Logo
image

গুৱাহাটীৰ বান, প্ৰয়োজন উন্নত মাষ্টাৰপ্লেনৰ

পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বানপানী হয়৷ ভগৱানে বিশ্বজোৰা বানৰ কবলৰ পৰা ভক্ত ‘নোৱা’ৰ পৰিয়ালক গৰু, ঘোঁৰা, ছাগলীৰে সৈতে তিনি মহলীয়া জাহাজ (Noah's Ark) খনেৰে উদ্ধাৰ কৰাৰ কথা বাইবেলৰ জেনেচিছত লিখা আছে৷ অসমৰ লোকক বানপানীৰ দুখ নিৰ্গতিৰ কথা নকৈ দোহাৰিব নালাগে৷ নৈত পানী বাঢ়ি পাৰ বাগৰিলে, মথাউৰি ভাগিলে বান হয়; সাগৰৰ পাৰৰ ঠাইত অতি উচ্ছ জোৱাৰৰ পৰাও বান হয়৷ এই জুনৰ অভূতপূৰ্ব বৰষুণৰ ফলত ৰাজ্যজুৰি হোৱা বানৰ কথা অৱশ্যে সুকীয়া৷ কিন্তু গুৱাহাটী মহানগৰত ঘনাই দুই ইঞ্চি বৰষুণতে ৰাস্তা-পদূলি, ঘৰৰ মজিয়ালৈ উঠা বান আনধৰণৰ বান– এক প্ৰকাৰে মানুহে সৃষ্টি কৰা নগৰীয়া বান৷

সমস্যাটোঃ অতি সহজভাৱে বান সৃষ্টিৰ প্ৰক্ৰিয়াটো এনে ধৰণৰ৷ বৰষুণ পৰে৷ বৰষুণৰ প্ৰকোপ আৰু সময় দীৰ্ঘতাৰ ওপৰত নিৰ্ভৰ কৰি মাটিত পৰা বৰষুণৰ পানী কিছু মাটিয়ে শুহি লয়, কিছু বাষ্পীকৰণ হৈ আকাশলৈ যায়৷ বাকী থকাখিনি run off হৈ ওচৰৰ নলী, নৰ্দমা, খাল, পুখুৰী, পিতনি, বিল, নৈলৈ গুচি যায়৷ এই run off খিনি যদি তেনেবোৰ জলাধাৰত নধৰা হৈ উপচি পৰে তেতিয়া বান হয়৷ ইয়াকে জলবিজ্ঞানত rainfall-runoff প্ৰকৰণ বুলি কোৱা হয়৷

এতিয়া গুৱাহাটীৰ ভৌগোলিক অৱস্থানখিনি মনত কৰক৷ ৰেইল লাইনৰ দক্ষিণৰ পৰা প্ৰায় বশিষ্ঠ পাহাৰলৈকে আৰু দক্ষিণ পশ্চিমে দীপৰ বিললৈকে বিস্তৃত এলেকাত মাজে মাজে দুই এটা টিলা, কিছু ধাননি পথাৰ, ভৰলু আৰু বাহিনী সৰু নৈ দুখনৰ বাহিৰে বেছিভাগেই পিতনি জলাশয়ৰ ঠাই আছিল৷ যোৱা শতাব্দীৰ ৬০ দশকলৈকে পল্টন বজাৰ, ৰিহাবাৰী, উলুবাৰী, কুমাৰপাৰা, মালিগাঁও আদিত পাতল বসতিৰ বাসস্থান, দোকান বজাৰৰ কাষে কাষেও মেটেকাৰে ভৰা পিতনি আছিল৷ চাৰি-পাঁচ ইঞ্চি বৰষুণ হ’লেও, সেই পানী জলাশয়বোৰে গ্ৰহণ কৰিছিল, আৰু অৱশিষ্টখিনি বাহিনীয ভৰলুৱে ব্ৰহ্মপুত্ৰত পেলাইছিলগৈ৷ এতিয়া অতি দ্ৰুতগতিত নগৰীকৰণ কৰাত পাহাৰ কাটি অনা মাটিৰে জলাশয়বোৰ পুতি, গছ-গছনি কাটি, শিল, বালি চিমেণ্টেৰে ৰাস্তা, পদূলি, ঘৰ, দোকান, উদ্যোগ স্থলী সাজোতে পানী শুহিব পৰা উকা মাটি, বননি নোহোৱা হ’ল৷ এনে প্ৰচেষ্টাত বিজ্ঞানসন্মতভাৱে পানী বোৱাই নিব পৰা উপযুক্ত পৰিমাণৰ নলী, নৰ্দমা আদি নোহোৱাৰ ফলত দুই ইঞ্চি বৰষুণৰ পানী কোনো পিনে যাব নোৱৰা হ’লত, যাবলৈ মাথোঁ একেটা পথকে পাইছে– ওপৰলৈ, শীঘ্ৰে ৰাস্তা, পদূলি, আৰু কোনো ঠাইত ঘৰৰ মজিয়াৰ ওপৰলৈ৷ থোৰতে গুৱাহাটীৰ নগৰীয়া আকস্মিক বানৰ এইটোৱে কাৰণ৷

