Logo
image

মোদী-শ্বাহক প্ৰত্যাহ্বান জনাই কৰ্ণাটকৰ ভোটযুদ্ধত ৰাহুল

আমাৰ অসম,২৪ এপ্ৰিলঃ  কৰ্ণাটক দখলৰ বাবে শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজত অব্যাহত আছে তুমুল ৰাজনৈতিক যুদ্ধ৷ এক কথাত ক’বলৈ গ’লে দেশৰ ৰাজনীতিৰ এতিয়া ‘হট বেড’ হৈ পৰিছে কৰ্ণাটক৷ অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটকৰ ২২৪খন আসনৰ বাবে বিধানসভাৰ নিৰ্বাচন৷ ১৩ মে’ত ঘোষিত হ’ব  ফলাফল৷ নিৰ্বাচনলৈ মাজত এটা পষেক বাকী থকা অৱস্থাত তুংগত হৈছে ৰাজনৈতিক গতিবিধি৷ শাসকীয় বিজেপিৰ বাবে যিকোনো প্ৰকাৰে কৰ্ণাটক পুনৰ নিজৰ হাতত ৰখাটো এতিয়া সন্মানৰ প্ৰশ্ন৷ কৰ্ণাটকৰ বৰ্তমানৰ বিজেপিৰ মুখ্যমন্ত্ৰী বাচাভাৰাজ বোমাইৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা ৪০ শতাংশ কমিচন, দুৰ্নীতিৰ অভিযোগ তথা টিকট বঞ্চিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি জাকে জাকে বিজেপি নেতাৰ দলত্যাগ আৰু কংগ্ৰেছত যোগদানে শংকিত কৰি তুলিছে বিজেপিৰ হাইকমাণ্ডক৷ জানিব পৰামতে দলীয় টিকটৰ পৰা বঞ্চিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছেটাৰৰ লগতে ৰঘুপতি ভাট, এছ অংগাৰা, ড॰ শিৱনাথ, লক্ষ্মণ ছৱাৰী, ৰামাপ্পা লামানীসহ ৪০ জনকৈ বিজেপিৰ শীৰ্ষ নেতাই বিজেপি ত্যাগ কৰিছে৷ এইসকলৰ ভিতৰত ৰঘুপতি ভাট কৰ্ণাটকৰ হিজাব বিতৰ্ক তথা ধ্ৰুৱীকৰণ ৰাজনীতিৰ অন্যতম প্ৰৱক্তা আছিল৷ বিজেপিৰ প্ৰাৰ্থী তালিকাত ব্যাপক বংশবাদৰো প্ৰতিফলন হোৱা বুলিও অভিযোগ উঠিছে৷ এনে প্ৰেক্ষাপটত কৰ্ণাটক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ২০খনকৈ নিৰ্বাচনী ৰে’লী তথা ৰ’ড শ্ব’ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই কুৰি দিনতকৈ অধিক সময় কৰ্ণাটকতে কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইতিমধ্যে যোৱা ৯ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমখন নিৰ্বাচনী সভা তথা ৰ’ডশ্বৰে প্ৰচাৰৰ আৰম্ভণি কৰিছে৷ শনিবাৰে কৰ্ণাটকতে বাহৰ পাতি অমিত শ্বাহে ঘোষণা কৰিছে যে কৰ্ণাটকৰ জনসাধাৰণে পুনৰ ডাৱল ইঞ্জিনৰ চৰকাৰক আদৰি ল’ব৷ ইফালে আজি মোদী-অমিত শ্বাহক প্ৰত্যাহ্বান জনাই কৰ্ণাটকৰ ভোটযুদ্ধত নামি পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ ৰাহুল গান্ধী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকত উপস্থিত হয় আৰু বিজয়পুৰত এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে৷ তেওঁ ইয়াৰ পূৰ্বে গুৰু বাসৱানা জয়ন্তীৰ এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰি বিজেপিৰ পক্ষত থকা লিংগায়ত ভোট বেংকো নিজৰ ফালে অনাৰ চেষ্টা চলায়৷ লিংগায়ত সম্প্ৰদায়ৰ শীৰ্ষ নেতা তথা বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছেটাৰে আজি ৰাহুল গান্ধীক সাক্ষাৎ কৰে৷ এই সাক্ষাতেও বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য যে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ ভোক্কালিংগা সম্প্ৰদায়ৰ নেতা আৰু কৰ্ণাটকৰ ৰাজনীতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ সেই সম্প্ৰদায়ৰ সমৰ্থন ইতিমধ্যে কংগ্ৰেছৰ লগত থকা বুলি ধাৰণা কৰা হৈছে৷ কৰ্ণাটকত কংগ্ৰেছৰ শক্তিশালী স্থিতিৰ মূল হোতাই হৈছে ডি কে শিৱকুমাৰ৷ ইয়াৰ মাজতে যোৱা পাঁচ এপ্ৰিলৰ পৰা কৰ্ণাটকত স্থানীয় গাখীৰৰ নন্দিনী ব্ৰেণ্ড আৰু গুজৰাটৰ পৰা আমদানি হোৱা আমুল ব্ৰেণ্ডৰ যুঁজখনে বিশেষ আকৰ্ষণ লাভ কৰিছে৷ কৰ্ণাটক কংগ্ৰেছৰ প্ৰধান মুখ ডি কে শিৱ কুমাৰে স্থানীয় নন্দিনী বেণ্ডলৈ সমৰ্থন জনাই কৰ্ণাটকৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা থকা ১২০-১৩০টা সমষ্টিত নিজৰ ভোট মজবুত কৰা বুলিও চৰ্চা হৈছে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মায়ো বিজেপি ষ্টাৰ কেম্পেইনাৰ হিচাপে কৰ্ণাটকত পচিশখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব৷