Logo
image

সমস্ত বণ্ড-তথ্য দিলে ষ্টেট বেংকে

নতুন দিল্লী, ২২ মাৰ্চঃ উচ্ছতম ন্যায়ালয়ৰ ভৎৰ্সনাৰ পাছত অৱশেষত ষ্টেট বেংক অৱ ইণ্ডিয়াই ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় সমস্ত তথ্য নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত বেংক কতৃৰ্পক্ষই এক শপতনামা দাখিল কৰে৷ উক্ত শপতনামাত উচ্ছতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা উকলি যোৱাৰ পূৰ্বেই ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় সকলো তথ্য আয়োগক দাখিল কৰা বুলি বেংক কতৃৰ্পক্ষই উল্লেখ কৰিছে৷ শপতনামাখনত এইবুলিও কোৱা হৈছে যে ইয়াৰ পাছত আৰু এছ বি আইৰ ওচৰত ইলেক্ট’ৰেল বণ্ডৰ কোনো তথ্য নাই৷ দেশৰ শীৰ্ষ আদালতখনত বৃহস্পতিবাৰে ষ্টেট বেংকৰ অধ্যক্ষই দাখিল কৰা শপতনামাত ইলেক্ট’ৰেল বণ্ড সম্পৰ্কে আদালতে ১৮ মাৰ্চত দিয়া নিৰ্দেশ আখৰে আখৰে পালন কৰা বুলিও  উল্লেখ কৰা হয়৷ শপতনামাত লগতে বণ্ডৰ ইউনিক নম্বৰো প্ৰকাশ কৰা হৈছে বুলি কোৱা হৈছে৷ উল্লেখ্য যে উচ্ছতম ন্যায়ালয়ে এছ বি আইক শপতনামা দাখিলৰ বাবে ২১ মাৰ্চৰ বিয়লি পাঁচ বজালৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল৷ তদুপৰি এছ বি আইৰ ওচৰত থকা ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় সমস্ত বিৱৰণ আয়োগক দাখিল কৰিবলৈ কোৱা হৈছিল৷ সেই অনুসৰি নিৰ্ধাৰিত সময় উকলি যোৱাৰ পূৰ্বেই অৱশেষত বেংকৰ অধ্যক্ষই শপতনামা দাখিল কৰি জনায় যে এতিয়া আৰু তেওঁলোকৰ ওচৰত কে ৱাই চি বিৱৰণ আৰু বেংক একাউণ্টৰ নম্বৰৰ বাহিৰে বণ্ড সম্পৰ্কীয় আন কোনো তথ্য নাই৷ ইয়াৰ পূৰ্বে শীৰ্ষ আদালতখনৰ অন্তৱৰ্তীকালীন নিৰ্দেশ মানি ষ্টেট বেংকে আয়োগৰ ওচৰত জমা দিয়া ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় তথ্য দাখিল কৰিছিল৷ কিন্তু সেই তথ্য অসম্পূৰ্ণ বুলি উল্লেখ কৰে উচ্ছতম ন্যায়ালয়ে৷ উক্ত তথ্যত  ষ্টেট বেংকে ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীলৈকে মুঠ ২২,২১৭ টা ইলেক্ট’ৰেল বণ্ড ইছ্যু কৰা বুলি উল্লেখ কৰা হয়৷ ইয়াৰে ২২,০৩০ টা বণ্ড বিভিন্ন ৰাজনৈতিক দলসমূহে ভগাই লয়৷ বাকী থকা ১৮৭ টা বণ্ড প্ৰধানমন্ত্ৰী সাহায্য পুঁজিত জমা হয়৷ স্মৰ্তব্য যে এছ বি আয়ে দাখিল কৰা ইলেক্ট’ৰেল বণ্ড সম্পৰ্কীয় তথ্য অনুসৰি ফিউচাৰ গেমিং এণ্ড হোটেল ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডে ১,৩৬৮ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰে৷ সেইদৰে মেঘা ইঞ্জিনীয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকছাৰ্ছ লিমিটেডে ৯৬৬ কোটি, এম কে জালান গ্ৰুপে ৬১৬.৯, বেদান্তা গ্ৰুপে ৪০২.৪, হালদিয়া এনাৰ্জী লিমিটেডে ৩৭৭, যশোদা ছুপাৰ স্পেচিয়েলিটী হাস্পতালে ১৬২, ডি এল এফ কমাৰ্চিয়েল ডেভেলপাৰ্ছ লিমিটেডে ১৩০, জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেডে ১২৩, চেন্নাই গ্ৰীণ উডছ প্ৰাইভেট লিমিটেডে ১০৫, ৰশ্মি গ্ৰুপে ৯০.৫, ড॰ ৰেড্ডী লেবৰেটৰীজ লিমিটেডে ৮৪, হিতেৰো ফাৰ্মা গ্ৰুপে ৬০, এন চি চি লিমিটেডে ৬০, ডি আই ভি আই এছ লেবৰেটৰীজ লিমিটেডে ৫৫, অৰবিন্দ ফাৰ্মা লিমিটেডে ৫২, ইউনাইটেড ফছফৰাচ লিমিটেডে ৫০, শিৰডি ছাই ইলেক্ট্ৰিকেলছ লিমিটেডে ৪০, কল্পতৰু প্ৰজেক্টছ ইণ্টাৰনেশ্যনেল লিমিটেডে ২৫.৫ আৰু হিৰো মটৰক’প লিমিটেডে ২০ কোটি টকাৰ ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰে৷ তাৎপৰ্যপূৰ্ণ যে ইলেক্ট’ৰেল বণ্ড ক্ৰয় কৰাৰ পূৰ্বে এই আটাইকেইটা প্ৰতিষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থাই তালাচী অভিযান চলাইছিল৷ বণ্ড ক্ৰয় কৰাৰ পাছত আশ্চৰ্যজনকভাৱে এই প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে তালাচী অভিযান চলোৱা ই ডি, চি বি আই বা আয়কৰ বিভাগৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক স্তিমিত হৈ পৰা দেখা যায়৷