Logo
image

বিহুৰ ঐতিহ্য ধৰি ৰাখিছে সাংস্কৃতিক মঞ্চসমূহে

আমাৰ অসম, ১৮ এপ্ৰিলঃ ‘সৰু সৰু মঞ্চবোৰে বিহু অনুষ্ঠিত কৰি এক প্ৰচেষ্টা নচলোৱাহেঁতেন বিহুৰ বিশ্ব ৰেকৰ্ড প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহ’লহেঁতেন৷’ –এই মন্তব্য সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক, ‘আমাৰ অসম’ আৰু ‘এন কে টিভি’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ গোলাঘাট জিলাৰ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত মুকলি বিহুৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘বৰগছ’ নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত প্ৰসিদ্ধ সাহিত্যিক-সাংবাদিকজনে এইদৰে কয়৷ তেওঁ লগতে কয়– ‘বিহুৱে বিশ্ব ৰেকৰ্ড কৰাত বিবিচিকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমসমূহত বিহু সম্পৰ্কীয় বাতৰি আৰু প্ৰৱন্ধ প্ৰকাশ কৰা হৈছে৷ বিভিন্ন স্থানত অনুষ্ঠিত বিহু মঞ্চবোৰৰ সৰু সৰু প্ৰচেষ্টাৰ বাবেই এয়া সম্ভৱ হৈছে৷ বিভিন্ন ঠাইৰ সৰু-বৰ সাংস্কৃতিক মঞ্চসমূহে বিহুৰ ঐতিহ্য ধৰি ৰাখিছে৷’ ভাষণ প্ৰসংগত গোস্বামীয়ে ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত, বিশেষকৈ বিহুক জনমুখী কৰাৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক প্ৰশংসা কৰে৷ তেওঁ কয়– ‘আজিকালি বহুক্ষেত্ৰত গাঁৱৰ পৰা বিহু নাইকিয়া হৈছে৷ চহৰমুখী বিহু এতিয়া ৰাজনীতিমুখীও হৈছে৷ কিন্তু বিহুৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ এটা অৱদান আছে৷ বিহু অনুষ্ঠিত কৰি সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত, ছাত্ৰ-ছাত্ৰীক ঢোল-পেঁপাৰ শিক্ষাদান কৰি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ অৰিহণা শলাগীবলগীয়া৷ ছাত্ৰ সন্থাই ৭০০ নাচনীক আখৰাৰ জৰিয়তে বিহুৰ সৈতে জড়িত কৰিছে৷ চৰকাৰী পৃষ্ঠপোষকতা অবিহনে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বিহুৰ সুন্দৰ আয়োজন কৰিছে৷’ উল্লেখ্য, বিহু উপলক্ষে পুৱা বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ লগতে বিহুৰ সেৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অভিৱৰ্তন গোস্বামীয়ে উদ্বোধন কৰা মুকলি সভাত সভাপতিত্ব কৰে ডাঃ গুণোত্তম বৰাই৷ সভাত সাহিত্য অকাদেমি বঁটাপ্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ বৰা, উদ্‌যাপন সমিতিৰ বিষয়ববীয়া গোপালকৃষ্ণ গোস্বামী, শিৰোমণি মহন্তৰ উপৰি সঞ্জয় হাজৰিকা, বিচিত্ৰ ভূষণ কলিতা, জ্যোতিকুমাৰী শৰ্মা, দুগ্ধচন্দ্ৰ গোস্বামীৰ লগতে গোলাঘাট জিলা আৰু মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে৷