Logo
image

সিংঘালৰ উদ্যোগত সেউজ প্ৰকল্প পৰিণত ‘কংক্ৰিটৰ প্ৰকল্প’ত

আমাৰ অসম, ১১ জানুৱাৰীঃ গুৱাহাটীবাসীক নিৰ্মল বায়ু সেৱনৰ সুবিধা আৰু যান-জঁট সমস্যা ৰোধ কৰাৰ পৰিকল্পনাৰে মহানগৰীৰ ফাঁচীবজাৰৰ পুৰণি জে’লৰ ভূমিত ঔষধি উদ্ভিদ উদ্যান আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ বহুমহলীয়া পাৰ্কিং আস্থান স্থাপনৰ প্ৰকল্পত অনুমোদন জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ তদুপৰি গুৱাহাটীত ৰাজহুৱা স্থানৰ অভাৱ দূৰ কৰাৰ লক্ষ্যৰে উক্ত ভূমিত কনভেনশ্বন চেণ্টাৰ, আৰ্ট গেলাৰী, সংগ্ৰহালয়, যোগকেন্দ্ৰ নিৰ্মাণৰো সুন্দৰ পৰিকল্পনা কৰিছিল ৰাজ্য চৰকাৰে৷ আনকি সোণোৱাল চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনতে ২০১৬-১৭ বিত্তীয় বৰ্ষত বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰাগাৰৰ ভূমিত ঔষধি উদ্ভিদ উদ্যান পৰিকল্পনাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি বিত্তীয় অনুমোদনো দিছিল৷  আন্তঃৰাষ্ট্ৰীয় মানৰ উক্ত প্ৰকল্পটোৰ দিল্লীৰ মেছাৰ্ছ ক্ৰিয়েটৰ্ছ আৰ্কিটেক্ট নামৰ ফাৰ্মখনে নক্সা প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী সোণোৱাল আৰু তদানীন্তন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতো আৰ্হিৰ বাখ্যা দাঙি ধৰিছিল৷ আনকি ফাঁচী বজাৰৰ কাৰাগাৰৰ ভূমিত প্ৰস্তাৱিত প্ৰকল্পত কোনো বাণিজ্যিক আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ছীল মোহৰ মাৰিছিল৷ কিন্তু জি এম ডি এৰ অধ্যক্ষৰ দায়িত্বত বিল্ডাৰ অশোক সিংঘালক সংস্থাপন দিয়া আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ অনুমোদিত নক্সাক টিলিকতে সলনি কৰি পেলালে৷ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক বুঢ়া আঙুলি দেখুওৱাই বিভাগীয় মন্ত্ৰীজনক প্ৰলোভন দি জি এম ডি এৰ অধ্যক্ষ বিল্ডাৰ অশোক সিংঘালে প্ৰকল্পৰ নক্সা সলনি কৰি ঔষধি উদ্ভিদ উদ্যানক একাষৰীয়া কৰি মাল্টিপ্লেক্স, শ্বপিং মল, হাউচিং হোটেল আদি বাণিজ্যিক অট্টালিকা নিৰ্মাণৰ সিদ্ধান্ত চূড়ান্ত কৰে৷ মুখ্যমন্ত্ৰীক অন্ধকাৰত ৰাখি ফাঁচীবজাৰত অধিক যান-জঁট বৃদ্ধিত অৰিহনা যোগাই অশোক সিংঘাল এণ্ড কোম্পানীয়ে কাৰাগাৰৰ ভূমিত বাণিজ্যিক অট্টালিকা নিৰ্মাণৰ বাবে নিবিদা [এক্সপ্ৰেছন অৱ ইণ্টাৰেষ্ট] আহ্বানৰ বাবে সাজু হৈছে৷ আনুষ্ঠানিকভাৱে জি এম ডি এৰ ফালৰ পৰা দুই-এদিনৰ ভিতৰতে উক্ত নিবিদাৰ বিজ্ঞাপন প্ৰকাশ পাব যদিও পি পি পি মডেলত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটো অশোক সিংঘালে নিজৰ ৰিয়েল ইষ্টেট প্ৰতিষ্ঠান প্ৰ’টেক গ্ৰুপ আৰু সতীৰ্থ বণিয়া বিল্ডাৰ বসন্ত ছুৰাণাৰ মেছাৰ্ছ ভাৰ্ছা টেকন’ট্ৰেডৰ নামত সমস্ত কাম হস্তগত কৰাৰো পৰিকল্পনা প্ৰস্তুত কৰিছে৷ যাতে নিবিদা তেওঁলোকৰ বাহিৰে আন কোনো ঠিকাদাৰী প্ৰতিষ্ঠানে লাভ কৰিব নোৱাৰে৷ তাৰ বাবে নিৰ্দিষ্ট প্ৰতিষ্ঠানক সুযোগ দিয়াৰ লক্ষ্যৰে বিশেষ চৰ্ত প্ৰস্তুত কৰিছে৷ উক্ত চৰ্ত মতে নিবিদাত অংশ ল’ব বিচৰা প্ৰতিষ্ঠানৰ গুৱাহাটীত দুটাকৈ নিৰ্মাণ প্ৰকল্পত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ উক্ত অভিজ্ঞতা থকা প্ৰকল্পৰ চৰকাৰী মূল্য ৫০ কোটি টকাৰ ওপৰত হ’ব লাগিব৷ তদুপৰি আগ্ৰহী প্ৰতিষ্ঠানৰ বিগত তিনিবছৰৰ বাৰ্ষিক লেনদেন ১২০ কোটি টকা  হ’ব লাগিব বুলি চৰ্ত আৰোপ কৰিবলৈ সাজু হৈছে৷ মূলতঃ আন কোনো প্ৰতিষ্ঠানে যাতে উক্ত চৰ্ত পূৰণ কৰিব নোৱাৰে, তাক নিশ্চিত কৰাৰ বাবে এনে কিছু কঠোৰ চৰ্ত আৰোপ কৰিবলৈ পৰিকল্পনা কৰিছে অশোক সিংঘাল বাহিনীয়ে৷ গুৱাহাটীবাসীৰ বাবে অতি প্ৰয়োজনীয় এটা প্ৰকল্পৰ নক্সা কমিচনৰ অংকত সলনি কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত মুখ্যমন্ত্ৰী সোণোৱালে হস্তক্ষেপ কৰিব নে নাই, সেয়া সময়েহে ক’ব৷ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই অনুমোদন দিয়া এটা সেউজ প্ৰকল্পক আকস্মিকভাৱে কংক্ৰিটৰ প্ৰকল্পলৈ সলনি কৰাত সোণোৱাল চৰকাৰৰ কিবা ৰহস্যজনক উদ্দেশ্য আছে নেকি, সেয়াও বৰ্তমান স্পষ্ট হোৱা নাই৷ ভৱিষ্যতৰ গুৱাহাটীৰ স্বাৰ্থত কাৰাগাৰৰ ভূমিৰ প্ৰকল্পটো সেউজ কৰি ৰখাৰ প্ৰয়োজনীয়তা যে অপৰীসীম সেয়া সৰ্বজনবিদিত৷