Logo
image

ডিব্ৰুগড় কাৰাগাৰত অমৃতপাল

আমাৰ অসম,২৪ এপ্ৰিলঃ সুদীৰ্ঘ ৩৭ দিন আত্মগোপনৰ অন্তত অৱশেষত পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য খালিস্তানী উগ্ৰপন্থী নেতা ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃত পাল সিং৷ দেওবাৰে পুৱা ৬.৪৫ বজাত পঞ্জাৱৰ মোগা জিলাৰ ৰোডে গাঁৱৰ ভিন্দ্ৰানৱালে গুৰুদ্বাৰত আৰক্ষীৰ ওচৰত ধৰা দিয়াৰ পাছতেই খালিস্তানী নেতাজনক গ্ৰেপ্তাৰ কৰে পঞ্জাৱ আৰক্ষীয়ে৷ অৱশ্যে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাজনে আত্মসমৰ্পণ কৰা বুলি দাবী কৰিছে যদিও পঞ্জাৱ আৰক্ষীৰ আই জি পি সুখচেইন সিং গিলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা বুলিহে সদৰি কৰিছে৷ ইফালে অমৃত পাল সিঙক গ্ৰেপ্তাৰৰ পাছতেই বায়ু সেনাৰ বিশেষ বিমানেৰে খালিস্তানী নেতাজনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়৷ উল্লেখ্য, চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃত পাল সিঙে বিগত ১৮ মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল৷ পাঞ্জাৱ আৰক্ষীয়ে খালিস্তান বিৰোধী অভিযানত একাংশ নেতা সমৰ্থকক গ্ৰেপ্তাৰ কৰাত অমৃত পাল সিঙৰ নেতৃত্বত ৱাৰিছ পঞ্জাৱ দে’ৰ অস্ত্ৰধাৰী সমৰ্থকে জলন্ধৰ থানাত আক্ৰমণ কৰি সতীৰ্থসকলক উলিয়াই নিয়াৰ পাছতেই পঞ্জাৱ আৰক্ষীয়ে লুক আউট নটিচ জাৰি কৰিছিল অমৃত পাল সিঙৰ বিৰুদ্ধে৷ ইয়াৰ মাজতে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হৈছিল অমৃত পাল সিঙে৷ কিন্তু ২০ এপ্ৰিলত অমৃত পাল সিঙৰ পত্নী বৃট্ৰিছ নাগৰিকত্ব থকা কিৰণদ্বীপ কৌৰক ভাৰত ত্যাগ কৰাৰ চেষ্টা চলাওতেই অমৃতসৰ বিমানবন্দৰৰ পৰা আটক কৰিছিল আৰক্ষীয়ে৷ ইয়াৰ পাছতেই আৰক্ষীয়ে অমৃত পাল সিঙৰ পত্নীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত নৱবিবাহিতা পত্নীক গ্ৰেপ্তাৰ হোৱা আশংকাতে অমৃত পাল সিঙে বুধবাৰে পুৱা পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ লক্ষণীয়ভাৱে অমৃত পাল সিঙে শেষ আশ্ৰয় লৈ আত্মসমৰ্পণ কৰা মোগা জিলাৰ ৰোডে গাঁওখন চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ কিয়নো এই গাঁওখন হৈছে খালিস্তান আন্দোলনৰ জনক জাৰ্নেইল সিং ভিন্দ্ৰানৱালৰ জন্ম গাঁও৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰত এই গাঁওখনতেই অমৃত পাল সিঙক ৱাৰ্ৰিছ পাঞ্জাৱ দে’ সংগঠনটোৰ মুৰব্বী হিচাপে শিখ পাগুৰি পিন্ধাই স্বীকৃতি দিয়া হৈছিল৷ বিচ্ছিন্নতাবাদী সংগঠনটোৰ মুৰব্বীৰ দায়িত্ব লোৱাৰ ৭ মাহৰ পাছত ২৯ বছৰীয়া অমৃত পাল সিঙে উক্ত গাঁওখনতে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷ অমৃত পাল সিঙক গ্ৰেপ্তাৰৰ পূৰ্বে পঞ্জাৱ আৰক্ষীয়ে গুৰুদ্বাৰটোৰ চাৰিও দিশৰ পৰা ঘেৰি ৰাখিছিল৷ অমৃত পাল সিঙৰ বিৰুদ্ধে হিংসা বিয়পোৱা, হত্যাৰ চেষ্টাৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ আইনৰ ধাৰা আৰোপ কৰিছে৷ উল্লেখ্য, অমৃতসৰৰ সমীপৰ জাল্লুপুৰ খেৰে গাঁৱৰ যুৱক অমৃত পাল সিঙে স্কুলীয়া শিক্ষা ত্যাগ কৰিয়ে ডুবাইত পৰিয়ালৰ পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল৷ পাছলৈ অমৃত পালে কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল৷ জনপ্ৰিয় গায়ক দীপ সিন্ধুৱে  ২০২১ চনত ৱাৰিছ পঞ্জাৱ দে’ সংগঠনটো গঠন কৰি নেতৃত্ব দিছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত পথ দুৰ্ঘটনাত দীপ সিন্ধুৰ মৃত্যু হোৱাত নেতৃত্ব লৈছিল অমৃত পাল সিঙে৷ ইয়াৰ পাছতেই অমৃত পাল সিঙক খালিস্তানী আন্দোলনৰ জনক ভিন্দ্ৰানৱালৰ উত্তৰসূৰী হিচাপে ঘোষণা কৰিছিল৷ অৱশেষত খালিস্তানী সংগ্ৰামৰ প্ৰতিষ্ঠাপক ভিন্দ্ৰানৱালেৰ নামেৰে নামাংকিত গুৰুদ্বাৰটোতেই আত্মসমৰ্পণ কৰে অমৃত পালে৷ মঙলবাৰে নিশা গুৰুদ্বাৰটোত প্ৰৱেশ কৰি অমৃত পাল সিঙে ধৰ্মীয় বক্তৃতাও প্ৰদান কৰিছিল৷ শিখ ধৰ্মীয় বস্ত্ৰ পৰিধান কৰি অমৃত পাল সিঙে শিখসকলক উদ্দেশ্যি এটা ভিডিঅ’ বাৰ্তাও প্ৰেৰণ কৰিছিল৷ যিটো ভিডিঅ’ বাৰ্তাত অমৃত পাল সিঙে সংগ্ৰাম শেষ নহয় বুলি মন্তব্য কৰি কয় যে– আমি সকলোৱে একে সময়তে এক গুৰুত্বপূৰ্ণ অৱস্থানত একগোট হৈছো৷ সিং ভীন্দ্ৰানৱালেৰ জন্ম হোৱা ঠাইখনত কাৰাবন্দী হৈ পৰিছে মোৰ পাগুৰিটো৷ যোৱা এমাহ ধৰি কি হৈছে সেয়া আপোনালোকে দেখিছে৷ আপুনি দেখিছে যে এমাহ ধৰি চৰকাৰে শিখ যুৱক-যুৱতীৰ ওপৰত অত্যাচাৰ চলায় আছে, যিয়ে উদঙাই দিছে চৰকাৰৰ প্ৰকৃত স্বৰূপ৷ এই গ্ৰেপ্তাৰ শেষ নহয়, আৰম্ভণি বুলিও উল্লেখ কৰিছে সিঙে৷ অমৃতপালে অমৃত সঞ্চাৰৰ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিব লাগে বুলিও শিখ যুৱক-যুৱতীসকলক আহ্বান জনায়৷ প্ৰতিজন যুৱকে অমৃত চক সিং সজ্জনাৰ সৈতে জীৱন কটাব লাগে বুলিও কয়৷ ইফালে অমৃত পাল সিঙক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আদৰণি জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ পঞ্জাৱত খালিস্তানীৰ কোনো ঢৌ নাই বুলি দাবী কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে অমৃত পাল সিঙক গ্ৰেপ্তাৰ কৰি পঞ্জাৱ চৰকাৰে ভাল কাম কৰা বুলিও প্ৰশংসা কৰে৷

কটকটীয়া নিৰাপত্তাৰে ডিব্ৰুগড় কাৰাগাৰলৈ অমৃতপাল

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ ৩৬ দিনৰ পিছত অৱশেষত গ্ৰেপ্তাৰ হ’ল ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী তথা খালিস্তানপন্থী বিদ্ৰোহী নেতা অমৃতপাল সিং৷ পঞ্জাৱৰ মগা গুৰুদোৱাৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক৷ আজি পুৱাৰ ভাগতে বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই পঞ্জাৱ আৰক্ষীৰ এছ এছ পি সতীন্দ্ৰ সিঙৰ নেতৃত্বত যোৱা দলটোৱে অমৃতপালক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পিছতে অমৃতপালক বাথিন্দ্ৰা বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ অনা হয়৷ ইফালে ডিব্ৰুগড় বিমানবন্দৰত উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাৰ উপস্থিতিত পঞ্জাৱ আৰক্ষীয়ে অসম আৰক্ষীক গতাই দিয়ে পঞ্জাৱৰ বিদ্ৰোহী নেতা অমৃতপাল সিঙক৷ ডিব্ৰুগড় বিমানবন্দৰৰ পুৰণি টাৰ্মিনেলৰ পৰা আজি বিয়লি ২.