
উক্তি-বক্ৰোক্তি
এটা দীঘলীয়া নিশা আমেৰিকাই মধ্যস্থতাৰ বাবে আলোচনা কৰাৰ অন্তত মই আনন্দৰে সৈতে ঘোষণা কৰিছোঁ যে ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই তাৎক্ষণিকভাৱে আৰু সম্পূৰ্ণৰূপে যুদ্ধবিৰতি পালন কৰিবলৈ সন্মত হৈছে৷ সাধাৰণজ্ঞান আৰু বুদ্ধিদ্বীপ্ততা দুয়োখন দেশে বুজি পোৱাৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছোঁ৷ তোমালোকে মোৰ কথা শুনাৰ বাবে ধন্যবাদ৷
– আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
কেৱল গৌৰৱ গগৈহে বাকী আছে৷ গৌৰৱ গগৈক বাদ দি সকলো পাকিস্তান প্ৰীতি দেখুওৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে৷ সময়ত এৰেষ্ট হৈ যাব৷ ছেপ্টেম্বৰলৈ অপেক্ষা কৰক৷
–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আমেৰিকাই মধ্যস্থতা কৰাৰ পাছত ভাৰত আৰু পাকিস্তানে পৰস্পৰৰ বিৰুদ্ধে সামৰিক কাৰ্যকলাপ আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণ বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে৷ তথাপি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ পূৰ্বৰ স্থিতি একেই থাকিব, সাল-সলনি নহয়৷
– ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ
বিগত ৪৮ ঘণ্টা ধৰি মই আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে একেৰাহে ভাৰতীয় আৰু পাকিস্তানী বিষয়াবৰ্গৰ সৈতে আলোচনাত মগ্ন আছিলোঁ৷ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে কথা পতাৰ লগতে ভাৰতৰ বৈদেশিকমন্ত্ৰী এছ জয়শংকৰ, পাকিস্তানৰ সেনাবাহিনীৰ মুৰব্বী আছিম মুনিৰ, পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আছিম মালিক আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে আলোচনা কৰি দুয়োখন দেশকে নিৰস্ত্ৰ কৰিলোঁ৷
– মাৰ্কিন বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ৷
পাকিস্তান আৰু ভাৰতে জৰুৰীভাৱে যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে৷ সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা আৰু সুস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানে যুদ্ধ পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে৷ এতিয়াৰ পৰা আমি উভয় দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি সন্মান ৰাখি আগবাঢ়ি যাম৷
– পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছাক ডাৰ
দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, বিজেপি দলৰ শীৰ্ষ নেতাসকলৰ লগতে ভাৰতীয় সেনাও মোৰ চিন্তাৰ সৈতে আজি একমত হোৱা দেখি খুবেই সুখী হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ৷ বিশেষকৈ ড’নাল্ড ট্ৰাম্প ডাঙৰীয়াই এই সময়ত শান্তি আলোচনাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ শলাগ নলৈ নোৱাৰি৷
– অসমৰ গায়ক নীলোৎপল বৰা