Logo
image

কোকৰাঝাৰত আৰক্ষীৰ- কে এল অ'ৰ সংঘর্ষঃ নিহত ২, গ্ৰেপ্তাৰ ৩

ডিজিটেল সংবাদ, গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ  ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে কমতাপুৰ লিবাৰেচন আৰ্মী চমুকৈ কে এল অ'। কে এল অ'ৰ মুৰব্বী জীৱন সিংহৰ সৈতে কেন্দ্ৰ চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া অব্যাহত থকা সময়ত কে এল অ'ৰ এটা গোটে সংগঠনত সদস্য ভৰ্তিৰ লগতে ধন সংগ্ৰহো অব্যাহত ৰাখিছে। নামনি অসমৰ বিভিন্ন জিলাত কে এল অ' সক্ৰিয় হোৱাত আৰক্ষী তৎপৰ হৈ পৰিছে। ধনদাবী কৰি কে এল অ'ই বিগত কিছুদিন ধৰি ৰাইজক আতংকিত কৰি ৰখাৰ সময়ত সোমবাৰে আৰক্ষী আৰু  বিদ্ৰোহী সংগঠন কে এল অ'ৰ মাজত ভয়ংকৰ সংঘর্ষৰ সূচনা হয়। কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী পাহাৰৰ মাওৰীয়া গাঁৱত দুপুৰীয়া সংঘটিত হয় সংঘর্ষৰ ঘটনা। আৰক্ষী আৰু কে এল অ'ৰ সংঘৰ্ষত দুজন কে এল অ'ৰ সদস্যৰ মৃত্যু হয়।

জানিব পৰা মতে দেওবাৰে জিলাখনৰ বান্দৰপাৰত ৫ জন অচিনাকী যুৱক আহি এখন দোকানত উপস্থিত হৈ সামগ্ৰী লোৱাৰ পিছত পিষ্টল দেখুৱাই উক্ত ঠাই ত্যাগ কৰে ৷ ইয়াৰ পিছতে যুৱক দুজনে গাঁৱত সোমাই দুটা ছাগলী ধৰি লৈ চক্ৰশিলা পাহাৰলৈ গুচি যায় ৷ ইয়াৰ পিছতে গঞা ৰাইজে খবৰ পাই গাঁওখনত উপস্থিত হৈ এজন যুৱকক হাতে-লোটে আটক কৰে৷ বাকী কেইজন যুৱকে উত্তেজিত গঞা ৰাইজক প্ৰত্যক্ষ কৰি কেইবাজাই গুলী ফুটাই পলায়ন কৰে ৷ এই ঘটনাৰ পিছতে আজি কোকৰাঝাৰৰ আৰক্ষীৰ দল এটাই চক্ৰশিলা আৰু বাওখুংগ্ৰী পাহাৰত অভিযান চলায়। আৰক্ষীয়ে অভিযান চলোৱাত কে এল অ' সদস্যই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। বহু সময় ধৰি আৰক্ষী আৰু কে এল অ'ৰ মাজত হোৱা সংঘৰ্ষৰ পাছত বনাঞ্চলত তালাচী চলোৱাত দুই কে এল অ' সদস্যৰ মৃতদেহ উদ্ধাৰ হয় যদিও বাকী কেইজন সদস্যই পলায়ন কৰিবলৈ সক্ষম হয়। সংঘৰ্ষত নিহত কে এল অ'ৰ দুই সদস্য ক্ৰমে ওদালগুৰিৰ অভিজিৎ ডেকা আৰু বঙাইগাঁবৰ নিপন ৰায় বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰ পাছত আৰক্ষীয়ে চক্ৰশিলাত অভিযান চলাই কে এল অ'ৰ এটা শিবিৰ ধ্বংস কৰে। শিবিৰত দুটা পিষ্টলৰ লগতে বহু সা-সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ইপিনে আৰক্ষীয়ে আন তিনিজন কে এল অ' সদস্যক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ধৃত কে এল অ'ৰ সদস্য তিনিজন ক্ৰমে ওদালগুৰি জিলাৰ বৰকোলা বাগিচাৰ অমলজ্যোতি বিশ্বাস(২৪), একৰাবাৰী গাঁৱৰ ৰণনজয় লস্কৰ (২৭) আৰু চিৰাং জিলাৰ বিজয় গাঁৱৰ প্ৰাণজিৎ ৰায় (২৬) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কে এল অ'ৰ সদস্য কেইজনে চক্ৰশিলা পাহাৰৰ মাজত শিবিৰ পাতি বিগত কিছুদিন ধৰি ধনদাবীৰ লগতে সংগঠনত নতুন সদস্যৰ ভৰ্তিৰো কাম কৰি আহিছে৷