সমাধানৰ পথবোৰঃ

দ্ৰুত নগৰীকৰণৰ বাবে এনে বান অকল গুৱাহাটীতে নহয়, আন ঠাইতো হোৱাৰ দৃষ্টান্ত আছে৷ কিন্তু গুৱাহাটীৰ দৰে বেছি বৰষুণ হোৱা ঠাইত বৰষুণৰ পানী নিৰ্গমন কৰিবলৈ যাৱতীয় পৰিকল্পনা নোহোৱাকৈ অতি ক্ষিপ্ৰ গতিত নগৰীকৰণ হোৱাত ইয়াত সমস্যাটো কিছু গভীৰতৰ৷ ৰাস্তা বহল কৰি উপযুক্ত পৰিমাণৰ লেন নোহোৱাৰ বাবে ট্ৰেফিক জেম হোৱাৰ যেনে সমস্যা, উপযুক্ত পৰিমাণৰ বৰষুণৰ run off নিৰ্গমনৰ অভাৱত হোৱা আকস্মিক বানৰো সেয়ে সমস্যা৷ পাৰ্থক্য এইটোৱেই যে ট্ৰেফিক জেমৰ বাবে বিৰক্তিকৰ এঘণ্টা বা দুঘণ্টা সময় লোকচান; কিন্তু এই নগৰীয়া বানৰ পৰা ৰাস্তা, ঘৰ, পদূলি তল হৈ অৰ্থনৈতিক লোকচানৰ উপৰিও দূষিত পানীৰ পৰা বেমাৰ, মহামাৰীৰে জনস্বাস্থ্য হানিৰো সম্ভাৱনা থাকে৷

সেয়ে গুৱাহাটীৰ এই chronic সমস্যা সমাধানৰ পথ তলত দিয়া ভালেমান দিশৰ পৰা হ’ব লাগিব বুলি উল্লেখ কৰিলো৷