৪৫ বজাত কটকটীয়া নিৰাপত্তা আৰু বিশাল কনভয়েৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয় অমৃতপালক৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এন এছ এ আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আইছ’লেশ্যন চেলত ৰখাৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য যে, ১৮ মাৰ্চৰ পৰা পলাতক হৈ থকা অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল৷ আনকি বিদেশলৈ গৈ থকা অৱস্থাত অমৃতপালৰ পত্নীকো গ্ৰেপ্তাৰ কৰিছিল পঞ্জাৱ আৰক্ষীয়ে৷ ইয়াৰ পিছতে আজি পুৱা প্ৰায় ৬ বজাত পঞ্জাৱৰ মগা নামৰ গাঁওখনৰ পৰা গ্ৰেপ্তাৰ কৰে বিদ্ৰোহী নেতাজনক৷ জানিব পৰামতে, মগাৰ স্থানীয় লোকসকলৰ সৈতে পুৱাৰ ভাগত কথা বতৰাও হৈছিল অমৃতপালৰ৷ কিন্তু স্থানীয় লোকে আৰক্ষীক দিয়া খবৰৰ ভিত্তিতেই অমৃতপাল সিং গ্ৰেপ্তাৰ হোৱা বুলি প্ৰকাশ পাইছে৷ উল্লেখ্য যে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানপন্থী সমৰ্থকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰৰ ১৩নং চেলত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ যোৱা ১৯ মাৰ্চত অমৃতপাল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনা হৈছিল৷ দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিঙক অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ৷ ২১ মাৰ্চত পুনৰ পুৱা ৭ বজাত ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পিছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱাণ্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ ইফালে আটাইকেইজন বিদ্ৰোহী নেতাক লৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত৷ অমৃতসৰৰ পৰা বায়ুসেনাৰ বিশেষ বিমানেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনা হৈছিল অমৃতপাল সিঙৰ দেহৰক্ষীক৷ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে পঞ্জাৱ আৰক্ষী আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দলে কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়৷ সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰে-বাহিৰে গঢ়ি তোলা হৈছে নিশ্ছিদ্ৰ নিৰাপত্তা৷ মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ প্ৰায় ডজন কামাণ্ডো৷ বৰ্তমানলৈকে ডেৰ শতাধিক বিদ্ৰোহী নেতাক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে৷ আটাইকেইজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে কঠোৰ আইন৷