Logo
image

নলবাৰীত বাছৰ চেপাত মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশ মন্দিৰ চ'কত বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। জিলাখনৰ ধমধমাৰ পৰা নলবাৰী অভিমুখে আহি থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ চেপাত মৃৃৃৃত্যু হয় মহিলাগৰাকীৰ। 

জানিব পৰা মতে, উক্ত বাছখনতে উঠি আহিছিল মহিলাগৰাকী। গনেশ মন্দিৰ চ'কত মহিলাগৰাকীয়ে বাছখনৰ পৰা নামিবলৈ লোৱাৰ সময়তে হঠাতে মহিলাগৰাকীৰ গাৰ কাপোৰ বাছখনৰ চকাত সোমাই যায়। লগে লগে বাছৰ চকা মহিলাগৰাকীৰ দেহৰ ওপৰেৰে উঠি যায়। ফলত থিতাতে নিহত হয় পঞ্চাশ ঊৰ্ধৰ মহিলাগৰাকী। এটা শিল ভঙা কোম্পানীত কৰ্মৰত মহিলাগৰাকীৰ ঘৰ জিলাখনৰ বালিজাৰত বুলি জনা গৈছে। পিছত দুৰ্ঘটনাস্থলীত নলবাৰীৰ আৰক্ষী উপস্থিত হৈ নিহত মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।