Logo
image

শ্বেতা হত্যাকাৰীক যাৱজ্জীৱন

আমাৰ অসম, ১৩ এপ্ৰিলঃ গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ হত্যাকাৰী প্ৰেমিক গোবিন্দ সিংঘালক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিছে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে৷ ৰাজ্য কঁপোৱা নৃশংস হত্যাকাণ্ডৰ গোচৰটোৰ ফাষ্টট্ৰেক আদালতে গোবিন্দ সিংঘালক ফাঁচীৰ ৰায় প্ৰদান কৰিছিল যদিও গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত সত্ৰ ন্যায়াধীশৰ আদালতে পুনৰীক্ষণ কৰি বুধবাৰে মৃত্যুদণ্ডৰ ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰে৷ ২০১৫ চনৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত গুৱাহটী কৰ্মাচ কলেজৰ পৰা  বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক বন্ধু গোবিন্দ সিংঘালে মহানগৰীৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল৷ গোবিন্দৰ ঘৰৰ বাথৰূমত উদ্ধাৰ হৈছিল অৰ্ধদগ্ধ শ্বেতাৰ মৃতদেহ৷ উক্ত গোচৰটোৰ গুৱাহাটীৰ ফাষ্টট্ৰেক আদালতে বিচাৰৰ অন্তত ২০১৯ চনৰ  ৩ আগষ্টত হত্যাকাৰী গোবিন্দ সিংঘালক মৃত্যুদণ্ডৰ ৰায় দিয়াৰ বিপৰীতে হত্যাকাণ্ডত সহায় আৰু তথ্য-প্ৰমাণ নষ্ট কৰাৰ অপৰাধত গোবিন্দৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংঘালক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল৷ কিন্তু নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই গোবিন্দ সিংঘালে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ দীঘলীয়া শুনানিৰ অন্তত ২০২২ চনৰ ৯ এপ্ৰিলত শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডত পূৰ্বে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা গোবিন্দৰ মাতৃ আৰু ভগ্নীক দোষমুক্ত ঘোষণা কৰে৷ উচ্ছ ন্যায়ালয়ে লগতে গোবিন্দ সিংঘালৰ ফাঁচীৰ ৰায়ক নিম্ন আদালতক পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে গোচৰটো পুনৰীক্ষণ কৰি বুধবাৰে গোবিন্দ সিংঘালৰ মৃত্যুদণ্ডৰ ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰে৷ হত্যাকাৰী গোবিন্দ সিংঘাল বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে৷