Logo
image

মুখ্যমন্ত্ৰীৰ নক্সা নাকচ কৰি পুৰণি জে’লত সিংঘালৰ ‘ব্যৱসায়’

আমাৰ অসম, ১০ জানুৱাৰীঃ মুখ্যমন্ত্ৰীৰ সপোনৰ এটা প্ৰকল্প৷ বিত্তমন্ত্ৰীয়ে বিধান সভাৰ বাজেট অধিৱেশনত গুৱাহাটীবাসীৰ বাবে  উছৰ্গা কৰিছিল মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পটোক৷ কিন্তু বিল্ডাৰ তথা জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘালে মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পটোক লৈ কমিছনৰ বজাৰ গঢ়াৰ ভয়ংকৰ অভিসন্ধিৰ তথ্য পোহৰলৈ আহিছে৷ কংক্ৰিটৰ গুৱাহাটী মহানগৰীৰ নাগৰিকে সেউজ তথা নিৰ্মল বায়ু সেৱনৰ পৰিকল্পনাৰে ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিত ঔষধি বাগিছা নিৰ্মাণ প্ৰকল্পৰ সপোন দেখিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সদাব্যস্ত ফাঁচী বজাৰৰ যান-জঁট সমস্যা চিৰদিনলৈ অৱসান ঘটাই কাৰাগাৰৰ ভূমিত আন্তৰাষ্ট্ৰীয় মানৰ  অত্যাধুনিক পাৰ্কিং আস্থান নিৰ্মাণৰ পৰিকল্পনা  বিধানসভাৰ বাজেটতো স্থান দিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু মুখ্যমন্ত্ৰী সোণোৱালে নিজহাতে দিয়া প্ৰকল্পৰ অনুমোদনক নস্যাৎ কৰি ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিত ঔষধি উদ্ভিদ উদ্যানক একাষৰীয়া কৰি জি এম ডি এ-ৰ অধ্যক্ষই কমিছনৰ অংকৰে মাল্টিপ্লেক্স, শ্ব’পিং মল, হাউচিং কমপ্লেক্স, হোটেলকে ধৰি বাণিজ্যিক প্ৰতিষ্ঠান নিৰ্মাণৰ পৰিকল্পনাৰ বিস্ফোৰক তথ্য উন্মোচন হৈছে৷ অৰ্থাৎ উত্তৰ-পূবৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী  বজাৰৰ যান-জঁট সমস্যাক দুগুণলৈ বৃদ্ধি কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ সিদ্ধান্তক একপ্ৰকাৰ  বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু জি এম ডি এৰ অধ্যক্ষ বিল্ডাৰ অশোক সিংঘালে৷  এক কথাত ফাঁচী বজাৰক সেউজ কৰাৰ প্ৰকল্পত এতিয়া সদম্ভেৰে মূৰ দাঙি উঠিব কংক্ৰিটৰ বিশাল বাণিজ্যিক অট্টালিকা৷ দিল্লীৰ মেছাৰ্ছ ক্ৰিয়েটৰ্ছ আৰ্কিটেক্ট নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ফাঁচী বজাৰৰ ভূমিত উদ্যান, পাৰ্কিং আস্থান, ৰাজহুৱা মঞ্চ, আৰ্ট গেলাৰীৰ নক্সাক ব্যক্তিগত লাভালাভৰ স্বাৰ্থত বিভাগীয় মন্ত্ৰী আৰু জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘালে এৰাতিৰ ভিতৰতে প্ৰকল্পৰ নক্সা সলনি কৰিবলৈও চৰম দুঃসাহস কৰা দেখা গ’ল৷ গুৱাহাটীৰ বায়ু প্ৰদূষণ ৰোধ, ফাঁচী বজাৰৰ যান-জঁট সমস্যা সমাধান, ৰাজহুৱা স্থান তথা মঞ্চৰ অভাৱৰ সমস্যা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে অনুমোদন দিয়া প্ৰকল্প আৰ্হিক উপেক্ষা কৰা কাৰ্যৰ অন্তৰালত যে অশোক সিংঘাল এণ্ড কোম্পানীৰ ব্যৱসায়িক লাভালাভ নিহিত হৈ আছে, সেয়া  নকলেও বোধগম্য হৈ পৰিছে৷ বিধানসভাত ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ অনুমোদিত এটা প্ৰকল্পৰ নক্সাক অশোক সিংঘালৰ দৰে বিল্ডাৰে কৰা স্পৰ্দ্ধাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী সোণোৱালে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই ২০১৬-১৭ বৰ্ষৰ বিত্তীয় বাজেটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী ফাঁচী বজাৰস্থিত পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ বিশাল ভূমিত আন্তঃৰাষ্ট্ৰীয় মানৰ ঔষধি উদ্ভিদ উদ্যান আৰু অত্যাধুনিক পাৰ্কিং আস্থান স্থাপনৰ কথা ঘোষণা কৰিছিল৷ ফাঁচী বজাৰলৈ অহা সকলো সৰু-বৰ বাহন কাৰাগাৰ ভূমিৰ পাৰ্কিং আস্থানত পাৰ্ক কৰি ফাঁচী বজাৰত সাধাৰণ লোকে খোজ কাঢ়ি ঘূৰি ফুৰাৰ পৰিৱেশ সৃষ্টিৰ পৰিকল্পনা কৰিছিল৷ জি এম ডি এৰ অধীনত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পৰ ডি পি আৰ প্ৰস্তুতৰ বাবে নিবিদা আহ্বান কৰি দিল্লীত মেছাৰ্ছ ক্ৰিয়েটৰ্ছ আৰ্কিটেক্ট নামৰ কনছালটেন্সী প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰিছিল৷ প্ৰতিষ্ঠানটোৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰি ২০১৭ চনৰ ৩০ অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত প্ৰকল্পৰ আৰ্হিৰ ব্যাখ্যা দাঙি ধৰিছিল৷ গুৱাহাটীৰ সেউজ পৰিৱেশ আৰু ফাঁচী বজাৰৰ যান-জঁট সমস্যা সমাধানৰ আশা দেখা প্ৰকল্পটোক লৈ মুখ্যমন্ত্ৰী সোণোৱালে ইমানেই গুৰুত্ব দিছিল যে পুনৰ ২০১৮ চনৰ ১৭ মাৰ্চত কনছাল্টটেন্সী প্ৰতিষ্ঠানটোৰ সৈতে অগ্ৰগতিৰ খতিয়ান বুজ লোৱাৰ বাবে তদানীন্তন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৈঠকত মিলিত হৈছিল৷ উক্ত বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে কাৰাগাৰৰ ভূমিত প্ৰস্তাৱিত প্ৰকল্পত মাল্টিপ্লেক্স, ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে কোনো বাণিজ্যিক নিৰ্মাণ কাৰ্য নহ’ব বুলি স্পষ্ট কৰি দিছিল৷ অৱশ্যে, ন্যূনতম ২,০০০ খন বাহন পাৰ্ক কৰিব পৰা ১২ মহলীয়া পাৰ্কিং আস্থান আৰু আৰ্ট গেলাৰী, সংগ্ৰহালয়, যোগ কেন্দ্ৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ দৰে আন্তঃগাঁথনি প্ৰকল্পত সামৰি ল’ব বুলি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি অনুমোদন দিছিল৷ পৰৱৰ্তী সময়ত তদানীন্তন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰকল্পৰ সন্দৰ্ভত ২০১৮ চনৰ জুলাই আৰু ছেপ্টেম্বৰ মাহত দুবাৰকৈ নক্সা সম্পকীয় ব্যাখ্যা দাঙি ধৰে কনছালটেন্সী ফাৰ্মখনে৷ প্ৰকল্পৰ আৰ্হি অনুসৰি মেছাৰ্ছ ক্ৰিয়েটৰ্ছ আৰ্কিটেক্টে উদ্ভিদ উদ্যানৰ বাবে ১২৯.৩৮ কোটি টকা আৰু বহুমুখী পাৰ্কিং আস্থানৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ২২০ কোটি টকা ধাৰ্য কৰে৷ পৰৱৰ্তী সময়ত প্ৰকল্পৰ আনুষংগিক কাম-কাজৰ বাবে চৰকাৰে প্ৰাথমিক পৰ্যায়ত ৫৮.