১] প্ৰতিষ্ঠানিক নিয়ন্ত্ৰণ

২] অভিযান্ত্ৰিক আৰু পৰিৱেশিক ৰূপায়ণ

৩] প্ৰয়োগ আৰু ৰক্ষণাবেক্ষণ

৪] আৰ্থিক

৫] জন সজাগণ

১] প্ৰতিষ্ঠানিক নিয়ন্ত্ৰণঃ আমি আটায়ে উপলব্ধি কৰিছো যে গুৱাহাটীৰ নগৰীকৰণ ভালেখিনি অপৰিকল্পিত৷ ১৯৫৯ চনৰ Assam Town and Country Planning Act আৰু তাৰ পিছৰ সংশোধনবোৰেৰে ভাল আইন সংগত বিধান আছে৷ গুৱাহাটী Municipal Corporation Citizen's Charter খনত উল্লেখ কৰা নিয়মাৱলীৰ আঁচনিখনো অতি নিয়াৰিকৈ যোজনা কৰা হৈছে৷ কিন্তু বৰ্তমানৰ ঘনবসতিৰ আৱাসিক, বাণিজ্যিক আৰু ঔদ্যোগিক নিৰ্মাণকাৰ্য অনুমতি প্ৰদান প্ৰথাত আৰু অঞ্চল বিভাজনৰ Land Development Code আদিৰ উপযুক্ত নিয়ন্ত্ৰণ, আৰু নাগৰিকৰো যথাসংগত অৱলম্বন থকাহেঁতেন আজিৰ আকস্মিক বানলেখীয়া পৰিস্থিতিবোৰ কিজানি নহ’লহেঁতেন৷ এতিয়া অৱশ্যে বহু আগতে কৰা ভুলবোৰ শুধৰাবলৈ দেৰি হ’ল৷ ভৱিষ্যতলৈ নিৰ্মাণ পাৰ্মিত দানৰ পৰাা নিৰ্মাণৰ সময়ত নিয়মিত পৰিদৰ্শন আৰু বাসপোযোগী চাৰ্টিফিকেট প্ৰদান কৰা প্ৰথালৈকে কতৃৰ্পক্ষৰ যথাযুক্ত নিয়ন্ত্ৰণ থকাতো অতি দৰকাৰী৷

সাধাৰণতে পাৰ্মিটৰ দৰ্খাস্ত পৰীক্ষা পৰাৰ প্ৰথাত বৰষুণৰ run off কেনে ধৰণে নিৰ্গমন কৰা হ’ব, তাৰ এটা প্ৰণালী পাৰ্মিট দান কৰা কতৃৰ্পক্ষই উদ্ভাৱন কৰা উচিত৷ মোৰ অভিজ্ঞতাৰে দক্ষিণ ফ্লৰিডাত প্ৰতিষ্ঠানিকভাৱে বৰষুণৰ run off নিয়ন্ত্ৰণৰ প্ৰণালী এনে ধৰণৰঃ Post Land Development Run off rate = বা <Pre Land Development Run off rate. অৰ্থাৎ ৰাস্তা ঘৰ আদি নিৰ্মাণ কৰাৰ আগতে উকা মাটিডৰাৰ পৰা যি পৰিমাণত আৰু হাৰত বৰষুণৰ পানী ওলাই গৈছিল, সেই উকা মাটিডৰাৰ ওপৰত ৰাস্তা, ঘৰ আদি নিৰ্মাণ কৰাৰ পিছতো সেই একে পৰিমাণৰ [বা কম পৰিমাণৰ] আৰু হাৰতহে ৰাজহুৱা নলী-নৰ্দমা আদিলৈ উলিয়াই দিব পাৰিব৷ মুঠতে মাটিডৰাত ঘৰৰ ছাল, পকা চোতাল, পদূলি, গাড়ী পাৰ্কিং আদি নতুন Impervious ঠাইবোৰৰ পৰা সৃষ্টি হোৱা অতিৰিক্ত Run off খিনি ঘৰৰ বা ৰাস্তাৰ ওচৰতে বননি, বাগিছা, Pervious pavement retention pond আদিৰে ৰাখি থোৱাৰ ব্যৱস্থা হ’ব লাগিব৷ ঘৰৰ চৌহদত বা ৰাজহুৱা অফিচ, স্কুল, দোকান-বজাৰ আদি ঠাইত এনে pervious ইটাৰ pavement, বননি আদিয়ে sponge ৰ দৰে কাম কৰাৰ উপৰিও retention pond আদিয়ে rainwater harvesting ৰ আহিলাৰ ল’ন বাগিছা ৰাস্তাৰ median, পাৰ্ক আদিত ভালেমান দিনলৈ পানী যোগানৰ আৰু সৌন্দৰ্য বৰ্ধনৰ আহিলা হ’ব৷ গুৱাহাটীতো পাৰ্মিট দান কৰা কতৃৰ্পক্ষবোৰে তেনে ধৰণৰ স্থান উপযোগী প্ৰণালী ব্যৱহাৰ কৰিব পাৰে৷ 

