Logo
image

চুক্তিৰ ২৪ ঘণ্টা নৌহওঁতেই সীমান্তত অৰুণাচলীৰ আগ্ৰাসন

আমাৰ অসম, ২৩ এপ্ৰিলঃ নতুন দিল্লীৰ ছাউথ ব্লকত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ সীমাসমস্যা সমাধানৰ বাবে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা এদিন পাছতে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুবৃৰ্ত্তই অসমৰ বন বিষয়া-কৰ্মচাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাই লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ শনিবাৰে দুপৰীয়া অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বনখণ্ডত এনে ঘটনা সংঘটিত হয়৷ অৰুণাচলী দুবৃৰ্ত্তই ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়া বনমালী নৰহৰ লগতে মুঠ ৭ জন বনকৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে যদিও দৈৱক্ৰমে দলটো ৰক্ষা পৰে৷ খণ্ড বন বিষয়াজনে সদৰি কৰে যে দুপৰীয়া ৰামপুৰ বন খণ্ডৰ অন্তৰ্গত তথা ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগে পূৰ্বে ৰোপণ কৰা এখন পুলি বাগানত বন নিৰনি কৰিবলৈ অসমৰ কেইবাজনো শ্ৰমিকক নিয়োগ কৰাৰ সময়ত দুজন অৰুণাচলী লোকে তেওঁলোকৰ ফটো তুলি নিয়ে৷ ৰামপুৰ বন খণ্ডৰ দলটোৱে আগুৱাই গৈ আন এটা দৃশ্য প্ৰত্যক্ষ কৰে৷ প্ৰায় ৫০-৬০ জনীয়া অৰুণাচলী দল এটাই হাতে হাতে মাৰণাস্ত্ৰ লৈ যুদ্ধংদেহী মনোভাবেৰে অৱস্থান লোৱাৰ লগতে অসমৰ ৩০ হেক্টৰ ভূমিত ৰোপণ কৰা এখন পুলি বাগান কাটি তহিলং কৰি কাটা-তাঁৰৰ বেৰ ধবংস কৰে৷ ৰামপুৰ বনখণ্ডৰ দলটোক দেখা পাই  অৰুণাচলী দুবৃৰ্ত্তই তেওঁলোকলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ ধৰাত অসমৰ দলটোৱে কোনোমতে প্ৰাণ লৈ আঁতৰি আহিবলৈ সক্ষম হয়৷ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দলটোৱে অত্যাধুনিক মেচিন লৈ গছ-গছনি কাটি তহিলং কৰি জংঘল চাফা কৰা কাৰ্যত ৰামপুৰৰ বন বিষয়া-কৰ্মীৰ দলটোৱে বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে অৰুণাচলী দুবৃৰ্ত্তই গুলীচালনা কৰে৷ এই ঘটনাৰ পাছতে উক্ত স্থানত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক, নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া, হাৰমতী আঞ্চলিক বন বিষয়া, ৰামপুৰ খণ্ড বন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আদি ঘটনাস্থলীত উপস্থিত হৈ বনাঞ্চল ধবংসযজ্ঞ পৰ্যবেক্ষণ কৰি আ(ৰ্য প্ৰকাশ কৰে৷ এই সন্দৰ্ভত চিলনীবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উল্লেখ্য, একেটা স্থানতে যোৱা ৬ এপ্ৰিলত অসমৰ এজন উচ্ছপদস্থ বন বিষয়াক লক্ষ্য কৰি অৰুণাচলী দুবৃৰ্ত্তই গুলীচালনা কৰিছিল৷ নতুন দিল্লীত চুবুৰীয়া দুয়োখন ৰাজ্যৰ সীমাসমস্যা সন্দৰ্ভত বুজা-বুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো অসম-অৰুণাচল সীমান্তত অৰুণাচলীয়ে  অসমৰ ভূমি বে-দখলৰ প্ৰচেষ্টাৰে এনে ঘটনা সংঘটিত কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