Logo
image

শ্ৰীনিৱাসক বিচাৰি নাপাই বেংগালুৰুৰ ঘৰত অসম আৰক্ষীৰ জাননী

আমাৰ অসম,২৪ এপ্ৰিলঃ  অংকিতা দত্তই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিলেও অভিযুক্ত কংগ্ৰেছ নেতাজনে আইনী সুৰক্ষা লাভ কৰিব নেকি, সেয়া এই মুহূৰ্তত দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে৷ কিয়নো অংকিতা দত্তই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনৰ বিৰুদ্ধে যৌনগন্ধী মন্তব্য তথা ব্যৱহাৰৰ অভিযোগত এজাহাৰ দিলেও অসম আৰক্ষীয়ে অভিযুক্ত শ্ৰীনিৱাসক তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ বাবে প্ৰায় ১০ দিনৰ সময় দি জাননী জাৰি কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটকৰ কংগ্ৰেছ  নেতাজনে এই দীঘলীয়া সময়ছোৱাত উচ্ছ ন্যায়ালয়ত জামিনৰ বাবে দ্বাৰস্থ হৈ আইনী সুৰক্ষা লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই সতীৰ্থ তথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসে ছমাহ ধৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ লগতে ৰায়পুৰৰ হোটেলত দেহত স্পৰ্শ কৰি যৌনগন্ধী মন্তব্য কৰাৰ ভয়ংকৰ অভিযোগ তুলি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৫০৯/২৯৪/৩৪১/৩৫২/৩৫৪/৩৫৪ [A] [iv]/৫০৬ আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ ধাৰাৰ আৰোপ কৰি ৬৯২/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰে৷ আনকি এই গোচৰৰ সন্দৰ্ভত অংকিতা দত্তই আদালতত জবানবন্দীও লিপিবদ্ধ কৰোৱায়৷ ইফালে অংকিতাৰ গোচৰৰ ভিত্তিত শ্ৰীনিৱাসক গ্ৰেপ্তাৰৰ বাবে শনিবাৰে সন্ধিয়া গুৱাহাটী যুটীয়া আৰক্ষী আয়ুক্ত প্ৰতীক থুবেৰ নেতৃত্বত প্ত জনীয়া এটা আৰক্ষীৰ দল কৰ্ণাটকলৈ ৰাওনা হয়৷ বুধবাৰে পুৱা স্থানীয় আৰক্ষীৰ সহযোগত বেংগালুৰুৰ ৰাজজিনগৰস্থিত এম চি মোদী ষ্ট্ৰীটৰ বিভি শ্ৰীনিৱাসৰ ৭২৬ [এ] নম্বৰৰ বাসগৃহত উপস্থিত হয় যদিও সেই সময়ত বাসগৃহটোত দুৱাৰত তলা ওলমি আছিল৷ যাৰ পৰিপ্ৰেক্ষিত ঘৰত কোনো মানুহ লাভ নকৰাত গুৱাহাটী আৰক্ষীৰ দলটোৱে শ্ৰীনিৱাসৰ ঘৰৰ প্ৰৱেশদ্বাৰতে দিছপুৰ থানাত হাজিৰ হোৱাৰ বাবে জাননী আঁৰি দিয়ে৷ এ ডি চি পি মৈত্ৰেয়ী ডেকাৰ স্বাক্ষৰিত জাননীখনত শ্ৰীনিৱাসক ২ মে’ৰ দিনৰ ১১ বজাৰ ভিতৰত তদন্তকাৰী আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ কোৱা হৈছে৷ ইফালে শেনটো হৈ যোৱা গুৱাহাটী আৰক্ষীৰ দলটোৱে শ্ৰীনিৱাসক বিচাৰি নাপাই অভিযুক্তজনৰ পিতৃ গৃহলৈও জাননী প্ৰেৰণ কৰে৷ বৰ্তমান গুৱাহাটী আৰক্ষীয়ে বেংগালুৰুতে বাহৰ পাতি আছে যদিও অংকিতা দত্তই এজাহাৰত উল্লেখ কৰা আন এজন অভিযুক্ত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বৰ্ধন যাদৱকো বিচাৰি অভিযান চলোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে তদন্তকাৰী আৰক্ষীয়ে অভিযুক্ত শ্ৰীনিৱাসক থানাত হাজিৰ হোৱাৰ বাবে পৰ্যাপ্ত সময়ত দিয়াত এতিয়া অভিযুক্তজনে আদালতত দ্বাৰস্থ হৈ অন্তৱৰ্তীকালীন আইনী সুৰক্ষা লাভ কৰাৰ পথ মুকলি হ’ল৷ ইফালে কংগ্ৰেছৰ যুৱ সভাপতিজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে বিচাৰি যোৱা কাৰ্যক সমালোচনা কৰি নিখিল ভাৰত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰণদীপ সিং সূৰ্যেৱালাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আসনত অধীনিস্থ হ’বলৈ বিচাৰি এনে কাৰ্য কৰা বুলিও কটাক্ষ কৰিছে৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ অভিযোগ অস্বীকাৰ কৰি শ্ৰীনিৱাসৰ বিৰুদ্ধে আৰক্ষীয়ে আইনমতেহে ব্যৱস্থা লৈছে বুলি টুইট যোগে স্পষ্ট কৰি দিছে৷

