Logo
image

ইজৰাইল-পেলেষ্টাইন যুদ্ধত নস্যাৎ ৰাষ্ট্ৰসংঘ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ অক্টোবৰঃ জাতিসংঘৰ (লীগ অব নেচন্‌ছ) জন্ম হৈছিল প্ৰথম মহাসমৰৰ পটভূমিত আৰু মৃত্যু হৈছিল দ্বিতীয় মহাসমৰৰ সূচনাত৷ প্ৰথম মহাসমৰৰ ধবংসলীলা দেখি বিশ্বৰ সকলো দেশৰ মাজত উমৈহতীয়া সম্পৰ্ক স্থাপনৰ জৰিয়তে শান্তি অব্যাহত ৰাখিবলৈ গঠন কৰা জাতিসংঘৰ মৃত্যু হৈছিল ১৯৩৯ চনত জাৰ্মানীয়ে দ্বিতীয় মহাসমৰৰ সূচনা কৰাত৷ দ্বিতীয় মহাসমৰৰ পাছত একে উদ্দেশ্যত ৰাষ্ট্ৰসংঘৰ জন্ম হ’ল ঠিকেই, পিছে অতি সম্প্ৰতি ইজৰাইলৰ পেলেষ্টাইন আক্ৰমণৰ সময়ত সেই জাতিসংঘৰ দৰেই শক্তিহীন, প্ৰভাৱহীন হৈ পৰিছে ৰাষ্ট্ৰসংঘ৷ ইজৰাইলৰ পেলেষ্টাইন আক্ৰমণৰ ফলত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব নে নহয় সেয়া তৰ্কৰ বিষয়, কিন্তু বিশ্বৰ এখন ক্ষুদ্ৰ দেশ ইজৰাইলক যে ৰাষ্ট্ৰসংঘই পেলেষ্টাইনক নিৰ্দয়ভাৱে কৰা আক্ৰমণৰ পৰা ক্ষান্ত কৰিব পৰা নাই সেয়া বাস্তৱ আৰু নিৰ্মম সত্য৷ ৰাষ্ট্ৰসংঘৰ এই অসহায় অৱস্থাই পুনৰ বিস্মিতপ্ৰায় জাতিসংঘৰ সোঁৱৰণী জগাই তুলিছে৷ অৱশ্যে ৰাষ্ট্ৰসংঘই কেৱল ইজৰাইলকে নহয়, ৰাছিয়াকো যুদ্ধৰ পৰা ক্ষান্ত কৰিব পৰা নাই৷ আমেৰিকাকো ইৰাক, আফগানিস্তান আক্ৰমণৰ পৰা ক্ষান্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু ইজৰাইলে যিদৰে ৰাষ্ট্ৰসংঘৰ প্ৰতিটো নিৰ্দেশ, আহ্বান উপেক্ষা কৰিছে, যিদৰে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিক ইজৰাইলত প্ৰৱেশ কৰাৰ বাবে ভিছা নাকচ কৰিছে, সেই পৰিস্থিতিত ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ অস্তিত্বই নস্যাৎ হৈ পৰিছে৷ কেৱল সিমানতে ক্ষান্ত নাথাকি ইজৰাইলে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুৱেটেৰেছৰ পদত্যাগেই দাবী কৰিছে৷ আমেৰিকাৰ সমৰ্থনত বলীয়ান ইজৰাইলৰ স্পৰ্ধা দেখি বিশ্বৰ অন্যান্য  ৰাষ্ট্ৰ  স্তম্ভিত হৈ পৰিছে৷

ৰাষ্ট্ৰসংঘই ক্ষান্ত কৰিব নোৱাৰিলেও অৱশ্যে প্ৰথমৰ পৰা ইজৰাইলৰ এই যুদ্ধৰ বিৰোধিতা কৰি আছে আৰু পেলেষ্টাইনত নিৰপৰাধী লোকক কৰা হত্যালীলা বন্ধ কৰিবলৈ আপ্ৰাণ প্ৰয়াস চলাই আছে৷ আনকি হামাছৰ ইজৰাইল আক্ৰমণ শূন্যৰ পৰা সৃষ্টি নোহোৱা বুলিও মন্তব্য কৰিছে সচিবপ্ৰধান এণ্টনিঅ’ গুৱেটেৰেছে৷ নিৰাপত্তা পৰিষদৰ বৈঠকত গুৱেটেৰেছে কৰা এই মন্তব্যত ক্ষুন্ন হৈ ইজৰাইলৰ প্ৰতিনিধি গিলাড আৰডানে গুৱেটেৰেছৰ পদত্যাগ দাবী কৰে আৰু তেওঁ সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰে৷ ইয়াৰ পৰিণতিতে ইজৰাইলে দেশখনলৈ আহিবলগীয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিক ভিছা প্ৰদানৰ বাবে অসন্মতি প্ৰকাশ কৰে৷ তাৰ পূৰ্বে ৰাষ্ট্ৰসংঘই ইজৰাইলে পেলেষ্টাইনৰ গাজাৰ বাসিন্দাক উত্তৰ দিশৰ পৰা আঁতৰি দক্ষিণ গাজালৈ যাবলৈ দিয়া নিৰ্দেশৰো বিৰোধিতা কৰিছিল৷ ৰাষ্ট্ৰসংঘই সেয়া অসম্ভৱ কাৰ্য বুলি মন্তব্য কৰি তাৰ পৰিণতি অতি ভয়াৱহ হ’ব বুলি সকিয়াই দিছিল৷ কিন্তু নিৰাপত্তা পৰিষদৰ বৈঠকত এণ্টনিঅ’ গুৱেটেৰেছে কৰা মন্তব্যত ইজৰাইলে অস্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ গুৱেটেৰেছে কৈছিল– হামাছৰ আক্ৰমণ শূন্যৰ পৰা সৃষ্টি হোৱা নাই৷ ইয়াৰ কাৰণ হৈছে জন্মভূমিত ৫৬ বছৰ ধৰি শ্বাসৰুদ্ধ অৱস্থাত থাকিবলগীয়া হোৱা৷ তাৰ ফলতেই এই বৰ্হিপ্ৰকাশ৷

এণ্টনিঅ’ গুৱেটেৰেছৰ এই মন্তব্যৰ পাছতে ইজৰাইলে যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ দেশলৈ আহিবলগীয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ ভিছা বাতিল কৰি দিয়ে৷ তদুপৰি ইজৰাইলৰ বৈদেশিক মন্ত্ৰী ইলি ক’হেনে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ সৈতে হ’বলগীয়া বৈঠকো বাতিল কৰি ৰাষ্ট্ৰসংঘৰ অস্তিত্বকে নাকচ কৰি দিছে৷