Logo
image

উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ উপেক্ষা কৰি অভিষেকক চিবিআইৰ জৰুৰী তলব

আমাৰ অসম, ১৮ এপ্ৰিলঃ বিৰোধী ৰাজনৈতিক দলৰ আগশাৰীৰ বা শীৰ্ষ নেতাৰ বিৰুদ্ধে মোদী চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ প্ৰায় সত্যত পৰিণত কৰি এইবাৰ অৰৱিন্দ কেজৰিৱালৰ পাছত লক্ষ্য কৰি লোৱা হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক তথা দলৰ দ্বিতীয় শীৰ্ষ নেতা অভিষেক বেনাৰ্জীক৷ পশ্চিম বংগৰ  নিয়োগ দুৰ্নীতিৰ অভিযোগত  মঙলবাৰে অভিষেক বেনাৰ্জীক জেৰাৰ বাবে জৰুৰীভাৱে চমন দিছে চি বি আয়ে৷ এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইতিমধ্যে চি বি আয়ে গ্ৰেপ্তাৰ কৰা তৃণমূল কংগ্ৰেছৰ নেতা কুন্তল ঘোষে জেৰাৰ সময়ত অভিষেক বেনাৰ্জী নিয়োগ দুৰ্নীতিত জড়িত বুলি মন্তব্য কৰিছিল৷ সেই সংক্ৰান্ততে মঙলবাৰে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীক চি বি আইৰ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে৷ পিছে আজি সোমবাৰে অভিষেক বেনাৰ্জীলৈ প্ৰেৰণ কৰা চি বি আইৰ এই চমনে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ কিয়নো আজি সোমবাৰেই উচ্ছতম ন্যায়ালয়ে অভিষেক বেনাৰ্জীক এতিয়াই চি বি আয়ে জেৰা কৰিব নোৱাৰিব বুলি এক নিৰ্দেশৰ জৰিয়তে কলিকতা উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছিল৷ উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশ স্বত্বেও চি বি আয়ে অভিষেক বেনাৰ্জীলৈ জেৰাৰ বাবে চমন জনোৱাৰ বিষয়টো আদালত  অৱমাননা বুলি মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছে৷ এই চমনৰ পৰিপ্ৰেক্ষিতত চিবিআইৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ তুলি তৃণমূল কংগ্ৰেছ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জনাইছে৷ উল্লেখ্য, পশ্চিম বংগৰ নিয়োগ দুৰ্নীতি সংক্ৰান্তত অভিযুক্ত কুন্তল ঘোষে অভিষেক বেনাৰ্জীৰ নাম লোৱাত চি বি আই আৰু ইডিয়ে প্ৰয়োজনবোধে তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতাজনক জেৰা কৰিব পাৰে বুলি কলিকতা উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গাংগুলীয়ে নিৰ্দেশ দিছিল৷ সেই ৰায়ক অভিষেক বেনাৰ্জীয়ে উচ্ছতম ন্যায়ালয়ত প্ৰত্যাহ৩ান জনোৱাত সৰ্বোচ্ছ আদালতে অভিজিৎ গাংগুলীৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে৷ উচ্ছতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ দিনাই চি বি আয়ে অভিষেক বেনাৰ্জীক জেৰাৰ বাবে চমন জনোৱাত চৰম বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ এনে পৰিস্থিতিত এয়া মোদী চৰকাৰৰ বিৰোধীক বশ কৰাৰ কৌশল বুলি তৃণমূল কংগ্ৰেছে মুকলি অভিযোগ কৰিছে৷ যিদৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক চি বি আয়ে গ্ৰেপ্তাৰ কৰি এতিয়া মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক জেৰা কৰি আপক ৰাজনৈতিকভাৱে শলঠেকত পেলাব খোজা হৈছে, একেদৰেই মোদী চৰকাৰে মমতা বেনাৰ্জীৰ ভতিজাককো লক্ষ্য কৰি লোৱা বুলি তৃণমূলে অভিযোগ কৰিছে৷