টুইটাৰত সক্ৰিয় ‘পলাতক’ শ্ৰীনিৱাস

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ অৱশ্যে শ্ৰীনিৱাসক বিচাৰি গুৱাহাটী আৰক্ষীয়ে বেংগালুৰুত অভিযান চলাই মুখঠেকেচা খাবলগীয়া হ’লেও দেওবাৰে টুইটাৰত সক্ৰিয় হৈ থকা দেখা গ’ল যুৱ কংগ্ৰেছৰ অভিযুক্ত ৰাষ্ট্ৰীয় সভাপতিজনক৷ সামাজিক মাধ্যমত সক্ৰিয় হৈ থকাই নহয়, অসমৰ মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে কংগ্ৰেছ নেতাজনে৷ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ভুৱা গোচৰত তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ ৰচনা কৰাৰো অভিযোগ কৰিছে কংগ্ৰেছ নেতা শ্ৰীনিৱাসে৷ বিজেপি সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দেশৰ মহিলা মল্লযোদ্ধাসকলে যৌন নিৰ্যাতনৰ অভিযোগ তোলাৰ পিছতো ব্যৱস্থা নোলোৱা বিষয়টোক লৈ মল্লযোদ্ধাসকলে সংবাদ মেল সম্বোধন কৰা এটা ভিডিঅ’ টুইটাৰত আপলোড কৰি যুৱ কংগ্ৰেছী শ্ৰীনিৱাসে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লিখিছে এইদৰে– ‘বিগত পাঁচ দিন ধৰি অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৰ্ণাটকত প্ৰচাৰ বন্ধ কৰিবলৈ মোৰ বিৰুদ্ধে ভুৱা গোচৰ উত্থাপন কৰা হৈছে৷ কিন্তু দেশৰ অলিম্পিয়ানসকলে কেইবা মাহ ধৰি বিজেপি সাংসদৰ ওপৰত নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আহিছে৷ ক’ত এজাহাৰ? ক’ত বিজেপি আৰু সংস্থাসমূহ?’ উল্লেখ্য দিল্লীৰ যন্তৰ-মন্তৰত কেইদিনমান পূৰ্বে একাংশ অলিম্পিক খেলুৱৈ বজৰং পুনিয়া, বিনেছ ফোগট, সাক্ষী মালিক আদিয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ২৩ জানুৱাৰীৰ প্ৰতিবাদৰ ভিডিঅ’টোকে কংগ্ৰেছ নেতা শ্ৰীনিৱাসে টুইটাৰত আপলোড কৰিছে৷ ভিডিঅ’টোত প্ৰায় তিনি মাহ ধৰি মানসিক নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি খেলুৱৈসকলে অভিযোগ উত্থাপন কৰিছিল৷ ভাৰতৰ সাতগৰাকী মহিলা মল্লযোদ্ধাই ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ [ডব্লিউএফআই] সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