
বিহু মঞ্চত হোৱা অবাঞ্চিত ঘটনাত দুখ প্রকাশ পূব-গুৱাহাটী বিহু সন্মিলনৰ
'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ২৪ এপ্ৰিলঃ গুৱাহাটীৰ চানমাৰিস্থিত পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত ১৬ এপ্ৰিলত হোৱা অবাঞ্চিত ঘটনাত দুখ প্রকাশ কৰিছে পূব-গুৱাহাটী বিহু সন্মিলনে। লগতে ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ পুনৰাবৃত্তি নহয় তাৰেই কামনা কৰিছে। বৃহস্পতিবাৰে গুৱাহাটীৰ গীতানগৰস্থিত 'ঈগল গাৰ্ডেন'ত শিল্পী সমাজ আৰু পূব-গুৱাহাটী বিহু সন্মিলনৰ যৌথ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই ঘটনাৰ বাবে ভুল স্বীকাৰ কৰে পূব-গুৱাহাটী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই। তেওঁ লগতে কয়- 'পূব-গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ ৬৪ সংখ্যক সমাৰোহ উদযাপনৰ মঞ্চত ১৬ এপ্ৰিলৰ নিশা শিল্পী দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতীয়ে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত অনাকাংক্ষিত আৰু অনিশ্চাকৃতভাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। শিল্পীদ্বয় দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতীয়ে দুখ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত বাপতি সাহোন অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সংগঠক আৰু শিল্পী তথা কলা-কুশলীৰ স্বাৰ্থত সমিলমিলেৰে উদ্ভৱ হোৱা বিবাদৰ সামৰণি মাৰিবলৈ সন্মতি প্রকাশ কৰিলোঁ।
শিল্পী, কলা-কুশলী, সংগঠক আৰু অসমৰ ৰাইজৰ প্ৰতি সন্মান জনাই আৰু আটাইৰে উত্তৰোত্তৰ উন্নতি কামনা কৰি দুয়ো পক্ষই বৃহস্পতিবাৰে এই যুটীয়া বিবৃতি স্বাক্ষৰ কৰিলোঁ। বুধবাৰে আমি দুয়োপক্ষই সুন্দৰ আলোচনাত মিলিত হওঁ এই সিদ্ধান্ত গ্ৰহণ কৰোঁ। আমাৰ জাতীয় সাজ-পাৰৰ পৰম্পৰা অব্যাহত থাকিব। আমি বিহুৰ স্বকীয়তা ৰাখি আগবাঢ়ি যাব লাগিব।' সংবাদ মেলত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীয়ে কয়- 'পূব-গুৱাহাটী বিহু সন্মিলনীয়ে নিজৰ ভুল স্বীকাৰ কৰি দুখ প্ৰকাশ কৰিছে। ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰে কামনা কৰিলোঁ। আমি অসমীয়া হিচাপে ইজনে সিজনক আকোৱালি ল'ব লাগিব। আমি যাতে ভাল ভাল কামৰ বার্তা দিব পাৰো তাৰ প্রয়াস কৰা উচিত। আমি শিল্পী সমাজ আৰু চলচ্চিত্ৰ সমাজে আগৰ দৰে তেওঁলোকক সহযোগিতা আগবঢ়াম। আমাৰ বিবাদ মিমাংসা হ'ল যেতিয়া আমি পূব-গুৱাহাটী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে যি আইনী ব্যৱস্থা গ্ৰহণ কৰিছিলো সেয়া উঠাই লোৱা হ'ব।'
