Logo
image

কাৰ কি পাৰদৰ্শিতা, মন্ত্ৰীৰ ৰিপ’ৰ্ট কাৰ্ড মুখ্যমন্ত্ৰীৰ হাতত

আমাৰ অসম, ২১ এপ্ৰিলঃ সাত বিহু শেষ কৰিয়েই ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবাৰ মহা ধুমধামেৰে চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান পতাৰ বাবে সাজু হৈছে৷ দ্বিতীয় বৰ্ষপূৰ্তিৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰতিজন মন্ত্ৰীৰ পৰা যোৱা দুবছৰে তেওঁলোকৰ অধীনস্থ বিভাগসমূহে গ্ৰহণ, ৰূপায়ণ তথা সম্পূৰ্ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান বিচাৰিছে৷ ইতিমধ্যে বহুকেইজন মন্ত্ৰীয়ে এই খতিয়ান মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিছে আৰু বাকী সকলো দাখিলৰ বাবে লাইনত আছে৷ কাৰ্যতঃ মন্ত্ৰীৰ এই কামৰ খতিয়ানক ৰিপ’ৰ্ট কাৰ্ড হিচাপে গণ্য কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ভৱিষ্যতৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ তথা মন্ত্ৰীৰ ৰদ-বদলৰ সময়ত এই ৰিপ’ৰ্ট কাৰ্ডকে মাইলৰ খুঁটি হিচাপে গণ্য কৰা হ’ব৷ ইতিমধ্যে বহু বিভাগৰ বিৰুদ্ধে সময়মতে উন্নয়নমূলক আঁচনি ৰূপায়ণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ বহুকেইজন মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে বিভাগ চলোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যৰ্থতাৰ অভিযোগ৷ সেয়েহে প্ৰতিটো বিভাগে নিজৰ নিজৰ সফলতা আৰু বিফলতাৰ খতিয়ান বৰ্ষপূৰ্তিৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ওচৰত দাঙি ধৰিবলগীয়া হৈছে৷ 

দ্বিতীয় বৰ্ষপূৰ্তিৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি থকাৰ মাজতে নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে ব্যৰ্থতাৰ অভিযোগ উঠা একাংশ মন্ত্ৰী৷ উল্লেখ্য যে চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ আয়োজন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত শৰ্মাই বুধবাৰে দিছপুৰৰ জনতা ভৱনত ৰাজ্য প্ৰশাসনৰ শীৰ্ষবিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে প্ৰতিটো বিভাগৰ প্ৰধান সচিবসকল, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তও এই বৈঠকত উপস্থিত আছিল৷ কাৰ্যতঃ এই বৈঠকতে চূড়ান্ত কৰা হয় বৰ্ষপূৰ্তিৰ কাৰ্যসূচী৷ উল্লেখ্য যে ২০২১ চনৰ ১০ মে’ত ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শপত গ্ৰহণ কৰিছিল যদিও এইবাৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান কিন্তু ১০ মে’ৰ পৰিৱৰ্তে ১১ মে’তহে অনুষ্ঠিত হ’ব৷ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত মধ্যমণি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৫১ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি-পত্ৰ বিতৰণ কৰিব৷ নিযুক্তি লাভ কৰিবলগীয়াসকলৰ ভিতৰত ৬০০০ আৰক্ষী আৰু বনবিভাগৰ পদ আছে৷ ১০ মে’ৰ চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ প্ৰকৃত দিনটোত অমিত শ্বাহে উপস্থিত থাকিবলৈ সময় মিলাব নোৱাৰাৰ বাবেই বৰ্ষপূৰ্তিৰ কাৰ্যসূচী ১১ মে’লৈ পিছুৱাই দিয়া বুলি জানিব পৰা গৈছে৷ খানাপাৰা খেলপথাৰতে ১১ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিশাল গণসমাৱেশেৰে চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ কাৰ্যসূচী অনুষ্ঠিত কৰাটো ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে৷ এই অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও উপস্থিত থকাৰ সম্ভাৱনা আছে৷ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা ৰিপ’ৰ্ট কাৰ্ড কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকো প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