Logo
image

কাতাৰত জাপানৰ সূৰ্যোদয় পৰ্তুগালক হৰুৱালে কোৰিয়াই

ডিজিটেল ডেস্ক :  দ্বিতীয় বিশ্বযুদ্ধত জাপান আৰু জাৰ্মানীয়ে একেলগ হৈ সমগ্ৰ বিশ্বৰ বিৰুদ্ধে যুঁজ কৰিছিল৷ সমগ্ৰ বিশ্বৰ সকলো দেশ আছিল মিত্ৰপক্ষ৷ আনহাতে মুষ্টিমেয় কেইখনমান দেশক লগত লৈ মূল শক্তি জাপান আৰু জাৰ্মানীয়ে অক্ষশক্তি নামৰ গোট গঠন কৰিছিল৷ যুদ্ধৰ ফলাফল অক্ষশক্তিৰ বিপৰীতে গৈছিল, সেয়া ভিন্ন কথা; কিন্তু যুদ্ধ সমাপ্ত নোহোৱালৈ  উভয়পক্ষই কোনেও কাৰো লগ এৰা নাছিল৷ কিন্তু ফুটবল বিশ্বকাপলৈ চাওক, জাপানে পৰোক্ষভাৱে বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় দিলে চাৰিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক৷ বৃহস্পতিবাৰে অঘটনৰে ভৰপুৰ নিশাটোত জাপানে অপ্ৰত্যাশিতভাৱে পৰাজিত কৰিলে ২০১০ ৰ বিশ্ব চেম্পিয়ন স্পেইনক গ্ৰুপৰ অন্তিম মেচত৷ গ্ৰুপৰ প্ৰথম মেচত জাৰ্মানীক আৰু শেষ মেচত স্পেইনক পৰাজিত কৰি কাতাৰত সূৰ্যোদয় ঘটিল জাপানৰ৷ নিপ্পন– এই নামেৰে জাপানক সম্বোধন কৰা হয় সূৰ্যোদয়ৰ দেশ বাবে৷ কাতাৰত মাজনিশা জাপানৰ ফুটবলাৰে পূৰ্বৰ বিশ্ব চেম্পিয়ন আৰু টিকি-টাকা ফুটবলেৰে বিশ্বত আলোড়ন সৃষ্টি কৰা স্পেইনক যিদৰে স্তব্ধ কৰিলে সেই প্ৰদৰ্শনেৰে মৰুৰ দেশত মাজনিশাই যেন সূৰ্যোদয় ঘটিল জাপানৰ৷ ইফালে, শুকুৰবাৰে ঘটিল আন এটা ‘অঘটন’৷ ইতিমধ্যে প্ৰি-কোৱাৰ্টাৰলৈ যোৱা শক্তিশালী পৰ্তুগালক ২-১ গ’লত পৰাস্ত কৰে দক্ষিণ কোৰিয়াই৷

নাইট অৱ আপছেটছ– ফুটবলৰ ধাৰাভাষ্যকাৰৰ ভাষাত বৃহস্পতিবাৰৰ কাতাৰৰ বিশ্বকাপ ফুটবলৰ নিশাটো আছিল অঘটন, কেৱল অঘটনেৰে ভৰা৷ ইমানেই অঘটন সংঘটিত হ’ল য’ত নব্বৈ মিনিটৰ শেষত কোনে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিব সেই লৈ বাৰম্বাৰ সৃষ্টি হ’ল বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ৷ এখন মেচত স্পেইন আৰু জাপান, আনখন মেচত সন্মুখ সমৰত জাৰ্মানী আৰু কোষ্টাৰিকা৷ স্পেইনে দ্বিতীয় ৰাউণ্ড প্ৰায় নিশ্চিত কৰি থৈছিল৷ কোষ্টাৰিকাৰ হেৰুৱাবলৈ একো নাছিল৷ বিদায় আছিল প্ৰায় অৱধাৰিত৷ আনহাতে বিজয় আৰু অধিক গ’লৰ ব্যৱধানত বিজয় অবিহনে জাৰ্মানীৰো বিদায় প্ৰায় সমাগত আছিল৷ দ্বিতীয় ৰাউণ্ড নিশ্চিত হোৱা নাছিল জাপানৰো৷ এসময়ৰ বিশ্ব চেম্পিয়ন আৰু সাম্প্ৰতিক বিশ্ব ফুটবলৰ শীৰ্ষস্থানীয় দলৰ অন্যতম স্পেইনক পৰাজিত কৰিব পাৰিলে জাপানৰ দ্বিতীয় ৰাউণ্ড নিশ্চিত আছিল৷ কিন্তু সেয়া আছিল দুৰাশা৷ অন্ততঃ স্পেইনৰ শক্তিৰ কথা ভাবিয়েই কোনো ফুটবল বিশেষজ্ঞই সেই মেচখনত জাপানক বিজয়ীৰ শাৰীত ৰখা নাছিল৷ 

