Logo
image

কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী

ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত সোমবাৰে বিয়লি গঁড়ৰ আক্ৰমণত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হয়৷ অগৰাতলি বনাঞ্চলৰ উত্তৰ দিশৰ দেৱেশ্বৰী আৰু হাতীচ'ৰা নামৰ বন শিৱিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰত এখন যন্ত্ৰচালিত নাঁৱত থকা ভ্ৰাম্যমান বন শিৱিৰত কৰ্মৰত ৰবীন পেগু নামৰ অস্থায়ী বনকৰ্মীজনে দুজন সতীৰ্থ বনকৰ্মীৰ সৈতে দেৱেশ্বৰী আৰু হাতীচ'ৰা বন শিৱিৰৰ মাজৰ বনাঞ্চলত পহৰা দি থাকোতে গঁড়ৰ আক্ৰমণৰ সন্মুখীন হয়৷ গঁড়ৰ আক্ৰমণৰ পৰা সতীৰ্থ দুই বনকৰ্মী পলাই সাৰে যদিও গুৰুতৰভাৱে আহত হয় ৰবীন পেগু৷ বনকৰ্মীজনে ভৰি আৰু পেটৰ উপৰিও শৰীৰ বিভিন্ন স্থানত আঘাত পায় ৷ গুৰুতৰভাৱে আহত ৰবীন পেগুক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ততাতৈয়াকৈ গুৱাহাটীৰ এপ'ল চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ গঁড়ৰ আক্ৰমণত আহত হোৱা অস্থায়ী বনকৰ্মী ৰবীন পেগুৰ ঘৰ বোকাখাতৰ আমটেঙাত বুলি জানিব পৰা গৈছে৷