২] অভিযান্ত্ৰিক আৰু পৰিৱেশিক ৰূপায়ণঃ গুৱাহাটী চহৰখন মহানগৰীলৈ পৰিৱৰ্তন হোৱাৰ কেবা দশক হ’ল৷ মই ধৰি লৈছো যে কতৃৰ্পক্ষৰ নগৰ পৰিকল্পনাৰ অপৰিহাৰ্য আহিলা “মাষ্টাৰ প্লেন” এখন হাতত আছে আৰু এই মাষ্টাৰ প্লেনখনত বৰ্তমানৰ আৰু নিৰ্দিষ্ট ভৱিষ্যতৰ [ধৰক ২৫ বছৰৰ] জনসংখ্যা, land use, আৰু সেই বদ্ধিৰ্ত জনসংখ্যাক serve কৰিবলৈ আৱশ্যকীয় facility বোৰৰ [যেনে ৰাস্তা, পানী যোগান, waste water, solid waste, বৰষুণৰ পানী নিৰ্গমন, পাৰ্ক ইত্যাদিৰ] পূৰ্বানুমানিক ক্ষমতাৰ আঁচনি যুগুত কৰা আছে৷ যদিহে নাই বা সেই প্লেন খন সময়ে সময়ে উন্নীতকৰণ কৰা হোৱা নাই, তেনে আঁচনিখন যুগুতাবৰ হ’ল৷ মাষ্টাৰ প্লেনখনত বৰষুণৰ পানী পৰিচালনাৰ আঁচনি আনুসংগিক হোৱা উচিত৷ এই আঁচনিখন বিস্তৃতভাৱে ৰচনা কৰোতে প্ৰতি এলেকাৰ topographic জৰীপৰ ভিত্তিত আৰু বৰ্তমানৰ land use ত বৰষুণৰ পানী নিৰ্গমনৰ নলী, নৰ্দমা, জলাশয় আদিৰ জলবিজ্ঞানিক বিশ্লেষণ কৰি নিৰ্দিষ্ট বৰষুণৰ ফলত [যেনে ৫, ১০, ২৫, ৫০, ১০০ বছৰ বাৰংবাৰতা বা return period ৰ] উদ্ভৱ হোৱা run off পৰিমাণ, গভীৰতা নিৰ্ণয় কৰা দৰকাৰ৷ এই বিশ্লেষণে বৰ্তমান facility বোৰৰ নাটনিৰ পৰিমাণ দেখুৱাই দিব৷ সেই বিশ্লেষণত [সাধাৰণতে আজিকালি কম্পিউটাৰত গাণিতিক মডেলেৰে কৰিবলৈ উজু] ভৱিষ্যতৰ land use ৰ পৰা হ’বলগীয়া run off বোৰক কাৰো ঘৰ, বণিজ, ৰাস্তা-পদূলিত পানী নুঠাকৈ নিৰ্গমন কৰিবলৈ কি আকাৰৰ পাইপ নৰ্দমা, সমূহীয়া পুখুৰী বা retention pond, পাম্প আদিৰ দৰকাাৰ হ’ব আৰু তাৰ বাবে কিমান খৰচ হ’ব তাৰে এখন আঁচনি stormwater management plan ত অন্তৰ্গত থকা উচিত৷ এই আঁচনিখনেই নগৰখনৰ ভৱিষ্যত বান নিয়ন্ত্ৰণৰ road map হ’ব৷

ইঞ্জিনিয়াৰিং সমাধানৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব– আগতে অকৃতকাৰ্য হোৱা পুৰণি নিৰ্মাণৰ ৰাস্তা, পদূলি আৰু চুবুৰীৰ লগত সংযোজিত নলা, নৰ্দমা, কালভাৰ্ট আদিৰ পুননিৰ্মাণ কৰাতো৷ পুননিৰ্মাণৰ বাবে নলী, নৰ্দমা, ৰাস্তা আদি ডিজাইন চাইজলৈকে সম্প্ৰসাৰণ কৰাৰ বাবে মাটি অধিগ্ৰহণ কৰাৰ প্ৰয়োজন হ’ব৷ ঘন বসতি ঠাইবোৰত এনে সম্প্ৰসাৰণেৰে পুননিৰ্মাণ কৰা প্ৰচেষ্টা অতি ব্যয়বহুল আৰু সামাজিক বিশৃংখলা হ’ব৷ গুৱাহাটীৰ পথৰ বৰ্তমান যান-বাহন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনেকুৱা নিৰ্মাণকাৰ্য বোধহয় সামাজিকভাৱে সম্ভৱ নহ’ব৷ তাৰ বাবে ন উপায় ভাবিবৰ হ’ল৷

এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট˜ চিকাগো চহৰৰ TARP (Tunnel and Reservoir Plan) আৰ্হি উল্লেখ কৰিব পাৰি৷

যোৱা শতাব্দীৰ শেষভাগত চিকাগো চহৰৰ পুৰণি অঞ্চলৰ সংযুক্ত stormwater আৰু sewerage পৰিবহণৰ সম্প্ৰসাৰণৰ বাবে পুননিৰ্মাণ কাৰ্য্য গুৱাহাটীৰ দৰে পৰিস্থিতিত সম্ভৱ নহ’ল বাবে এক নতুন আৰু বিৰাট আকাৰত মাটিৰ তলৰ প্ৰজেক্ট উদ্ভাৱন কৰিছিল৷ মহানগৰ ৩৭৫ বৰ্গমাইল এলেকাৰ সংযুক্ত বৰষুণৰ run off আৰু sewage বোৰ ১০৯ মাইল দীঘল জোৰা টানেল আৰু শাখা টানেলেৰে [১৫০ ফুটৰ পৰা ৩০০ ফুট গভীৰ মাটিৰ তলত জমা কৰি ৰখা হয়৷ তাৰ পিছত পাম্পেৰে ওপৰলৈ আনি তিনিটা ডাঙৰ Reservoir ত ৰাখি treatment plant ত সংশোধন কৰাৰ পিছত চাফা পানীবোৰ কেবাটাও নদী আৰু জানেৰে সেই পানী মিচিগান হ্ৰদত পেলোৱা হয়৷ ১৯৮০ দশকত আৰম্ভ হোৱা এই প্ৰজেক্ট প্ৰায় সম্পূৰ্ণ হৈছে যদিও দ্বিতীয় Phase ৰ কিছুমান এতিয়াও চলি আছে৷ যদি গুৱাহাটীৰ ভূগৰ্ভৰ Geologic structure যথোপযুক্ত হয়, গুৱাহাটীতো তেনে Investigation কৰিব পাৰে৷ এনেকুৱা প্ৰচেষ্টা পিছে ব্যয়বহুল হ’ব৷ মুঠতে দিনে দিনে বদ্ধৰ্মান গুৱাহাটী মহানগৰীৰ ভৱিষ্যতৰ বৰষুণৰ পানী আৰু sewerage ৰ পৰিবহণ আৰু সংশোধনৰ বাবে পাম্প চিষ্টেমৰ বাহিৰে আন উপায়েৰে নিশ্চয় সমাধান নহ’ব৷ কতৃৰ্পক্ষই তেনে plan ৰ feasibility অধ্যয়নৰ এতিয়াই আচল সময়৷

৩৷ প্ৰয়োগ আৰু ৰক্ষণাবেক্ষণঃ যিকোনো নিৰ্মাণ প্ৰকল্পৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে প্ৰজেক্টটোত ডিজাইন কৰা আহিলাবোৰৰ উপযুক্ত প্ৰয়োগ আৰু নিয়মিতভাৱে ৰিপেয়াৰয ৰক্ষণাবেক্ষণ কৰি ৰখা প্ৰচেষ্টাৰ ওপৰতহে৷ নগৰীয়া বানৰ দুৰ্যোগ পৰিহাৰৰ বাবে নিৰ্মাণ হ’বলগীয়া বৃহৎ প্ৰজেক্টৰ বাবে নলী, নৰ্দমা, কালভাৰ্ট আদিয়ে আশা কৰা মতে কাম কৰিব যদিহে সেইবোৰত জমা হোৱা গেদ, জাবৰ যোথৰ, প্লাষ্টিক আদি নিয়মিতভাৱে গুচাই থকা হয়৷ তেনেদৰে পাম্পযপাম্প ষ্টেচনবোৰৰ তেল, মবিল, পাৰ্টছ আদি সলাই সেইবোৰে Operating capacity আৰু schedule মতে, অৰ্থাৎ কোন পাম্পে কিমান সময়, কিমান GPত্ত (Gallons per minute) হাৰত চলিব, সেইবোৰ নিয়মিতভাৱে Test কৰাই সদায় সাজু থকা অৱস্থাত ৰখাটো বাঞ্ছনীয়৷