কিন্তু বিশেষজ্ঞৰ সকলো ভৱিষ্যদ্বাণী মিছা প্ৰমাণিত কৰি কাতাৰত জাপানে এছিয়াৰ ফুটবলৰ সূৰ্যোদয় ঘটালে৷ কাতাৰত ইতিহাস সৃষ্টি কৰিলে জাপানে৷ একেখন বিশ্বকাপতে জাৰ্মানীক পৰাস্ত কৰাৰ পাছত স্পেইনকো পৰাজিত কৰিলে দলটোৱে৷ ২-১ গ’লত স্পেইনক পৰাজিত কৰি হতভম্ব কৰি তুলিলে জাপানে৷ জাপানৰ হৈ গ’ল দুটা স্ক’ৰ কৰিলে ৰিৎছু দোৱান আৰু আও টানাকাই৷ স্পেইনৰ হৈ একমাত্ৰ গ’লটো স্ক’ৰ কৰিলে আলভাৰো মোৰাটাই৷ জাৰ্মানীক জাপানে প্ৰথম মেচত পৰাজিত কৰাৰ ঘটনাটো সকলোৱে আকস্মিক বুলি কৈছিল৷ খেলৰ ভাষাত যাক কোৱা হয়– ফ্লুক৷ কিন্তু গ্ৰুপৰ তৃতীয় মেচত স্পেইনকো পৰাজিত কৰি জাপানে বুজাই দিলে জাৰ্মানীৰ বিৰুদ্ধে তেওঁলোকৰ বিজয় ফ্লুক নাছিল৷ প্ৰথমাদ্ধৰ্ত স্পেইনৰ সুষম আৰু পৰিকল্পিত পাছিং ফুটবলৰ সন্মুখত ৰক্ষণাত্মক হৈ পৰিছিল জাপান৷ কিন্তু দ্বিতীয়াদ্ধৰ্ত জাপানে খেলা প্ৰেছিং ফুটবলত কোচ খাই গ’ল স্পেইন৷ সমগ্ৰ দ্বিতীয়াদ্ধৰ্ ধৰি জাপানৰ খেলুৱৈয়ে এনেদৰে হেঁচা দি আক্ৰমণ কৰিবলৈ ধৰিলে য’ত স্পেইনৰ পাছ অদৃশ্য হৈ পৰিল৷  সাধাৰণতে স্পেইনে ত্ৰিভুজাকাৰ আৰু চতুৰ্ভুজাকাৰ পাছ খেলি আগুৱাই যায়, য’ত প্ৰতিপক্ষই বল স্পৰ্শ কৰাৰ সুযোগেই নাপায়৷ সেই ত্ৰিভুজ বা চতুৰ্ভুজৰ আক্ৰমণ  শেষ হয়গৈ প্ৰতিপক্ষৰ গ’ল বক্সত, কেতিয়াবা সফলভাৱে আৰু কেতিয়াবা বিফলতাৰে৷ বৃহস্পতিবাৰে নিশা জাপানৰ আক্ৰমণত স্পেইনে কোনো ত্ৰিভুজ আৰু চতুৰ্ভুজ তৈয়াৰ কৰিবলৈ সুযোগেই নাপালে৷ ৰক্ষণাত্মক হৈ সমগ্ৰ দলটো সোমাই থাকিল নিজৰ বক্সত৷ মেচৰ অন্তত স্পেইনৰ প্ৰশিক্ষক লুই এনৰিকোৱে ক’লে– আমি সম্পূৰ্ণৰূপে বিধবস্ত হৈ গৈছো৷ যি পাঁচ মিনিটত জাপানে আমাক দুটাকৈ গ’ল দিলে সেই সময়ছোৱাত আমি সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলো৷ সেই সময়ত তেওঁলোকে আৰু গ’ল দিয়াটোও আচৰিত কথা নহ’লহেঁতেন৷ তেওঁলোকে এৰোপ্লেনৰ দৰে আমাক বাৰে বাৰে অতিক্ৰম কৰি গৈছিল৷ মই মুঠেই সুখী নহওঁ৷ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈ উল্লাস প্ৰদৰ্শন কৰিবলগীয়া একো কাৰণ মই বিচাৰি পোৱা নাই৷ 

