত প্ৰেৰণ কৰা বা সংগ্ৰহ কৰা ব্যক্তিৰ তালিকা প্ৰস্তুত কৰি কাহিলীপাৰাৰ এটা পৰীক্ষাকেন্দ্ৰৰ শিক্ষক-কৰ্মচাৰীসহ মুঠ ২২জনক গ্ৰেপ্তাৰ কৰো৷ ১৫ মাৰ্চত ডিব্ৰুগড়ত মই নিজেই উপস্থিত হৈ প্ৰশ্নকাকতৰ ফাদিলৰে সম্পৰ্ক থকা উজনি অসমৰ জিলা কেইখনৰ এছ পিসকলৰ সৈতে ৭-৮ ঘণ্টা ধৰি পুংখানুপুংখ আলোচনা কৰো৷ এই আলোচনাৰ পাছতেই প্ৰশ্নকাকতৰ ফাদিলৰ লিংক হিচাপে এজন মানুহৰ নাম পালো৷ তেওঁ হৈছে লখিমপুৰৰ ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা৷ তেওঁক টাৰ্গেট কৰি তদন্ত আগবঢ়োৱাত প্ৰথমে কুমুদ ৰাজখোৱাৰ পত্নীক সোধা পোছা কৰো৷ কুমুদ ৰাজখোৱাৰ পত্নী নিজেও এগৰাকী শিক্ষয়িত্ৰী যদিও তেওঁ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত নহয়৷ স্বামী কুমুদ ৰাজখোৱাই আত্মগোপন কৰাত পত্নীয়ে আমাক প্ৰসন্ন দাস আৰু প্ৰণৱ দত্ত নামৰ দুজন শিক্ষকৰ কথা কয়৷ প্ৰসন্ন দাস কুমুদৰ ভাল বন্ধু আৰু ডফলকটা জনজাতি হাইস্কুলত একেলগে শিক্ষকতা কৰাৰ কথা জানিবলৈ দিয়ে৷

প্ৰসন্নৰ পৰাই কুমুদৰ কাম-কাজৰ বিষয়ে জানিব পাৰিব বুলিও আৰক্ষীক জনায়৷ ইয়াৰ পাছতেই ১৬ মাৰ্চৰ পুৱা ৮-৯ বজাত প্ৰসন্ন দাসক আটক কৰাৰ পাছতেই লোহিত খাবলু হাইস্কুলৰ পৰীক্ষাকেন্দ্ৰৰ তত্বাৱধায়ক প্ৰণৱ দত্তই ডফলকাটা হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱাক প্ৰশ্নকাকত যোগান ধৰাৰ কথা স্বীকাৰ কৰে৷ ইয়াৰ পাছতেই সন্ধিয়ালৈ লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰণৱ দত্তক মাজুলী আৰক্ষীৰ সহযোগত জেংৰাইমুখৰ সমীপৰ খাবলুৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হওঁ৷ পাছত লখিমপুৰ আৰক্ষীক চমজাই দিয়াত প্ৰণৱ দত্তই ইতিপূৰ্বে বিজ্ঞানৰ প্ৰশ্নকাকতখন কুমুদ ৰাজখোৱাক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে৷ কুমুদ ৰাজখোৱাৰ পৰা বিজ্ঞানৰ প্ৰশ্নকাকতৰ বাবদ ৫ হাজাৰ টকা লাভ কৰা বুলিও আৰক্ষীক সদৰি কৰে৷ আমাৰ সন্দেহ হৈছে প্ৰশ্নকাকতক লৈ অধিক ধনৰ লেনদেন কৰিছিল প্ৰণৱ দত্তই৷ এই সন্দৰ্ভত জেৰা অব্যাহত ৰখাৰ লগতে আৰু আন কোনো বিষয়ৰ প্ৰশ্নকাকত ফাদিল কৰিছিল নেকি আৰক্ষীয়ে প্ৰশ্ন কৰাত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত কুমুদ ৰাজখোৱাক দিয়াৰ কথা স্বীকাৰ কৰে৷ লগে লগে এই কথা আমি মুখ্যমন্ত্ৰীক অৱগত কৰো৷ প্ৰণৱ দত্তই লগতে জনাই যে প্ৰশ্নকাকত