৬৩ কোটি টকা অনুমোদন দিয়ে৷ কিন্তু, এনে সময়তে সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ সাল-সলনি কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যক গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব দিয়াৰ বিপৰীতে বিল্ডাৰ অশোক সিংঘালক জি এম ডি এৰ অধ্যক্ষৰ দৰে গুৰু আসনত বঢ়োৱা হয়৷ লগে লগে যেন বিধানসভাত কৰা ঘোষণা আৰু মুখ্যমন্ত্ৰী সপোনৰ প্ৰকল্পটোৰ নক্সা সলনি হয়৷ বিগত বৰ্ষৰ ২৫ মে’ত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰকল্প পুনৰীক্ষণ বৈঠকত আশ্চৰ্যজনকভাৱে  বহুমুখী পাৰ্কিং আস্থানটো জি+১২ ৰ পৰা জি+৬ লৈ সংকুচিত কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে অনুমোদন দিয়া নক্সাৰ ৰূপকে ওলট-পালট কৰি পেলায়৷ জি এম ডি এ-ৰ অধ্যক্ষ বিল্ডাৰ অশোক সিংঘালৰ নিৰ্দেশত মুখ্যমন্ত্ৰীয়ে বাণিজ্যিক নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো আৰ্হি সলনি কৰি পি পি পি মডেলত হাউচিং, মাল্টিপ্লেক্স, হোটেল, চিটি চেণ্টাৰৰ দৰে বাণিজ্যিক নিৰ্মাণৰ নতুনকৈ প্ৰকল্পৰ মাষ্টাৰপ্লেন প্ৰস্তুত কৰে৷ পূৰ্বতে প্ৰকল্প আৰ্হিৰ মতে সমগ্ৰ ফাঁচী বজাৰৰে যান-বাহনসমূহ প্ৰস্তাৱিত ভূমিত পাৰ্কিঙৰ পৰিকল্পনা কৰিছিল যদিও এতিয়া কেৱল প্ৰকল্পৰ চৌহদৰ ভিতৰৰ হাউছিং, মাল্টিপ্লেক্স, হোটেল, চিটি চেণ্টাৰলৈ অহা বাহন সমূহ ৰাখিব পৰাকৈ  সৰুকৈ পাৰ্কিং আস্থান নিৰ্মাণ কৰিব৷ অৰ্থাৎ ফাঁচী বজাৰৰ পথ, উপ-পথ সমূহত দৈনিক ভিৰ কৰা বাহনসমূহ প্ৰকল্পৰ পাৰ্কিং আস্থানত পাৰ্ক কৰাৰ কোনো সুযোগ লাভ নকৰিব৷ এক কথাত ফাঁচী বজাৰৰ স্বাভাৱিকক যান-জঁট চিৰদিনলৈ অব্যাহত থকাই নহয়, কাৰাগাৰৰ ভূমিত মাল্টিপ্লেক্স নিৰ্মাণ হ’লে যান-জঁট আৰু অধিক বৃদ্ধি পোৱাৰহে আশংকা প্ৰৱল৷ জি এম ডি এৰ অধ্যক্ষ সিংঘাল আৰু বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশত সলনি কৰা প্ৰকল্পৰ মাষ্টাৰ প্লেন মতে পি পি পি মডেলত বাণিজ্যিক আন্তঃগাঁথনি নিৰ্মাণ আৰু হাড্‌কোৰ দৰে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কাৰাগাৰৰ উত্তৰ-পূব অংশৰ এটা চুকত পাৰ্কিং আস্থান নিৰ্মাণ কৰিবলৈ কৰা পৰিকল্পনাৰ আঁৰত কমিছনৰ অংক যে নিহিত হৈ আছে, সেয়া এতিয়া স্পষ্ট হৈ পৰিছে৷ আনকি জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘালে খৰ খেদাকৈ ঘনিষ্ঠ বসন্ত ছুৰাণাৰ দৰে বণিয়াৰ ঠিকাদাৰী প্ৰতিষ্ঠানক কামৰ দায়িত্ব দিয়াৰ বাবে নিবিদা আহ্বানৰ বাবেও সাজু হৈছে৷ পৱিত্ৰ বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰা মুখ্যমন্ত্ৰী সোণোৱালৰ এটা সপোণৰ প্ৰকল্পৰ ৰূপ সলনি কৰি দিয়া দুঃসাহস কৰা অশোক সিংঘাল এণ্ড কোম্পানীৰ ভয়ংকৰ কাৰ্যত দিছপুৰৰ হস্তক্ষেপ কৰিবলৈ সাহস হ’ব নে নাই, সেয়া সময়েহে ক’ব৷