আনহাতে বিশ্বকাপ ফুটবলত ইয়াৰ পূৰ্বে ইমান লজ্জাৰ কেতিয়াও সন্মুখীন হোৱা নাছিল জাৰ্মানী৷ দলটোৱে দেশলৈ চাৰিটা বিশ্বকাপ কঢ়িয়াই নিছে৷ চাৰিবাৰ ৰাণাৰ্ছআপো হৈছে জাৰ্মানী৷ তিনিবাৰ পাইছে তৃতীয় স্থান৷ সকলো মিলি জাৰ্মানী ফুটবল দলটোৱে আঠবাৰ বিশ্বকাপৰ ফাইনেল খেলিছে৷ এনে অভিলেখ আৰু আন কোনো দেশৰ নাই৷ সেই জাৰ্মানীয়ে বিগত বাৰৰ দৰে এইবাৰো প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল’লে৷ কাতাৰত ধূলিসাৎ হ’ল জাৰ্মানীৰ গৰ্ব৷ বৃহস্পতিবাৰে নিশা কোষ্টাৰিকাৰ বিৰুদ্ধে এটা সময়ত ২-১ গ’লত পিছপৰি আছিল চাৰিবাৰৰ বিশ্ব চেম্পিয়ন দলটো৷ যদিহে জাৰ্মানী কোষ্টাৰিকাৰ বিৰুদ্ধে পৰাজিত হ’লহেঁতেন তেন্তে একেটা গ্ৰুপত থকা স্পেইনো প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হ’লহেঁতেন৷ কিয়নো স্পেইন পৰাজিত হৈছিল জাপানৰ হাতত৷ স্পেইনলৈ সৌভাগ্য কঢ়িয়াই আনি কোষ্টাৰিকাক জাৰ্মানীয়ে অৱশেষত ৪-২ গ’লত পৰাজিত কৰিলে৷ সেই বিজয়ৰ ওপৰত ভিত্তি কৰি অধিক গ’লৰ হাৰেৰে দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িল স্পেইন৷ অন্যথা জাৰ্মানী পৰাজিত হোৱা হ’লে সেই গ্ৰুপৰ পৰা দ্বিতীয় ৰাউণ্ডলৈ জাপানৰ সৈতে আগবাঢ়িলহেঁতেন কোষ্টাৰিকা৷ অঘটনৰে ভৰা নিশাটো দুয়োখন মেচৰ ক্ষেত্ৰত ধুমুহাই উত্তাল ঢৌ সৃষ্টি কৰা সমুদ্ৰৰ দৰে অৱস্থা হৈছিল৷ উত্তাল ঢৌত মাজ সমুদ্ৰত যিদৰে একোখন সৰু জাহাজ এবাৰ ওপৰলৈ আৰু আনবাৰ তললৈ পৰি যায় ঠিক সেইদৰেই বৃহস্পতিবাৰে নিশা জাৰ্মানী-কোষ্টাৰিকা, স্পেইন-জাপানৰ খেলখনৰ পৰিস্থিতি অনুৰূপ হৈ পৰিছিল৷ এবাৰ যদি এটা দল ওপৰলৈ উঠে পিছ মুহূৰ্ততে সাগৰৰ ঢৌত আছাৰ খাই পৰাৰ দৰে আহি তলত পৰেহি৷ ৯০ মিনিটৰ দুয়োখন খেলৰ মান কিমান উন্নত সেয়া বিশেষজ্ঞই ঠিৰাং কৰিব, কিন্তু দুয়োখন মেচৰ উত্থান-পতনে ফুটবলপ্ৰেমীক অনাবিল আনন্দৰ স্বাদ প্ৰদান কৰিলে৷ এই অনিৰ্বচনীয় ফুটবল আনন্দৰ মাজত বিশ্বত উদিত হ’ল এছীয় শক্তিৰ ৰূপত জাপানৰ, সূৰ্যাস্ত ঘটিল বিশ্ব ফুটবলৰ পাৱাৰহাউছ জাৰ্মানী আৰু আপেক্ষিকভাৱে স্পেইনৰ৷ অৱধাৰিতভাৱে সেয়া বিশ্ব ফুটবলত জাপানৰ সূৰ্যোদয়ৰ সময়৷