Logo
image

বজাৰত জুই জ্বলিছে স্বৰ্ণবিপণীতো ভিৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ অক্টোবৰ : নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰে বজাৰত জ্বলিছে জুই৷ মূল্যবৃদ্ধিয়ে সৰ্ব সাধাৰণ জনতাক কোঙা কৰাৰ মাজতে মঙলবাৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় ধনতেৰাছ৷ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত মূলত উত্তৰ ভাৰতত হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে ধনতেৰাছ উদ্‌যাপন কৰা হয়৷ অৱশ্যে অতি শেহতীয়াকৈ অসমীয়া সমাজেও এই ধনতেৰাছ উৎসৱ আঁকোৱালি লৈছে৷ প্ৰবাদ অনুসৰি ধনতেৰাছত ভগৱান ধন্বন্তৰী আৰু কুবেৰক উপসনা কৰি হিন্দু ধৰ্মীয় লোকসকলে ঘৰলৈ লক্ষীক আমন্ত্ৰণ জনায়৷ ধনতেৰাছত সোণ, ৰূপ, হীৰা আৰু কাঁহ-পিতলৰ বাচন-বৰ্তনৰ লগতে গাড়ী মটৰ ক্ৰয় কৰা কাৰ্যক শুভ বুলি গণ্য কৰি অহা হৈছে৷ অৱশ্যে দুখীয়া লোকসকলে ধনতেৰাছত ঝাড়ু, নিমখ, ধনীয়া গুটি আদি ঘৰলৈ ক্ৰয় কৰি আনি পূজা কৰাৰো পৰম্পৰা আছে৷ সম্প্ৰতি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিত অসমৰ একাংশ লোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ’লেও ধনতেৰাছৰ দিনটোত বিপৰীত ছবিহে দেখা পোৱা গ’ল৷ মঙলবাৰে ৰাজ্যৰ প্ৰতিখন সৰু-বৰ চহৰৰ লগতে গুৱাহাটী মহানগৰীৰ স্বৰ্ণ বিপণীত সোণ-ৰূপৰ অলংকাৰ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ লগা পৰিলক্ষিত হয়৷ ধনতেৰাছত সোণ-ৰূপ আৰু পূজাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে একাংশ লোকে ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই অহাত মহানগৰীৰ জি এছ ৰোডকে ধৰি সকলো পথতে দুপৰীয়া ভাগৰ পৰা অভাৱনীয় যান-জঁটৰ সৃষ্টি হয়৷ বিশেষকৈ সন্ধিয়া ভাগত যান-জঁট বৃদ্ধি পোৱাত ২-৩ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ ঘণ্টা পৰ্যন্ত সময় লাগে৷ বিশেষকৈ জি এছ ৰোডৰ জুৱেলাৰীসমূহত সোণ-হীৰা ক্ৰয়ৰ বাবে গ্ৰাহকে হেতা-ওপৰা লগোৱাত প্ৰতিখন জুৱেলাৰীৰ সন্মুখতে আৰক্ষীৰ ফালৰ পৰা অতিৰিক্ত ২-৩ জনকৈ জোৱান নিয়োগ কৰাও পৰিলক্ষিত হয়৷ মুঠৰ ওপৰত মঙলবাৰৰ দিনটোত উত্তৰ ভাৰতৰ সংস্কৃতিক আঁকোৱালি লৈ একাংশ অসমীয়াই ধৰ্মীয় পৰম্পৰাৰ উপৰি উলহ-মালহৰে পালন কৰে ধনতেৰাছ৷ লক্ষণীয়ভাৱে, গুৱাহাটীৰ লগতে ৰাজ্যৰ একাংশ লোকে ধনতেৰাছত সোণ, ৰূপ, হীৰা আৰু গাড়ী ক্ৰয় কৰাৰ বিপৰীতে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৰাজ্যৰ আন একাংশ লোকে মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ শাক-পাচলিৰ কথা বাদেই, ৰাজ্যত এটা সপ্তাহৰ ভিতৰতে বিশেষকৈ চাউল আৰু মিঠাতেলৰ দাম বৃদ্ধিয়ে চৰম সীমা অতিক্ৰম কৰে৷


পূৰ্বে খুচুৰা বজাৰ ৫০ টকাত উপলব্ধ  প্ৰতিকেজি চাউল এতিয়া প্ৰতিকেজি ৫৩ টকাত ক্ৰয় কৰিবলগীয়া হয় গ্ৰাহকে৷ অৰ্থাৎ এসপ্তাহ-দহ দিনতে চাউলৰ প্ৰতিকেজিৰ বিপৰীতে ৩ টকাকৈ দাম বৃদ্ধি পালে৷ আনহাতে উৎসৱৰ গইনা লৈ প্ৰতিলিটাৰ মিঠাতেল ২০-২৫ টকা পৰ্যন্ত দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ পূৰ্বে ১ লিটাৰ ধাৰা ব্ৰেণ্ডৰ মিঠাতেলৰ দাম ১৪৬-১৫০ টকা আছিল যদিও মঙলবাৰে খুচুৰা বজাৰত ইয়াৰ দাম ১৭৫ টকালৈ বৃদ্ধি পায়৷ একেদৰে পূৰ্বে প্ৰতিলিটাৰ ফৰ্চুন  ব্ৰেণ্ডৰ মিঠাতেলো ১৪৬-১৫০ টকা উপলব্ধ হৈছিল যদিও এতিয়া ফৰ্চুন মিঠাতেলৰ প্ৰতিলিটাৰৰ দাম ১৭৫ টকালৈ বৃদ্ধি পালে৷ আনহাতে পূৰ্বে পতঞ্জলিৰ প্ৰতি লিটাৰ মিঠাতেল ১৫৫ টকা, প্ৰতিলিটাৰ অন্নপূৰ্ণা ব্ৰেণ্ডৰ মিঠাতেল ১৬০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে এতিয়া প্ৰতিলিটাৰ পতঞ্জলী মিঠাতেল ১৮৪ টকা আৰু অন্নপূৰ্ণ মিঠাতেল ১৭৫ টকাত বিক্ৰী হয়৷ আ(ৰ্যজনক বিষয়টো হৈছে মিঠাতেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ পাছতো যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰ বাবে ঘৰত পত্নীৰ ককৰ্থনাৰ সন্মুখীন হৈ তল মূৰ কৰি ভাত খাবলগীয়া হোৱা বুলিহে আজৱ মন্তব্য কৰিছে৷ তদুপৰি ইজিপ্তে মিঠাতেল প্ৰেৰণ নকৰিলে  প্ৰতি লিটাৰ মিঠাতেলৰ দাম ১,০০০ টকা হ’ব বুলিও মন্তব্য কৰে বিভাগীয় মন্ত্ৰীজনে৷ এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসে সাংবাদিকৰ আগত কয়– ‘মূল্যবৃদ্ধিক লৈ মোৰ লগতে মুখ্যমন্ত্ৰীও উদ্বিগ্ন৷ মূল্যবৃদ্ধিৰ বাবে মই ঘৰত পত্নীৰ গালি খাও৷ ঘৰৰ কাম কৰা মহিলাগৰাকীক যেতিয়া বজাৰ কৰিবলৈ দি পত্নীয়ে হিচাপ লয় তেতিয়া মই তলমূৰ কৰি থাকোঁ৷ কাম কৰা ল’ৰাটোৱে পাচলি বজাৰ কৰি অনাৰ পাছত মই তলমূৰ কৰি থাকোঁ৷ মূল্যবৃদ্ধিৰ বাবে মই ঘৰতে খেতি কৰিবলৈ লৈছোঁ৷’