ফাদিলৰ খবৰ ৰাজহুৱা হোৱাত কুমুদ ৰাজখোৱাই অসমীয়া প্ৰশ্নকাকতখন জ্বলাই দিছিল৷ উক্ত ফাদিল প্ৰশ্নকাকতৰ উদ্ধাৰৰ বাবে অভিযান চলোৱাত খাবলু অঞ্চলৰ প্ৰণৱ দত্তৰ ভাৰাঘৰৰ পৰা আধাজ্বলা বিজ্ঞান আৰু অসমীয়া প্ৰশ্নকাকতৰ অৱশিষ্ট উদ্ধাৰ কৰো৷ বৰ্তমান আধাজ্বলা প্ৰশ্নকাকতসমূহ মূল প্ৰশ্নকাকত হয় নে নহয় তাক নিশ্চিত কৰাৰ বাবে ফৰেনছিকলৈ প্ৰেৰণ কৰিছো৷ ছেবাৰ ফালৰ পৰা পৰীক্ষাৰ পূৰ্বেই নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰৰ নামত নিৰ্দিষ্ট থানালৈ প্ৰশ্নকাকত পঠোৱা হয়৷ আৰক্ষীয়ে থানাত প্ৰশ্নকাকতসমূহ ৰখাৰ বাবে কেৱল সুৰক্ষিত ঠাইহে দিয়ে৷ প্ৰশ্নকাকতৰ কোনো হিচাপ নাৰাখে৷ লোহিত খাবলু হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰলৈ বিজ্ঞানৰ প্ৰশ্নকাকতৰ ২৯টা টোপোলা প্ৰেৰণ কৰিছিল যদিও তত্বাৱধায়ক প্ৰণৱ দত্তই ২৮টা টোপোলা পোৱা বুলিহে হিচাপ লিপিবদ্ধ কৰিছিল৷ এটা টোপোলা চুৰ কৰি প্ৰশ্নকাকত কুমুদ ৰাজখোৱাক দিছিল৷ কেৱল কুমুদ ৰাজখোৱাক টোপোলাৰ পৰা অসমীয়া আৰু বিজ্ঞানৰ এখনকৈহে যে প্ৰশ্নকাকত প্ৰণৱ দত্তই দিছিল তাক আমি বিশ্বাস কৰা নাই৷ আন কাৰোবাক প্ৰশ্নকাকত বিক্ৰী কৰিছিল নেকি তাৰ তদন্ত অব্যাহত আছে৷ আনহাতে কুমুদে প্ৰশ্নকাকত লাভ কৰাৰ পাছত প্ৰথমে নিজৰ ডফলাকটা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ এটা হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিছিল৷ তাৰ পাছত কিছুমান বিশেষ মানুহক প্ৰশ্নকাকত যোগান ধৰিছিল৷ ই-ৱালেটৰ জৰিয়তেও প্ৰশ্নকাকত বিক্ৰী হৈছিল৷ নাবালাকসকল গ্ৰেপ্তাৰ কৰাক লৈ প্ৰশ্ন উঠিলেও সেইসকল ছাত্ৰই প্ৰশ্নকাকত ইচ্ছাকৃতভাৱে সংগ্ৰহ আৰু বিক্ৰীত জড়িত আছে৷ প্ৰশ্নকাকত ফাদিল কাণ্ডত ছেবাৰ কোনো সম্পৰ্ক এই মুহূৰ্তলৈ ধৰা পৰা নাই৷ প্ৰশ্নকাকত প্ৰথমে হাতে লিখা শ্বেয়াৰ হৈছিল যদিও পাছলৈ ফোনতো এজনে আন এজনক মুখেৰে কৈ দিছিল৷’ ইফালে চি আই ডিয়ে পৰীক্ষাকেন্দ্ৰৰ তত্ত্বাৱধায়ক প্ৰণৱ দত্তৰ এখন বিলাসী থাৰ বাহন জব্দ কৰিছে৷ আৰক্ষীয়ে সন্দেহ কৰিছে বছৰ বছৰ ধৰি মেট্ৰিকৰ প্ৰশ্নকাকত বিক্ৰী কৰিয়ে ধনী হৈছে প্ৰণৱ দত্ত৷ ইফালে, অসমীয়া বিষয়ৰ পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিছে ছেবাই৷ ৰ এপ্ৰিলৰ আগবেলা এম আই এল আৰু ঐচ্ছিক ইংৰাজীৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিছে৷