সংবাদ মেলত বিশিষ্ট সংগীত শিল্পী ভাস্বতী ভাৰতীয়ে কয়- 'এই ঘটনাৰ মই সোনকালে সমাধান হোৱা বিচাৰিচিলো। বিৰ্তকত থাকি অলপো ভাল লগা নাছিল। সঁচা অৰ্থত যি সকল শিল্পী তেওঁলোকে উচিত সন্মান পোৱা উচিত। সকলোৱে মিলি জুলি থকা ভাল। আমাৰ পৰম্পৰা, আমাৰ বিহু আমি জীয়াই ৰাখিব লাগিব। বিহু কমিটী সমূহো দায়িত্বশীল হ'ব লাগিব। ইয়াৰ বাবে পৰিবেশ সুস্থ হ'ব লাগিব। মোৰো যদি কিবা ভুল হৈছে তেনেহ'লে ৰাইজে মোক ক্ষমা কৰিব।' সংবাদ মেলত শিল্পী সমাজৰ হৈ ৰাজেশ ভূঞা, জয়ন্ত কাকতি, মানৱ বৰুৱা, পূব-গুৱাহাটী বিহু সন্মিলনৰ প্রধান উপদেষ্টা বলেন ভৰালী, সঞ্জীৱ লহকৰ, সভাপতি বিপুল তালুকদাৰ উপস্থিত থাকে। উল্লেখ্য যে বুধবাৰে বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ ঘৰলৈ গৈছিল পূব-গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ, সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া, সাংস্কৃতিক সম্পাদক নাছেৰুদ্দিন আহমেদ, প্ৰধান উপদেষ্টাদ্বয় বলেন ভৰালী, সঞ্জীৱ লহকৰকে ধৰি আন কেইবাগৰাকী বিষয়ববীয়া। সকলোৱে দিগন্ত ভাৰতীৰ ক্ষেত্ৰত হোৱা ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰে। আনকি ঘটনাৰ পিছত সভাপতি আৰু সাধাৰণ সম্পাদকে নিজাকৈ সংবাদ মেল দি কোৱা কথাখিনিতো দুখ প্ৰকাশ কৰে মুখ্য উপদেষ্টাই।
ইফালে দিগন্ত ভাৰতীক তেওঁৰ পত্নীয়ে অনুষ্ঠান পৰিৱেশনৰ বাবদ পাবলগীয়া মাননীৰ চেকখন বিষয়ববীয়াসকলে দিব বিচাৰিছিল যদিও দিগন্ত ভাৰতীয়ে চেকখন গ্ৰহণ নকৰিলে আৰু ৰাজহুৱাকৈ সমগ্ৰ ঘটনাটো দুখ প্ৰকাশ কৰিহে চেকখন প্ৰদান কৰিবলৈ আহ্বান জনায়। সেই মৰ্মে বৃহস্পতিবাৰে সংবাদ মেলৰ পাছতে বিশিষ্ট শিল্পী ভাস্বতী ভাৰতীৰ হাতত তেওঁৰ প্ৰাপ্য মাননিৰ চেকখন অৰ্পন কৰা হয়। উল্লেখযোগ্য যে বিহু মঞ্চত দিগন্ত ভাৰতীৰ ক্ষেত্ৰত হোৱা অপমানজনক ঘটনাটোক লৈ সমগ্ৰ ৰাজ্যৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তিয়ে সমালোচনা কৰাৰ পিছতো কোনো অনুশোচনা হোৱা নাছিল বিহু কমিটীৰ। আনকি কোনো পধ্যেই তেওঁলোকে ক্ষমা নোখোজে বুলি কৈছিল। কিন্তু সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই বিহু কমিটীৰ মুখ্য উপদেষ্টা বলেন ভৰালীলৈ ঘটনাৰ পিছদিনাই ফোন কৰি কেৱল এজনৰ দোষৰ বাবে সমগ্ৰ বিহু কমিটীখনে বদনাম লোৱাৰ সলনি জ্যেষ্ঠসকলে মিলি সিদ্ধান্ত এটা ল'বলৈ অনুৰোধ কৰাৰ উপৰি বহু বিশিষ্ট লোকে তেওঁলোকক ফোন কৰি ৰাইজৰ আহ্বানক সন্মান জনাবলৈ অনুৰোধ কৰাত অৱশেষত বিহু কমিটিয়ে দিগন্ত ভাৰতীকে ধৰি শিল্পী সমাজৰ সৈতে মিলিত হৈ বিষয়টোৰ মীমাংসা কৰে।