৪৷ আৰ্থিকঃ নগৰখনৰ এনে গভীৰ বান সমস্যা সমাধানৰ পথ যিকোনো ইঞ্জিনিয়াৰিং Alternative ৰেই নহওক, নিৰ্মাণ কাৰ্য অতি ব্যয়বহুল হ’ব৷ গোটেই প্ৰচেষ্টাৰ খৰচ চৰকাৰৰ ওপৰতে ভৰসা কৰা উচিত নহ’ব কিজানি৷ এইটো চহৰখনৰ স্থানীয় সমস্যা৷ গতিকে চহৰৰ নাগৰিকে তাত বৰঙণি যোগোৱা উচিত হ’ব৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুত চহৰ বা কাউণ্টি [জিলা]ত এনে প্ৰজেক্ট সাজিবলৈ আৰু পিছলৈ নিয়মিত প্ৰয়োগযৰক্ষণাবেক্ষণৰ খৰচ বহন কৰিবলৈ সেই এলেকাৰ বাসিন্দাযব্যৱসায়যউদ্যোগ আদিৰ পৰা Stormwater utility fees বুলি বছৰি এবিধ খাজনা আদায় কৰা হয়৷ এই খাজনাৰ পৰিমাণ ধাৰ্য কৰা প্ৰণালীতো মোৰ অভিজ্ঞতাৰ পৰা ফ্লৰিডা প্ৰদেশত এনে ধৰণৰঃ চহৰ বা কাউণ্টিখনে প্ৰামাণিক আৱাসিক প্লট এটাত যিমান Impervious Area, যেনে ঘৰৰ ছাল, পকী চোতাল, ৰাস্তাৰ পৰা ঘৰলৈ পকী প্ৰৱেশ পথ, গাড়ী পাৰ্কিঙৰ ঠাই আছে [ধৰক ৫০০০ বৰ্গফুটৰ প্লট এটাত ৩০০০ বৰ্গফুট এনে পৃষ্ঠকালিত পৰে], তাকে Equivalent Residential Unit (ERU) বুলি গণ্য কৰা হয়৷ সেই ERU ৰ পৰা নিগৰিত হোৱা বৰষুণৰ পানীখিনি ৰাজহুৱা নলী, নৰ্দমা, Catch Basin, Retention Pond আদিৰে জলাশয়, নদী আদি গ্ৰহণকাৰী জলধাৰালৈ নিবলৈ যিমানখিনি খৰচ চহৰখনৰ কতৃৰ্পক্ষই বহন কৰিব লগা হয়, তাকে গড় হিচাবত সেই প্লটটোৰ Storm water utility খাজনা বুলি ধাৰ্য কৰা হয়৷ সেই গড় খাজনাৰ হাৰ প্ৰতি আৱাসিক, বাণিজ্যিক, ঔদ্যোগিক মাটিৰ মালিকৰ পট্টাৰ মাটিকালিৰ ওপৰত নিৰ্ভৰ কৰি বছৰি খাজনা হিচাপ কৰা হয়৷ এই খাজনাখিনি মাটি টুকুৰাৰ মূল খাজনাৰ লগত যোগ দি বছৰি আদায় কৰা হয়৷ গুৱাহাটী চহৰৰ বাবেও স্থানীয় অৰ্থনীতিবিদে বা মিউনিচিপাল কৰ্পোৰেছনৰ Property Assessor এনে ন্যায়সংগত খাজনা হিচাপৰ প্ৰণালী উলিয়াব পাৰে৷

