Logo
image

সকলোকে কন্দুৱাই গ'লগৈ ছলমান

ডিজিটেল সংবাদ, কমলপুৰঃ সকলোৰে মৰমৰ ছলমানে অকাল মৃত্যু সাৱতি ল'লে৷ খৱৰটি বিয়পি পৰাৰ লগে লগে গাঁওখনত শোকাকুল পৰিবেশৰ সৃষ্টি হ'ল৷ গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে এগৰাকী মৰমৰ সদস্যৰ স্থান দখল কৰি অহা ছলমানৰ মৃত্যুৰ বতৰাই শোকস্তব্ধ কৰি তোলা গাঁওবাসীয়ে লগে লগে সমবেত হ'ল ছলমানৰ শৱদেহৰ কাষত৷ বগা কাপোৰেৰে ঢাকি ৰখা ছলমানৰ শৱদেহটো চাঙীত তুলি লোৱা হ'ল আৰু আটায়ে এক শোকসমদল কৰি নিকটৱৰ্তী ক'লাজল নদীৰ পাৰলৈ নি যথাবিহিত নীতি-নিয়মৰ মাজেদি মৰমৰ ছলমানক সমাধিস্থ কৰি পাৰ্থিৱ জগতখনৰ পৰা  চিৰবিদায় জনায়৷ ছলমানৰ স্মৃতি যুগমীয়া কৰি তোলাৰ স্বাৰ্থত সমাধিস্থলত ৰাইজে ৰোপণ কৰিলে এটা আমগছৰ পুলি৷ ছলমানৰ মৃত্যুৰ আজি চাৰিটা দিন পাৰ হ'ল আৰু ৰাইজে ছলমানৰ আত্মাৰ চিৰশান্তি কামনা কৰি গাঁওখনত ৰাজহুৱাভাৱে  অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধৰ৷

জীৱকূলৰ প্ৰতি জীৱশ্ৰেষ্ঠৰ মৰম-চেনেহ, আত্মীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে কমলপুৰ সমষ্টিৰ অন্তৰ্গত আলেকজাৰীবাসীয়ে৷ গাঁওবাসীয়ে দিয়া এই শ্ৰদ্ধাঞ্জলি প্ৰকৃততে গাঁওখনত বিগত দুবছৰ ধৰি প্ৰতিটো পৰিয়ালৰে বা প্ৰতিগৰাকী ব্যক্তিৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তোলা 'ছলমান' নামৰ এটা কুকুৰৰ প্ৰতি৷ দুবছৰ পূৰ্বে আলেকজাৰীৰ কুঞ্জ ৰাম দাসৰ  পৰিয়ালে পুহিবৰ বাবে আনিছিল কুকুৰটো৷ কিন্তু সময় বাগৰাৰ লগে লগে ছলমান নামৰ কুকুৰটো সমগ্ৰ গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ এগৰাকী মৰমৰ সদস্য হৈ পৰিছিল৷ কিন্তু নিয়তিৰ নিষ্ঠুৰতাই বেছিদিন এই মৰম, এই আত্মীয়তাক সহ্য নকৰিলে৷ কিছুদিন পূৰ্বে অসুস্থতাত ভূগি থকা ছলমানে মৃত্যুক সাৱটি ল'লে৷ তাৰপিছতে কৃতজ্ঞ গাঁওবাসীয়ে ছলমানৰ প্ৰতি এই ব্যতিক্ৰমী পদক্ষেপেৰে ৰূপায়ণ কৰিলে গভীৰ শ্ৰদ্ধাঞ্জলি৷