Logo
image

নিৰাপত্তা বঢ়াবলৈ ছুপ্ৰিম ক’ৰ্টত আৱেদন কৰিছিল আতিকে

আমাৰ অসম, ১৮ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ নিহত মাফিয়া-ৰাজনীতিক আতিক আহমেদে তেওঁৰ সম্ভাৱ্য প্ৰাণহানিৰ আশংকা আগতীয়াকৈ কৰিছিল৷ বিপদৰ উমান পাই তেওঁ সুৰক্ষাৰ বাবে উচ্ছতম ন্যায়ালয়ত আবেদন জনাইছিল৷ কিন্তু দেশৰ সৰ্বোচ্ছ আদলতে আতিক আহমেদৰ আবেদন খাৰিজ কৰে৷ অৱশেষত তেওঁ আশংকা কৰাৰ দৰে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰত মৃত্যু নহ’লেও আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে দুবৃৰ্ত্তৰ গুলীত নিহত হ’ল৷ অপৰাধী-ৰাজনীতিক আতিক আহমেদে উচ্ছতম ন্যায়ালয়ত আবেদন জনাই কৈছিল যে, তেওঁৰ প্ৰাণৰ সংশয় আছে৷ উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে তেওঁক হত্যা কৰিব পাৰে৷ সেই উদ্দেশ্যেই তেওঁক   গুজৰাটৰ সবৰমতী কাৰাগাৰৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কাৰাগাৰলৈ অনা হৈছে বুলি আতিক আহমেদে উচ্ছতম ন্যায়ালয়ত কৰা আবেদনত উল্লেখ কৰিছিল৷ কিয়নো মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিধানসভাত মাফিয়াক মাটিৰ সৈতে মিলাই দিব আৰু অন্য স্থানত আতিক আহমেদক শেষ কৰি দিব বুলি  ঘোষণা কৰিছিল৷ কিন্তু যোৱা ২৮ মাৰ্চত উচ্ছতম ন্যায়ালয়ে আতিক আহমেদৰ এই আবেদন খাৰিজ কৰি দিয়ে৷ সৰ্বোচ্ছ আদালতে নিৰ্দেশত কয় যে, আবেদনকাৰী বিচাৰাধীন বন্দী হৈ আছে৷ তেওঁৰ সুৰক্ষাৰ দায়িত্ব নিব সেই ৰাজ্যৰ চৰকাৰে৷ এই ক্ষেত্ৰত আদালতে কোনো হস্তক্ষেপ কৰিব নোৱাৰে৷ সম্ভৱতঃ এই নিৰ্দেশৰ পাছতে আতিক আহমেদে তেওঁৰ আয়ুস চমু হৈ অহা বুলি অনুমান কৰিছিল৷ কিয়নো কাৰাবন্দী হৈ থকা অৱস্থাৰ পৰাই আতিক আহমেদে তেওঁৰ শত্ৰু, বিভিন্ন গোচৰৰ সাক্ষীক গেংষ্টাৰৰ দ্বাৰা হত্যা কৰোৱাইছিল৷ নিজৰ মাফিয়া সাম্ৰাজ্যখন জে’লৰ পৰাই পৰিচালনা কৰি আছিল আতিক আহমেদে৷ 

প্ত বাৰৰ বিধায়ক, এবাৰৰ সাংসদ আতিক আহমেদক আৰক্ষীৰ বেষ্টনীত কিদৰে আততায়ীয়ে হত্যা কৰিবলৈ সক্ষম হ’ল সেই লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে৷ প্ৰাক্তন কংগ্ৰেছী, এতিয়া সমাজবাদী পাৰ্টীৰ নেতা কপিল ছিবালে এই হত্যাক লৈ যোগী আদিত্যনাথ চৰকাৰক জ্জ্বটা প্ৰশ্ন সুধিছে৷ এই জ্জ্বটা প্ৰশ্নত যোগী চৰকাৰৰ অৰাজকতা আৰু এই হত্যাকাণ্ড কেৱল সাধাৰণ ৩ অপৰাধীৰ দ্বাৰা হোৱা ঘটনা নহয় বুলি পৰিস্ফুট হৈ পৰিছে৷ ছিবালে সুধিছে–[১] নিশা ১০ বজাত কিয় স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল? [২] তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ জৰুৰী প্ৰয়োজন হৈছিল নেকি? [৩] হাস্পতালৰ প্ৰৱেশদ্বাৰতে গাড়ীৰ পৰা নমাই ইমান দূৰ কিয় খোজকঢ়াই নিয়া হৈছিল? [৪] ইমান হাই-প্ৰফাইল আৰু প্ৰাণৰ সংশয় থকা অভিযুক্তক মিডিয়াৰ সন্মুখত কিয় মুকলি কৰি দিয়া হৈছিল? [৫] তিনি হত্যাকাৰী ইজন-সিজনৰ অপৰিচিত আছিল নেকি? [৬] সেই সাধাৰণ অপৰাধীয়ে ৭ লাখ টকাৰ অধিক মূল্যৰ ঝিগনা পিস্তল কেনেকৈ সংগ্ৰহ কৰিলে? [৭] তেওঁলোকে যি দক্ষতাৰে গুলীয়ালে সেয়া দেখি তিনি আততায়ীক প্ৰশিক্ষিত যেন নালাগে নে? [৮] তিনিজনেই লগে লগে কিয় আত্মসমৰ্পন কৰিলে আৰু আৰক্ষীয়ে তেওঁলোকক প্ৰত্যাক্ৰমণ কিয় নকৰিলে?

ইপিনে পলাতক হৈ থকা আতিক আহমেদৰ পত্নী ছায়েস্তা পাৰবীনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব বুলি খবৰ ওলাইছে৷ সম্প্ৰতি ছায়েস্তা পাৰবীনে আতিক আহমেদৰ বোমা বিশেষজ্ঞ সংগী গুড্ডু মুছলিমৰ সৈতে একেলগে আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে৷ উল্লেখ্য, মৃত্যুৰ আগমুহূৰ্তত আতিক আহমেদে সম্পূৰ্ণ কৰিব নোৱাৰা বাক্যটোত কৈছিল–আচল কথা হৈছে গুড্ডু মুছলিম...৷ আৰক্ষীৰ দাবী, গুড্ডু মুছলিম আৰু ছায়েস্তা পাৰবীনৰ মাজত এতিয়া ঘনিষ্ঠ সম্পৰ্ক আছে৷