৫] জনসজাগণঃ দ্ৰুত নগৰীকৰণৰ ফলত হোৱা আকস্মিক বান দুৰ্যোগৰ পৰা নাগৰিকক সজাগ কৰা কতৃৰ্পক্ষৰ দায়িত্ব বুলি ধৰা হয়৷ আধুনিক বতৰবিজ্ঞান আৰু জলবিজ্ঞানৰ বহু প্ৰণালীৰে গভীৰ বৰষুণৰ পৰা হ’বলগীয়া বানৰ পৰিমাণ, সোঁতৰ দিশ, এলেকা, গভীৰতা স্থান, কাল, পাত্ৰ হিচাবে শুদ্ধভাৱে কম্পিউটাৰেৰে নিৰ্ধাৰণ কৰাৰ আহিলা আছে৷ এই বছৰৰ জুন মাহৰ অভূতপূৰ্ব বৰষুণৰ দৰে Meteorological Event বোৰত বতৰ বিজ্ঞানীয়ে ভালেমান দিন আগৰেপৰা স্থান আৰু কালভেদে কি হাৰত, কি পৰিমাণৰ বৰষুণ হ’ব তাৰ প্ৰায় শুদ্ধ আগজাননী দিয়ে থাকে৷ সেইবাবে স্থানীয় কতৃৰ্পক্ষই বা ৰাজ্যিক জলসম্পদ লেখীয়া বিভাগে নিয়মিতভাৱে প্ৰয়োগ কৰিব পৰা জলবিজ্ঞানীয় গাণিতিক মডেল যুগুত কৰি ৰাখি এনে বৰষুণৰ ফলত কোন এলেকাত, কিমান সময়ত, কিমান দ পানী হ’ব তাক ততালিকে নিৰ্ধাৰিত কৰিব পাৰে৷ এনে প্ৰচেষ্টাৰে জনসাধাৰণক ৰেডিঅ’, টিভি, সামাজিক মাধ্যম যোগে ততালিকে সকীয়নি দিয়াৰ উপৰিও, পুলিচ, যান-বাহন নিয়ন্ত্ৰক, Emergency Medical Service আদি unit বোৰো সতৰ্কিত আৰু সাজু থাকিব পাৰিব৷ জটিল Real time hydrologic model ব্যৱহাৰ নকৰিলেও সহজ Urban Runoff মডেল, যেনে হু.ত্ৰ. Environmental Protection Agency (EPA) ৰ stormwater management model (SWMM) লেখীয়া model ব্যৱহাৰেৰে ৰাইজক স্থানবিশেষে বিপদৰ আগজাননী দিব পাৰে৷ SWMM বিশ্বৰ বহু দেশতে বহুলভাৱে ব্যৱহূত হয়, ভাৰতৰ বহু অনুষ্ঠানেও ব্যৱহাৰ কৰে৷

শেষত জনসজাগণৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এনে বানৰ প্ৰতিৰোধ আৰু নিবাৰণত নাগৰিকৰ দায়িত্ব আৰু অৰিহণা৷ ঘৰ নিৰ্মাণত [আৱাসিক, বাণিজ্যিক, ঔদ্যোগিক সকলোৱে] কতৃৰ্পক্ষৰ পৰা ল’বলগীয়া পাৰ্মিটৰ নিৰ্দেশন আৰু specification বোৰ নিৰ্মাণ কাৰ্যত সততাৰে অৱলম্বন কৰাতো প্ৰতি পাৰ্মিট গ্ৰহণকাৰী নাগৰিকৰে কৰ্তব্য৷ তাৰোপৰি নিৰ্মাণকাৰ্যত ভাগ লোৱা ঠিকাদাৰ, মিস্ত্ৰী, plumber আৰু কতৃৰ্পক্ষৰ নিৰ্মাণ পৰিদৰ্শক আদিৰ একাগ্ৰতা আৰু সততা নাগৰিকত্ববোধৰ দায়িত্ব৷ শেহত প্ৰতি নাগৰিকে দৈনন্দিন কাৰ্যাৱলীৰ জাবৰ যোথৰ, প্লাষ্টিক সামগ্ৰী, হোটেল যৰেষ্টোৰাঁৰ পেলনীয় বস্তু, গাড়ীৰ তেল-মবিল বা উদ্যোগৰ ৰাসায়নিক waste product আদি ওচৰৰ নলী-নৰ্দমাতে থিতাতে ঢালি নেপেলোৱাটোও চিভিক কৰ্তব্য৷

[লেখক আমেৰিকাৰ দক্ষিণ ফ্লৰিডা জল পৰিচালনা বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা]