Logo
image

বিহু মঞ্চৰ বিতৰ্কৰ শেষ ক’ত

'আমাৰ অসম'ৰ ডিজিটেল সংবাদঃ  বিহুৰ নামত নৈৰাজ্য চলিছে৷ বিহু মঞ্চত কৰ্প’ৰেট গোষ্ঠী, দুৰ্নীতিপৰায়ণ আমোলা-ঠিকাদাৰৰ ৰাজত্ব৷ চূড়ান্ত নৈৰাজ্যবাদে গ্ৰাস কৰিছে বিহু সংস্কৃতিক৷

জিন্‌ছ পিন্ধি মঞ্চত উঠাৰ বাবেই পূব গুৱাহাটী বিহু সন্মিলনৰ বিষয়ববীয়াই ৰাজহুৱাভাৱে অপমান কৰিলে জনপ্ৰিয় গীতিকাৰ-সুৰকাৰ-সংগীত পৰিচালক, গায়ক দিগন্ত ভাৰতীক৷ জিন্‌ছ পিন্ধি মঞ্চত উঠাৰ বাবেই দিগন্ত ভাৰতীৰ হাতৰ পৰা বিহুৰ বিষয়ববীয়া [তেওঁ বিহু কমিটীৰ সাধাৰণ সম্পাদক] মাইকৰ স্পীকাৰ কাঢ়ি নিয়া দৃশ্যটো আছিল অতি বেদনাদায়ক আৰু দৃষ্টিকটু৷ জানিব পৰা মতে, দিগন্ত ভাৰতীৰ গায়িকা পত্নী ভাস্বতী ভাৰতীক অনুষ্ঠানত গীত পৰিৱেশন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল৷ শিল্পীপত্নীয়ে মঞ্চত গীত পৰিৱেশনৰ সময়ত দিগন্ত ভাৰতী অনুষ্ঠানটোৰ দৰ্শক হিচাপেহে উপস্থিত আছিল৷ গীত গাবলৈ আৰু গামোচা পিন্ধাবলৈ মঞ্চলৈ শিল্পীগৰাকীক কমিটীৰ বিষয়ববীয়াই মাতি নিয়াৰ পাছত মঞ্চত গামোচা পিন্ধাই আকৌ শিল্পীগৰাকীক জিন্‌ছ পেণ্ট পিন্ধি মঞ্চত উঠা বুলি আয়োজকে ক্ষোভ উজাৰি মাইক্ৰ’ফোন কাঢ়ি মঞ্চৰ পৰা অপমান কৰি নমাই দিয়ে বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা দিগন্ত ভাৰতীক৷ লাজে-অপমানে অতি নম্ৰ, সৰল প্ৰকৃতিৰ, স্বল্পভাষী শিল্পীগৰাকী মঞ্চৰ পৰা নামি অহা দৃশ্যটো সঁচাকৈয়ে অসহনীয়৷ এই কাৰ্যত বাৰুকৈয়ে ক্ষোভ উজাৰে শিল্পীপত্নী ভাস্বতী ভাৰতীয়ে৷ প্ৰকৃততে শিল্পীৰ মৰ্যাদা দিয়াৰ ব্যতিৰেকে শিল্পীক অপমান কৰি লজ্জানত কৰিছে অসমীয়া জাতিক৷

প্ৰশ্ন হয় বিহুৰ সময়ত বাৰে বাৰে কিয় শিল্পী অপমানিত হ’বলগা হয়৷ শিল্পীক অপমানৰ ঘটনা দিনক দিনে বাঢ়ি গৈছে৷ বিগত বৰ্ষত গায়ক মৌচম গগৈক মদাহী দৰ্শকে অপমান কৰিছিল৷ অপমান কৰা হৈছিল  বিপিন চাওদাঙক৷ ভাবুকি দিয়া হৈছিল প্ৰিয়ংকা ভৰালীক৷ দিগন্ত ভাৰতীৰ উপৰিও এইবাৰ বজালীত ধনটি দাসক, ৰাজধানী চহৰতে ৰাজগড়ত গায়িকা দৃষ্টি সীমনাক অপমান কৰা হৈছে৷ এনে এক হুতাশনীয়া পৰিৱেশত দিগন্ত ভাৰতীৰ কাষত অসমীয়া শিল্পীসত্বা জাগি উঠিছে৷ জুবিন গাৰ্গ, জে পি দাস, মণীষা হাজৰিকা, সমৰ হাজৰিকা, কৃষ্ণমণি চুতীয়া, মানস ৰবীন, নীল আকাশ, সুৱাসনা দত্ত, প্ৰিয়ংকা ভৰালী, নীলোৎপল বৰা, দীপলিনা, জুবলিৰে ধৰি অসমৰ শিল্পী সমাজ একত্ৰিত হৈ দিগন্ত ভাৰতীৰ কাষত থিয় দিছে৷ দিগন্ত ভাৰতী অপমানিত হোৱাৰ পাছত পৰৱৰ্তী দিনা সেই মঞ্চত গায়ক নীল আকাশে অনুষ্ঠান পৰিৱেশন  কৰাত গায়ক নীলোৎপল বৰাই ক্ষোভ প্ৰকাশ কৰে৷ তেওঁ কয়– মই হোৱা হ’লে সেইখন মঞ্চত গীত পৰিৱেশন নকৰিলোহেঁতেন৷ ইফালে, সীমান্ত ঠাকুৰীয়াৰ ভাষ্য– দিগন্ত ভাৰতী আমাৰ নমস্য ব্যক্তি৷ তেওঁক অপমান কৰা আমাৰ কাম্য নহয়৷


ছ’চিয়েল মিডিয়াত নেটিজেনৰ ভাষ্য

মন যায়, মনলৈ উভতি আহে ল’ৰালি, বগাকৈ বগলী বহলাই বলিছে, ৰুমাল ৰুমাল, হুৰ হুৰ হুৰাইদে আদি জনপ্ৰিয় গীতৰ স্ৰষ্টা দিগন্ত ভাৰতী অসমীয়াৰ এক আবেগ৷ সুৰাসক্তৰ টুলুঙা অপমানসূচক মন্তব্যই আবেগৰ ঢৌক বাধা দিব নোৱাৰে৷ ব’হাগ মাহত দুদিন ডিঙিত গামোচাখন লৈ চান্দা তুলি ফকতীয়া টকাৰে মদ ডিঙিলৈকে গিলি বিহু পাতি অসমীয়াগিৰি দেখুৱালেই বৰ অসমীয়া হৈ নাযায়৷ ‘বিবেকশূন্য কমিটী’ বুলি একাধিক নেটিজেনে মন্তব্য কৰিছে৷ বিহুও শেষ, বিহুৰ অস্তিত্বও শেষ৷ বহুতে বিহু বৰ্জনৰ ভাবুকি দিছে, ধিক্কাৰ দিছে৷ ছ’চিয়েল মিডিয়াত প’ষ্টৰ জোৱাৰ উঠিছে– ‘শিল্পীক সন্মান কৰিব নজনাজনে শিল্পীৰ অপমান কৰাৰ অধিকাৰ নাই৷’

মই কাকো অনুৰোধ নকৰো, আদেশ দিছো, ক্ষমা খুজিব লাগিব ঃ জুবিন গাৰ্গ

দিগন্ত ভাৰতীক অপমান কৰাক লৈ গৰজি উঠিছে জুবিন গাৰ্গ৷ নলবাৰী এক বিহু মঞ্চৰ পৰা জুবিনে হুংকাৰ দিছে– ‘মই কাকো অনুৰোধ নকৰো, আদেশ দিছো, ক্ষমা খুজিব লাগিব৷’ দিগন্ত ভাৰতীক অপমান কৰা কাৰ্য সহ্য নকৰো৷ দিগন্ত ভাৰতী অনুষ্ঠান চাবলৈহে গৈছিল৷ তেওঁ দৰ্শক হিচাপেহে গৈছিল৷ গতিকে শিল্পীক অপমান কৰাটো সহ্য কৰা নহয়৷

মোৰ চানমাৰিৰ


বাসিন্দা বুলি ক’বলৈ লাজ লাগিছে ঃ জে পি  দাস

বিশিষ্ট সুৰকাৰ, সংগীত পৰিচালক জেপি দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– মোৰ আজি চানমাৰিৰ বাসিন্দা বুলি ক’বলৈ লাজ লাগিছে৷ পূব গুৱাহাটী বিহু সন্মিলনৰ আচৰণত লাজ পাইছো৷ আজি  আমি শিল্পী সুৰক্ষাৰ প্ৰয়োজন বোধ কৰিছোঁ৷

মোক তালিবানী কায়দাৰে


মঞ্চৰ পৰা নমাই দিলে ঃ দিগন্ত ভাস্বতী

মই গীত গাবলৈ যোৱা নাছিলো, পত্নী ভাস্বতীৰ অনুষ্ঠান চাবলৈহে গৈছিলো৷ কিন্তু কমিটীৰ সাধাৰণ সম্পাদকে মোক তালিবানী কায়দাৰে মোৰ পৰা মাইক্ৰ’ফোন কাঢ়ি লয়৷ তেওঁৰ মুখত মদৰ গোন্ধ আৰু মঞ্চৰ পৰা ঠেলি মোক নমাই দিয়ে৷ সীমান্ত ঠাকুৰীয়া, জামান আৰু তালুকদাৰ উপাধিৰ তিনিজন লোকে অভব্য আচৰণ কৰি মোক মঞ্চৰ পৰা নমাই দিছে৷ ভদ্ৰভাৱে কথাখিনি কোৱা হ’লে মই মানি ল’লেহেঁতেন৷ ৰাজহুৱাভাৱে মোক অপমান কৰিছে৷ গতিকে ৰাজহুৱাভাৱে ক্ষমা খোজক৷